প্ৰভাতী বাৰ্তা

©Admin
0
কৰ্মই মানুহক মানুহৰূপে গঢ় দিয়ে আৰু ভাগ্যই মানুহক পুতলাৰূপে গঢ় দিয়ে ৷ কিয়নো কৰ্ম বাস্তৱৰ ওপৰত নিৰ্ভৰশীল আৰু ভাগ্য কল্পনাৰ ওপৰত নিৰ্ভৰশীল ৷ বাস্তৱৰ সকলোবোৰেই সত্য,কিন্তু প্ৰত্যেক কল্পনা সত্য নহবও পাৰে ৷ অত্যধিক কল্পনা প্ৰৱণতাই মানুহক গতিভ্ৰষ্ট কৰে ৷ মানুহে যেতিয়া কেৱল ভাগ্যক ন্যস্ত ৰাখি কৰ্ম কৰিবলৈ আৰম্ভ কৰে তেতিয়া মানুহ পুতলা হৈ পৰে,  এক সময়ৰ বাবে মানুহৰ জীৱনটোক পুতলা আৰু পুতলা নচোৱা ৰছীকেইডালক যদি ভাগ্য বুলি ভাবি লওঁ, ৰছি কেইডালৰ স্বয়ং অস্তীত্ব নাই,  সেই নচুৱা ৰছীকেইডালো কাৰোবাৰ অপেক্ষাত থাকে ৷ কোনোবা আহিব এদিন আৰু মোক নচুৱাব ৷ গতিকে ভাগ্যক লৈ জীয়াই থকা মানুহৰ জীৱনো অস্তীত্বহীন হৈ পৰে ৷ কিন্তু যি মানুহে কৰ্মৰ ওপৰত বিশ্বাস ৰাখে সেই মানুহ অতি সহজে জয়-পৰাজয়,আনন্দ-বিষাদ-সুখ-দোষ আদিত নিৰ্লিপ্ত হৈ নপৰে ৷ সেই মানুহ মানসিক ভাৱে খুবেই সৱল হয় ৷ সেই মানুহৰ অস্তীত্ব শতগুণে বৃদ্ধি হয় আৰু সময়ত তেওঁ অমৰ হৈ পৰে ৷
     কৰ্ম কৰা, কৰ্মই মানুহক মানুহ ৰূপে গঢ় দিয়ে  ।

🖋️দিব্যজ্যোতি ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)