লকডাউনৰ দিনকেইটা ভূষণে চাটি-ফুটিকৈ পাৰ কৰিছে । এবাৰ পদূলিমুখ, এবাৰ পাকঘৰ, একোবত আকৌ শোৱনীকোঠা- মুঠতে ক'তো থাকি সি শান্তি পোৱা নাই । দিনৰ পাছত দিন ঘৰৰ ভিতৰত সোমাই থকাটোও একপ্ৰকাৰ কাৰাবাসৰ দৰেই অনুভৱ হৈছে ভূষণৰ ।
ঘৈণীয়েক জিতাই চাহ একাপ যাচি গ'লহি । ঘৰত সোমাই কি কৰো, ক'লৈ যাওঁ কৰি থকা ভূষণ আৰু ল'ৰা ছোৱালী হালক পূজি তাই ততেই পোৱা নাই । সকলোৰে বেলেগ বেলেগ আবদাৰ, বেলেগ বেলেগ খাদ্যমেনু ।
ভূষণৰ হঠাৎ মনত পৰিল কৰ'ণাকালৰ এমাহমান অাগৰেপৰা জিতাই তাক কুটুৰী আছিল, " হেৰা, ব'লাছোন দাদাহতঁৰ ঘৰৰ পৰা পাক এটা মাৰি
আহোগৈ, ঘৰত সোমাই সোমাই বৰ আমনি লাগিছে অ' ।" একেৰাহে কেইবাদিনো একেটা কথা শুনি বিৰক্তিৰে ভূষণে তেতিয়া কৈছিল, "এহ, কিমান নো অ'ত যাওঁ ত'ত যাওঁ কৰি নাথাকাহে । গৰমৰ বন্ধত ইহঁতহালক লৈ একেলগে যাবা । এতিয়া যোৱাচোন গৰম পকৰিৰ সতে চাহ একাপ কৰাগৈ । বৰ খাবৰ মন গৈছে ।"
ভূষণে কামত লৰা ঢপৰা কৰি ফুৰা জিতাৰ শান্ত মুখখনলৈ এবাৰ চালে । গিৰিয়েক আৰু ল'ৰা ছোৱালীহালক কাষত পাই ঘৰখনৰ লগতে তাইৰ অন্তৰখনো ভৰি আছে ।
🖋️দেবাংগীতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ