বাৰ্তা

©Admin
0
সমাজ ব্যক্তিৰ আচৰণ
ব্যক্তি সমাজৰ সাকো,
বৈজ্ঞানিক দৃষ্টি, বৈদেশিক নীতি
চোৰাংচোৱাৰ পথ।

ক্ষমতা জীৱিকাৰ মূল উপায়
চলে যোৰ যাৰ মুলুক তাৰ,
হৰিজনেও কৰে চুৰি কাৰ্য
কেউপিনে আজিও অপৰাধ।

চলিয়েই আছে নিৰ্যাতন
নিৰাপত্তাহীন ব্যৱস্থা হয় কেন্দ্ৰবিহীন,
আদালত,ন্যায়ালয় বৰ্তমান যুক্তিহীন!
বলীৰ আসন নিৰাপত্তা;দুৰ্বলীক দিয়ে দুৰ্বলতাৰ ধাৰণা।

সমাজ আছে সামাজিক বিহীন
মানুহ বিহীন মানৱতা,
বিশ্ব শান্তিৰ চকীত বহিবলৈ অভাৱ কেৱল জ্ঞানী ৰজা।

হে মানৱ প্ৰেমী দেশৰ গৌৰৱ
দিওঁ পোহৰ বিলাই বিশ্বৰ দুঁৱাৰ দলিত,
নাৰাখি ভেদ-ভাৱ,নকৰি শোষণ
নিচাৰভাৱ আঁতৰাই
গঢ়ো সত্য সাধক নিকা সমাজ।

              ‌              
📝জয়া বড়ি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)