জীৱনৰ সাধু-০৪

Rinku Rajowar
0
আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দীৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে  প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ  সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••

   পৰীৰ সাধু শুনি খুব ভাল পাইছিল সৰুতে তাই ৷ মই তেজস্বিনীৰ ঘৰলৈ যাবই নোৱাৰো মোৰ পিছ নেৰিছিল তাই, বোলে পৰীৰ সাধু কব লাগে ৷ সাধু কিমান কি যে সাধু অন্তৰখনত সামৰি ৰাখে মানুহে ৷ পৰীৰ হাতত থকা চিকমিকাই থকা মাৰি ডাল ঘূৰাই দিলেই অসম্ভৱো সম্ভৱ হৈ যায় পৰীয়ে সেইবেৰ শুনি খুব ৰং পায় ৷ সাধুবোৰ যে অমায়িক নহয়নে?  গছে কথা কয়,  ৰজাই কথা কয়,  বাঘে পিঠা বনায়,  গছৰ পৰাই মানুহৰ জন্ম হয় কি যে অপূৰ্ব ৷ ঠিক সেইদৰে জীৱনটোতো যদি তেনেদৰে কিবা ঠান-ঠিত মাৰিব পৰা হ'লে পৰীয়ে চাগে সদায় জীৱনৰ সাধুকে শুনাবলৈ মোক ক'লে হয় ৷ পৰীৰ ধেমালি খেলি খেলি মৰমতে নাম ৰাখি দিছিলো পৰী ৷ বিয়া হোৱাৰ এটা বছৰৰ পিছতে বাস্তৱতঃ এজনী পৰীৰ জন্ম হৈছিল ৷ ডাঙৰ হৈছিল লাহে লাহে পৰী ৷ লাহে লাহে ডাঙৰ হৈ বিয়াগুম জনী হোৱা পৰীয়ে সিদিনা চিঞৰ মাৰি দিছিল - "মা..." ৷ চাৰি বছৰ বয়সৰ মগজুৰে বুজা নুবুজাৰ সন্ধিক্ষণত তাই বুজি উঠিছিল হয়তো মহীষাসুৰৰ দ্বাৰা দুৰ্গতিনাশিনীৰ মৃত্যু হৈছে ৷

     তেজস্বিনী গভীৰ নিদ্ৰাত, বন্ধ কোঠাটোৰ পৰা পৰীয়ে চিঞৰি চিঞৰি মাকক শুৱাৰ পৰা উঠাবলৈ চেষ্টা কৰিছিল ৷ মোৰ হৃদয়খনে কৈ পেলাইছিল "আইজনী অ, পৰীৰ সাধুত পৰী পুনৰ জী উঠিব পাৰে কিন্তু জীৱনৰ সাধুত কোনোবা এবাৰ হেৰা গ'ল পুনৰ জী উঠিব নোৱাৰে অ ৷ "

        খুৰাক মোৰ পিছৰ চিটত বহুৱালোঁ আৰু যিমান পাৰোঁ সোনকালে পুনে থানালৈ বুলি বাট ল'লো ৷ প্ৰায় পোন্ধৰ মিনিট সময় লাগিছিল থানা পাওঁতে ৷ আনফালে জ্যোতিপুৰ ৰাজহুৱা শ্মসানলৈ লৈ গৈছিল সিঁহতে তেজস্বিনীৰ মৃতদেহটোক ৷ মোৰ হাতত সময়ৰ বৰ অভাৱ হৈ পৰিছিল ৷ মনত বহুত বেছি সাহস কৰি খুৰাক বাহিৰতে ৰখাই থানাৰ ভিতৰলৈ মই সোমাই গৈছিলো ৷ থানাত যিসকল পুলিচ আছিল সকলোৱে যি যেনেকৈ পাৰে যেনে তেনে য'তে-ত'তে বাগৰি ৰাতিৰ ডিউটি শেষ কৰিব বিচাৰিছিল ৷

    - "চোৰ চোৰ,পুনে থানাৰ পৰা চোৰ লকাপৰ পৰা পলাল৷" 

   ধৰ ধৰ

   মাৰ মাৰ

   ধৰ ধৰ " 

     ইহঁতৰ লগত মৌন হৈ কথা পাতিলে নহ'ব ৷ ইহতঁৰ দৰে পুলিচৰ বাবেই দেশৰ সমগ্ৰ পুলিচ জাতিটো প্ৰদূষিত হৈছে ৷ ইহঁতৰ দৰে এচামেই নাৰীক অৱলা,  শক্তিহীন জ্ঞান কৰি মেহগনি পালেঙত শুৱাৰ প্ৰস্তাৱ দিয়ে কিন্তু ... কিন্তু ইহঁতে নাজানে যে সেই অৱলা নাৰীক শাস্ত্ৰত কুন্তী,মন্দোদৰী,দ্ৰৌপদীৰ দৰে  যি শান্ত স্থান দিছে ঠিক আনহাতে দুৰ্গা,কালি,মহামায়াৰ দৰে ৰৌদ্ৰ স্থানো দিছে ৷

     মই মিছাকৈ কৰা হুলস্থুলখনত থানাৰ সকলোবোৰ পুলিচ সাৰ পায় উঠিল ৷ নিজৰ মাজতেই হৈ-চৈ লাগিবলৈ ধৰিলে ৷ কিমান যে অকমন্য নহয়নে এই পুলিচবোৰ ৷

   - আপোনালোকৰ থানাৰ বান্ধোনৰ পৰা দুটা চোৰ পলাইছে ৷

   - মিছা কথা ৷

   - ই সম্পূৰ্ণ সচা কথা ৷ মোৰ মুখেৰে মিছা মাতিলেও মোৰ মোবাইলৰ ভিডিঅটোৱেটো মিছা মাতিব নোৱাৰে ৷ চাওঁক হাবিলদাৰ চাহাব,  আপোনালোকে দেশ ৰক্ষাৰ নামত প্ৰকৃততে নাইট ডিউটিত যি ভেকো-ভাওনা কৰি আছে সেইবোৰ চব মোৰ মোবাইল কেমেৰাত বন্দি কৰি ৰাখিলোঁ ইতিমধ্যে ৷ আৰু যদি মই এইবোৰ আপোনাৰ ওপৰৱালাক দেখুৱাওঁ তেন্তে মিছাতেই আপোনালোকে চাকৰিৰ পৰা নিলম্বিত হবলগীয়া হব পাৰে ৷ গতিকে মই যি কৈছো সেয়া গুৰুত্বসহকাৰে লৈ মোক সহায় কৰক ৷"

  - তুমি আমাৰ লগত ব্লেকমেইল কৰিছা ৷

  - নাইকৰা ছাৰ, কিয় কৰিম বাৰু ব্লেকমেইল কিন্তু এটা কথা কিন্তু আপোনাক কৈ থ'লো আজি যিখন মুখেৰে মোক ফোনত অশালীনতাৰ প্ৰস্তাৱ দিছিল সেইমুখনক যদি মই ঠেকেচি ঠেকেচি ৰাংকুকুৰজাকক খোৱাব নোৱাৰো তেন্তে মোৰ নামো ডাক্টৰ ৰাগিনী বৰদলৈ নহয় ৷ হয় সেইখন মুখ মই গুড়ি কৰিম নহ'লে এইখন থানাতে আপুনি অপৰাধী হিচাপে থাকি সমাজৰ ভাল পুলিচৰ লাঠিৰ কোব খাৱ লাগিব ৷ যেতিয়া লাঠিৰ কোব খায় খায় গৰুৰ দৰে বেবাব তেতিয়া বুজিব বিপদত পৰা মানুহৰ লগত কিদৰে ব্যৱহাৰ কৰিব লাগে ৷

▪▪▪▪▪▪▪▪▪
   ( কেনেকৈ জানিবি তই? জোনৰ পোহৰতেই সাহস নহয় তোৰ, কেনেকৈ বেলিৰ পোহৰত আহিবি?  নক'বি অংকুৰ, পোহৰৰ ৰশ্মি এদিন নহয় এদিন আমাৰ গাত পৰিবই ৷ কিন্তু সেইদিনো আঙুলিয়ে গন্তি কৰিব নোৱাৰাকৈ হয়তো দীঘল ৷ দুটা বছৰে দুটি সন্তান জন্ম দি উজাগৰে থাকিলো ৷ সেমেকি উঠে দুটি বাদামগুটি - তেজস্বিনী ) 

   সিদিনাখন বতৰ খুব বেয়া   বিজুলি- ঢেৰেকনিৰে বাট নুবুলা অৱস্থা ৷ ইফালে দৰা আহিব আহিব বুলি বহি থকা গাওঁৰ মানুহ কেইজনো শেষত গৈ আঙুলিৰ মূৰত গণিব পৰা হৈছিল ৷ তেজস্বিনীৰ চকুৰে বাট নধৰা অৱস্থা ৷হয়তো মইও ভাবিছিলো, তেজস্বিনীৰ সমুখত সেইভাব দেখুৱাই দিয়া নাছিলো ৷ অৱশেষত গৈ যোতিয়া অংকুৰ দৰা হৈ আহিল তেতিয়াহে সকলোৰে মুখলৈ প্ৰশান্তি ঘূৰি আহিল ৷ দিনবোৰ গ'ল, এজনী পৰি আহিল সিহঁত দুয়োৰে জীৱনলৈ ৷

   হেৰাইযোৱা কিছুমান ৰাতিয়ে আমনি কৰিছিল তাইক ৷ কেতিয়াবা কব বিচাৰিও থমকি ৰৈছিল তেজস্বিনী ... দুটা বছৰৰ ভিতৰতে দুজনীকে পৰীৰ জন্ম দি তেজস্বিনীয়ে নিজৰ সংসাৰ আৰু আগবঢ়াই নিছিল ৷ জীৱনত যিমান প্ৰয়োজনীয় কিবা এটা উপভোগ কৰাটো সিমানেই প্ৰয়োজনীয় কিবা এটা হেৰা পাবলৈ ৷ যদি উপভোগ কৰি থকাখিনিক কেতিয়াওক জীৱনত হেৰুৱাৰ সুযোগ পোৱা নহয় তেন্তে পায় থকাখিনিও মূল্যহীন,অমূলক হৈ পৰে ৷ দুটাবছৰৰ পিছৰ পৰা তেজস্বিনীয়ে সেই আগৰ ৰাতিবোৰ হেৰুৱাৰ ঝংকাৰত চকু সেমেকাই ৰাখিছিল ৷ তেজস্বিনীয়ে ৰাতিবোৰ ভাগ কৰিছিল ৷ ৰাতিটোৰ ভিন ভিন সময়ত দুৱাৰত খট-খটনি মাৰিছিল অংকুৰে আৰু তেজস্বিনীয়ে দুয়োজনী পৰীকে আচলৰে বেৰি দুৱাৰ খুলি দিছিল ৷

      হঠাৎ আহি পুনে থানাৰ S I ছাৰ মোৰ সমুখত উপস্থিত হ'লহি ৷ মোলৈ ঠিৰ হৈ চাইছিল, চকু ক্ৰমান্বয়ে ৰঙাৰ পৰা ৰাঙলী হবলৈ ধৰিছিল ৷
(আগলৈ)

🖋️দিব্যজ্যোতি ৰাজখোৱা,দেৰগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)