প্ৰেম এক সুৰৰ গাথা-০১

Rinku Rajowar
0
প্ৰথমে মই সকলোলৈকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ, মই লিখিবলৈ আৰম্ভ কৰা।  ''প্ৰেম এক সুৰৰ গাথা''   শীৰ্ষক কাহিনীটি আপোনালোকলৈ আগবঢ়াইছো, ৰোমান্টিক ভাৱৰ প্ৰতিচ্ছবিৰ লগতে এক প্ৰেম ভালপোৱাৰ মধুৰ যাত্ৰা দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ,আশা কৰোঁ সকলোৱে কাহিনীটো আদৰি লৈ, মীনাক্ষী আৰু অংকুৰৰ সপোনৰ যাত্ৰাৰ সমভাগী হ'ব।।।  
আন দিনৰ দৰেই সেইদিনাও(২০১৯চনৰ নবেম্বৰ মাহৰ ২৪ তাৰিখ) মীনাক্ষীয়ে সন্ধিয়া, পৰীক্ষা শেষ হ'ব আৰু সেই ভাবেৰে চাহ খাই পঢ়াৰ টেবুলতে বঢ়ি কিতাপখন মেলিবলৈ আৰম্ভ কৰোতেই, কিতাপখনৰ কাষতে থকা মোবাইলৰ স্কিনখন পোহৰ হৈ গ'ল।তাই ভাবিলে কোন বা চাও চোন, দেখিলে ফাৰহানাই মেচেজ দিছে—" ঐ" 
       —ওম কোৱাচোন
      —শুনা না মীনাক্ষী, তোমাক কথা এটা কও বেয়া নাপাবা দেই,
      —কোৱা কি কথা!
      —মোৰ লগৰ ল'ৰা এটাই ভাল ছোৱালী এজনী বিচাৰিছে, তোমাৰ কথা কৈছোঁ মই, তুমি কথা পাতি চাবা।
      — কি, মই আগতেই ভাবিছিলো নহয় কাকো ভাল নাপাও আৰু এতিয়া কেৱল পঢ়াৰ কথাহে ভাবিম বুলি,
    —একো নহয় ঔ, তুমি মাত্ৰ কথা পাতি চাবা, ভাল লাগিলে কবা আৰু,,,,
      —বাৰু!
(তেনেতে ফাৰহানাই সেই লৰাটোক মীনাক্ষীৰ নাম্বাৰ দিলে আৰু সি মেচেজ দিলে তাইলৈ)
    বেছি কথা একোকে কবলৈ নাপালেই সি,ফাৰহানাই মীনাক্ষীলৈ মেচেজ দিলে যে—
     — মীনাক্ষী শুনাচোন,সি যে আমাৰ লগৰ ৰিম্পিৰ ex আছিল,বেয়া নাপাবা হা, মই পাহৰিয়েই গ'লো, তোমাক কবলৈ,
      —অহ, ঠিক আছে, মোৰো কিবা ল'ৰাটো ভাল লগা নাই ।
(তেনেতে মীনাক্ষী আৰু ফাৰহানাৰ লগৰ ৰিপ্তিকাই ও মেচেজ দি মীনাক্ষীক ক'লে সেই লৰাটোৰ বৰ্ণনা.....)
     এইবাৰ ৰিপ্তিকাই ক'লে,
—মীনাক্ষী মোৰ দাদা এজন আছে, বহুত ভাল ল'ৰা সি, আগতে ফাৰহানা, মই পঢ়া জুনিয়ৰ কলেজখনতে সিও পঢ়িছিল। বহুত ভাল হয় সি আগতেই মোক কৈছিল ছোৱালী এজনী বিচাৰি দিব লাগে তাক, তুমি কথা পাতি চাবা,ভাল হয় সি।।
      — হেই, কি হৈছে আজি তোমালোক দুয়োজনীৰে আজি ঔ,ইমান ল'ৰা দেখাইছা যে,,,
     — ভাল হয় সি ঔ, বিশ্বাস কৰা মোক তাৰ কোনো 'girlfriend' নাছিল আগতে ঔ,ক'ৰবালৈ ওলাই গ'লেও সি যে মাকৰ সৈতেহে যায় আৰু তাক মানে"কলিতা"মানুহৰ ছোৱালী লাগে,সি টাইম পাছ নকৰে অ',,
    — ওম, কিবা পঢ়ি আছে নে সি?
     —অ,টাউনৰ চেন্টেল কলেজত পঢ়ে,5th semester ৰৰ পৰীক্ষা হৈ আছে,ৰবা মই তাক কও দেই, তোমাৰ কথা।
   আগলৈ,,

✍️ময়ুৰী শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)