নহ'ল পঢ়ুৱৈৰ হৃদয় ঝংকাৰিত
ন'হল স্ব-স্পন্দিত।
প্ৰতীকৰ বিপৰীতে প্ৰতিবিম্বিত
এখন ফটা লাঙি জাল।
সৌন্দৰ্যৰ বিপৰীতে
সৌন্দয্যবিহীনতাৰ মায়াজাল
পোছাকৰ বিপৰীতে
শব্দৰ শৰীৰত ফটা কামিজ ।
আত্মশ্লাঘাৰ বিপৰীতে
সুহৃদ পাঠক নন্দঘোষ ।
টান নৰীয়াত এটা কবিতা
চটফটাই আছিল ।
সেয়ে কবিতাটোৰ
অকাল মৃত্যু হ'ল ।
অপাৰেচন থিয়েটাৰত
এটা শল্য চিকিৎসাৰ
বৰ প্ৰয়োজন আছিল ।
হয়তো কবিতাটো
জীয়াই থাকিলহেঁতেন ।
📝সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ