গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপে সংবাদ মাধ্যম খণ্ড - ০৩

©Admin
0
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম বৰ্তমান নিজৰ সংবিধানৰ নিয়ম উলংঘা কৰি কাম কৰিবলৈ লৈছে ৷ সংবাদ মাধ্যমে আজিকালি খবৰ তৈয়াৰ কৰোতে সত্যতা আৰু বাস্তৱিকতাৰ ওপৰত গুণাগথা নকৰি খবৰটো ইচ্ছা অনুসৰে মছলাযুক্ত কৰি প্ৰেৰণ কৰে ৷ যাতে জনসাধাৰণে সেই খবৰটো বেছি ভাল পায় ৷ আনহাতে কিছুমান সংবাদ মাধ্যমে পক্ষপাতী সংবাদ প্ৰেৰণ কৰে আৰু আন কিছুমান সংবাদ মাধ্যমে অবাস্তৱিক আৰু অন্ধবিশ্বাসযুক্ত সংবাদ জনসাধাৰণৰ আগত ডাঙি দিয়াও দেখা যায় ৷ সংবাদ মাধ্যমে নীতিৰ বাহিৰত যোৱাৰ কেইবাটাও কাৰণ আছে তাৰে ভিতৰত প্ৰধান কাৰণকেইটা হ'ল -

১/ T R P বেছি কৰাৰ উদ্দেশ্য ৷
২/ অধিক ধন ঘটাৰ মনোবৃত্তি ৷
৩/ কোনোবা শক্তিশালী ব্যক্তি আৰু             ৰাজনেতাৰ প্ৰভাৱত পৰি ৷
৪/ কোনোবা আতংক গৃহৰ ভয়ত ৷
৫/ প্ৰতিযোগিতামূলক স্বভাৱ ৷
৬/ মালিক পক্ষৰ দমণ নীতিৰ স্বীকাৰ হোৱাৰ ফলত ৷
৭/ নাম , যশ আৰু খ্যাতিৰ কামনাৰে ৷
৮/ সংবাদ  কৰ্মী টকাৰ লোভত পৰি ৷
৯/ শত্ৰু পক্ষক বদনাম কৰিবলৈ ৷
১০ / সংবাদ এজেনচিৰ ভুল তথ্য ৷
এইখিনি কাৰণ বিশেষকৈ মোৰ দৃষ্টিত পৰিছে , যদি কাৰণকেইটাত ভুল বা ত্ৰুটি দেখে তেন্তে পাঠকে নিজৰ মতামত ডাঙি ধৰিব ৷ এতিয়া আলোচনাত আগবাঢ়ো ৷
সময়ে সময়ে কিছু সজাগ জনসাধাৰণে সংবাদ মাধ্যমৰ এই ভুলখিনি আঙুলিয়াই দিবলৈ চেষ্টা কৰে কিন্তু পৰিতাপৰ কথা যে সেই সংবাদ মাধ্যম ব্যক্তিগৰাকীক দমন কৰি দিয়ে যিটো সংবাদ মাধ্যমৰ প্ৰতি ব্যক্তিগৰাকী আঙুলি টোৱাই ৷ কবলৈ গ'লে সংবাদ মাধ্যমত এক প্ৰকাৰৰ মাফিয়াৰ সৃষ্টি হৈছে আৰু সেই মাফিয়াই সংবাদ মাধ্যমক নিজ স্বাৰ্থ পুৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ ধৰিছে ৷আকৌ  সেইকাৰণে হয়তো জনসাধাৰণে সত্য আৰু সঠিক সংবাদ নোপোৱা হৈছে ৷ ফলত জনসমাজত অশান্তিকৰ পৰিৱেশ সৃষ্টি হবলৈ লৈছে ৷
কিছুমান লোকে কয় এনে হোৱাটো স্বাভাৱিক আৰু আন কিছুমান লোকে কয় সময়ৰ পৰিবৰ্তনৰ ফলত এনে হৈছে ৷
এনেবোৰ ঘটনাক্ৰম হোৱাত কিছুমান সংবাদ মাধ্যম আৰু সাংবাদিকৰ ওপৰতো বৰ বেয়াকৈ প্ৰভাৱ পৰিছে ৷ কেতিয়াবা কেতিয়াবা সংবাদকৰ্মীয়ে প্ৰাণো হেৰোৱাবলগীয়া হৈছে  কিছুমান সংবাদ মাধ্যমৰ অনীতিকৰ কৰ্মকাণ্ডৰ ফলত ৷
                   আগলৈ•••

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)