আজি হৃদয়খন নিলাম কৰিম।
আহিবা
সময় পালে ,
নিলামৰ অংশীদাৰ হ'বা ।
সময় আবেলি
যেতিয়া নদীত গা-ধোৱে ৰান্ধনি বেলি।
স্থান
চিনাকি নদীৰ পলসুৱা ঘাট।
কঁহুৱাৰ মাজে মাজে
দীঘলীয়া বাট।
আহিবা
হ'বা নিলামৰ অংশীদাৰ
নালাগে আনিব জোন, বলি, তৰা।
নালাগে ঐশ্বৰ্য ,নালাগে বিভূতি বৈভৱ,
ধনেৰেও কিনিব নোৱাৰিবা
নিলামিত হৃদয়।
লাগে মাথো অলপ শব্দ
যি শব্দৰে জিনিব ঠুনুকা হৃদয়।
যি হ'ব মোৰ সৃষ্টিৰ উৎস।
আহিবা
পাৰিলে আনিবা এবুজা শব্দ
তাৰেই নিলাম কৰিম হৃদয়।
📝প্ৰবীণ দত্ত
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ