আদিম মানুহৰ সভ্যতা বিকাশৰ কাহিনী -বীৰ কণদেৱতা- ০৩

©Admin
0

জুই আৱিষ্কাৰ হোৱাৰ পৰাই আৰম্ভ হ'ল এক নৱ সভ্যতাৰ ৷ মাছ, মাংস আদি সিজাই খাবলৈ ধৰিলে ৷ কণদেৱতাৰ নেতৃত্বত সিহঁতৰ দলটো অতি সুখেৰে দিন কটাবলৈ ধৰিলে ৷

এদিনাখনৰ কথা সকলোৱে খাই বই গছৰ তলত শুকান পাতৰ বিচনা পাতি শুবলৈ প্ৰস্তুত হৈছে , সেইসময়তে সিংহ এটা কোনোবাফালৰপৰা আহিলত সিংহক দেখি সিহঁতৰ মাজত আতংকৰ সৃষ্টি হ'ল ৷ মুখীয়াই সকলোকে শান্ত আৰু ধৈৰ্য্য ধৰিবলৈ ক’লে 

" আপোনালোকে এনেদৰে ভয় নাখাব যেতিয়ালৈকে আমাৰ লগত কণদেৱতা আছে "

 কণদেৱতাই ক’লে হয় মুখীয়া আদেশৰ পালন কৰক সকলোৱে গছৰ খোৰোঙত সোমাই যাওঁক এই দুষ্ট পশুটোক মই এসেকা দিহে এৰিম "

সকলোৱে কণদেৱতাৰ কথামতে গৈ গছৰ খোৰোঙত সোমাল ৷ কণদেৱতাই লাঠী এডাল লৈ তাত শুকান পাত বান্ধি জুই লগাই দি সিংহটোৰ পিনে চোঁচা লৈ গ'ল জুইক দেখি সিংহ তাৰপৰা পলাল ৷ কণদেৱতাৰ সাহস দেখি সকলোৱে তাক প্ৰণাম জনাই জয় ধবনি দিলে ৷ মুখীয়াই কণদেৱতাৰ আগত আঁঠুকাঢ়ি হাত যোৰ কৰি ক'লে

" কণদেৱতা আজি আপোনাৰ শক্তি দেখিলো সঁচাকৈ আপুনি আমাৰ দেৱতা বীৰ কণদেৱতা কী জয় লগেলগে একেসুৰে আকাশ নভ ৰজন জনাই জয় ধ্বনিত ৷

কণদেৱতাই ক'লে 

" আপোনালোকে মোক ইমান মান দিয়াৰ কোনো প্ৰয়োজন নাই এয়াতো আপোনালোকেও কৰিব পাৰে "

মুখীয়াই হাত যোৰ কৰি ক'লে

" ক্ষমা কৰিব কণদেৱতা আপোনাৰ দৰে আমাৰ ইমান বুদ্ধি বল নাই আপুনি অসীম বলৱান আপোনাৰ দৰে বীৰ এই ধৰাত আৰু কোনো নাই আপোনাক কোটি কোটি প্ৰণাম বলক শুবলৈ "

 সকলোৱে নিচিন্তে টোপনি গ'ল ৷

             আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)