মোৰ মনত পুহি ৰখা বা কৰিম বুলি ভৱা সকলো কামেই আনৰ কাৰণে সুবিধা জনক নহয়।সুবিধা জনক হ'ব ক'ৰ পৰা কাৰণ আজি-কালি কোনেও কাকো বিনা স্বাৰ্থত সহায় কৰিব নিবিচাৰে।কিন্তু মই সেইটো কথা নাভাবো যে মানুহক কৰিব নালাগে,মই এইটো কথা হে ভাবো যে মানুহে মানুহক সহায় কৰিব লাগে।আটাইতকৈ ডাঙৰ কথাটো হ'ল মানুহৰ জীৱনত বিশ্বাস।যদি আমি মানুহৰ জন্ম লৈও মানুহক বিশ্বাস নকৰো তেনেহ'লে কিহৰ জন্ম লৈ বিশ্বাস কৰিম?
আৰু এটা কথা মানুহে মানুহৰ প্ৰতি বিশ্বাস ৰাখিহে সহায় কৰিব লাগে অবিশ্বাসৰ চকুৰে কেতিয়াও সহায় কৰিব নালাগে নহ'লে নিজেই কেতিয়াবা বিপদৰ সন্মুখিন হ'ব লগা হয়।
আৰু অবিশ্বাস সদায় বিপদৰ বন্ধু।
দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ