নিজানত গছৰ গুটি খাই
ওমলা চৰাই জাক
স্মৃতি টোপোলা লৈ উৰি গল।
ভাগৰত জিৰণি ললে
ঠিকনা বিহীন চৰাই জাকে
বৰগছৰ তলত।
আশাৰ বন্যা হেঁপাহৰ টোপোলা ।
মেলিছে পনীয়া সোনৰ
কিতাপৰ পাতনি ।
সপোনৰ আঁৰে আঁৰে
শৰতৰ ব্যাকুলতা
গেৰধৰা সেউজীয়া পথাৰ
মাগুৰী বিলত মাছ কাছৰ ধেমালি ।
বিলৰ পাৰত জলপৰী
ৰঙা হালধীয়া ফুলৰ মাজে
ভিন্ন পখিলাৰ সাজোন ।
ভোমোৰাৰ গুনগুননি ।
বৰ গছৰ বক্ষ ফালি
স্মৃতি তোৰণ ।
ক'তযে সপোন
ধৰিব নোৱাৰি বাস্তৱ
সমাজৰ মেৰপাক ।
বিষন্নতা সাবতি
সময়ৰ সোঁতত বৈ যায় ।
চৰাই জাকে জিৰাব বিচাৰে
সপোনৰ ছাঁত ।
নিবিচাৰে ৰাইজৰ চোতালত
দুখৰ পাঠ।
গছৰ গুটি খাই ওমলা
চৰাই জাক উৰি গুছি গ'ল
স্মৃতি টোপোলাত ভগ্ন হৃদয়
পাছে পাছে মৃত্যুৰ ছাঁ ।
📝হিৰণ্য চেতিয়া গগৈ
টেঙাখাত ডিব্ৰুগড় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ