আমি পাহৰি গৈছো

©Admin
0
ভাবিলে বৰ আচৰিত লাগে
প্ৰতিযোগিতাৰ দৌৰত কিছু লোকে মানসিক ভাৰসাম্য হেৰুৱাই পেলাব যেন লাগে।
ইফালে সিফালে ইমান দৌৰিছে নিজক শ্ৰেষ্ঠ সজোৱাৰ হাবিয়াসত।
মই বৰ বিচলিত হৈ পৰো 
এটা অস্থিৰ কীটানু কিলবিলাই ফুৰে যেন 
তেওঁ লোকৰ মগজুৰ শিৰাই শিৰাই।
বন্ধুত্বৰ মহলতে ৰচে কিছু শৰযন্ত্ৰ ্।
মই বৰ বিচলিত হৈ পৰো এনে
লোকৰ কাণ্ড কাৰখানা দেখি।

 সকলো আহিছো এদিন সকলো যাম মিলি মাটিৰ বুকুতে।
দুদিন পেলাব মনত  আপোনজনে,
তাৰ পিছত সকলোৱে পাহৰি যাব।
আমি নিস্বাৰ্থ হৈ কিয় দুদীনীয়া জীৱনতো জীৱাব নোৱাৰো। 
এপলক ৰৈ চিন্তা কৰাচোন।
 মোৰ ধন মোৰ  মাটি বুলি 
পাহৰি গৈছো কেতিয়াবা সাধাৰণ মানৱতাও,
দাম্ভিকতাত মগ্ন হৈ কাক কি কৈছো 
মনত কৰা নাই।
 আপোনৰ বিপদতো সময় হেৰাই যায় 
এষাৰি মাত দিবলৈ পাহৰি গৈছো 
নিজক শ্ৰেষ্ঠ সজোৱাৰ 
প্ৰতিযোগিতাত।।               

📝ৰিজুমণি দেৱী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)