জীৱনৰ সাধু-০৭

Rinku Rajowar
0
আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দীৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে  প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ  সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••
▪▪▪▪▪▪▪▪▪
     জীৱনৰ নাওঁখনৰ  ৰখীয়া পাতি দিয়াৰ পৰাই তেজস্বিনীৰ নাওখনে আহিব নোৱাৰা হ'ল কোনো আলহি ৷ অকলে অকলে ঘূৰি থাকে ঘৰৰ ভিতৰত এটা টিপচাকি,  টিপচাকিটো জ্বলি থাকিব পৰাকৈচোন খেকাৰ গিলা মানুহজনীয়ে কেৰাচিন আনি নিদিয়ে ৷ সুধিবিচোন তই কেতিয়াবা খেকাৰগিলা মানুহজনীয়ে খেকাৰ গিলি গিলি কেনেকৈ ডাঙৰ হবলৈ শিকিলে ৷  সুধিবিচোন কেতিয়াবা সেইজনীক খেকাৰ গিলা মানুহজনীৰ গৰ্ভত জানো কষ্ট হোৱা নাছিল চাৰিজনীকৈ ছোৱালী আৰু এটা ল'ৰা সন্তান জন্ম দিওঁতে ৷

( হয়তো কষ্ট হোৱা নাছিল, নহ'লেনো সেই ঘাটেৰে মানুহ পাৰ নোহোৱাকৈ থাকে নে?  অমাবশ্যা নিশা চাৰিকড়ীয়াৰ বুকুত নাও বুৰে   অমাবশ্যা নিশা সিপাৰৰ পৰা চাৰিজনী চুলিদীঘল,নাক চুটি, চকু পিলিকা যখিনীয়ে চিঞৰে ৷ সিঁহতে বোলে খেকাৰগিলা মানুহজনীক মা মা বুলি বৰকৈ কান্দে - তেজস্বিনী)

▪▪▪▪▪▪▪▪▪▪

     অৱশেষত পষ্টমৰ্টন ৰিপৰ্ট আহিল...

     - এয়া কোনো হাৰ্ট এটেক নহয় ৷ ডাক্টৰ ৰাগিনী আপুনি ঠিকেই কৈছিল ৷ তেজস্বিনী চৌধুৰীৰ হাৰ্ট এটেকৰ বাবে মৃত্যু হোৱা নাছিল কাৰণ তেজস্বিনীৰ সেই সময়ত হাৰ্ট এটেক অহাই নাছিল ৷ তেজস্বিনীৰ মৃত্যু হৈছে গৰ্ভ নিষ্কাসনৰ ফলত ৷ 

      অৰ্থাৎ ভ্ৰুণ হত্যা ৷ যিটো এক অপৰাধ ৷ ডাঃ ঋতুপৰ্ণৰ পষ্টমৰ্টন ৰিপৰ্ট মতে তেজস্বিনী গৰ্ভৱতি হৈ আছিল আৰু অংকুৰে বেআইনী ভাৱে তেজস্বিনীৰ গৰ্ভ নিষ্কাসন কৰি তেজস্বিনীক হত্যা কৰিলে ৷

     এতিয়া সত্যতা বুজিলো , জানিলোঁ কিন্তু আইন সদায় প্ৰমাণ ভিত্তিক হয়, গতিকে তেজস্বিনীৰ ন্যায়ৰ বাবে মই কিবা প্ৰকাৰে হ'লেও প্ৰমাণ বিচাৰিব লাগিব অংকুৰ আৰু পাতিল নাৰ্চিং হোমৰ বিৰুদ্ধে ৷ কিন্তু কেনেকৈ?

     প্ৰায় পিছদিনা দুপৰীয়া ১ বাজি গৈছিল ৷ তেতিয়ালৈ মা-দেউতাও আহি পাইছিল ৷ মা-দেউতাক ভালকৈ মাত লগাবলৈ ঠাৱনি বিচাৰি পোৱা নাছিলো ৷ অৱশেষত মই আৰু নিশিকেশে ডাঃ ঋতুপৰ্ণৰ সহযোগত এটা ভিডিঅ বনালো আৰু সেই ভিডিঅ যোগেৰে যিমান পাৰি তেজস্বিনীৰ নিৰ্মম হত্যাৰ ঘটনা গোটেই পৃথিৱীতে জনোৱাৰ চেষ্টা কৰিলোঁ ৷ চাৰিওফালে খবৰটো বিয়পি পৰিল ... ৷ ফেচবুক,  টুইটাৰ, ৱাটচএপ যোগেৰে সেই ভিডিঅ পলকতে বিয়পি পৰিল আৰু এক ব্যাগোম শক্তি ৰূপত আমাৰ সমুখত দেখা দিলে ৷ ক্ৰমান্বয়ে বিভিন্ন নিউজ চেনেলৰ মানুহ আহিব ধৰিলে আৰু আমাৰ পৰা সাক্ষাৎকাৰ লৱলৈ ধৰিলে ৷ গোটেই ছচিয়েল মেডিয়াত সকলো দৃশ্য ভাইৰেল হৈ পৰিল ৷ আমি সকলোৱে ন্যায় বিচাৰি তেজস্বিনীৰ মৃত শৰীৰক সমুখত লৈ অংকুৰৰ ঘৰৰ সমুখত প্ৰতিবাদ কৰিবলৈ বহি ললো ৷ তেজস্বিনীৰ মৃতদেহ সৎকাৰ কৰা নহৱ, মই সকলো নিউজ চেনেলৰ আগত ঘোষণা কৰি দিছিলো ৷ ক্ৰমান্বয়ে সকলো নিউজ চেনেল,বাতৰি কাকতৰ হেডলাইন তেজস্বিনী হৈ পৰিছিল ৷ সকলোৰে ফেচবুক,টুইটাৰ পষ্টত কেৱল তেজস্বিনী ৷ তাই যেতিয়ালৈকে ন্যায় নাপায় তাই অংকুৰৰ ঘৰৰ সমুখত জীৱিত হৈয়ে পৰি থাকিব লাগিব ,  যিদিনাই তাই বাস্তৱিক ন্যায় লাভ কৰিব সেইদিনাই আমি ভাবি লম অতসময়ে আমি মোৰ বাইদেউ তোজস্বিনীৰ মৃতশৰীৰক লৈহে কথা পাতিছিলো ৷  

       মহাৰাষ্ট্ৰৰ লগতে ভাৰতৰ সকলো ঠাইতে তেজস্বিনীৰ ন্যায়ৰ বাবে সকলো ৰাজপথলৈ ওলাই আহিব ধৰিলে ৷ ঠায়ে ঠায়ে জিলা আদালত, উপায়ুক্ত কাৰ্যালয়,  বিভিন্ন থানা ৰাইজে ঘেৰাও কৰিব ধৰিলে ৷ বহু ঠাইত প্ৰতিবাদ ইমান বেছি ভয়ংকৰ হৈ পৰিল যে আৰক্ষী বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিলে ৷ জনতাৰ তীব্ৰ প্ৰতিবাদে যেন গা লৰালে দেশৰ ওপৰৱালাক ৷ ওপৰৱালাই প্ৰথমে পুনে থানাৰ S.I কমল ৰাণা আৰু হাবিলদাৰ দেৱ প্ৰসাদক চাকৰিৰ পৰা নিলম্বিত কৰিলে ৷ অন্যহাতে তদন্তৰৰ বাবে দিল্লী থানাৰ জেষ্ঠ আৰক্ষী বিষয়া ৰাজেন্দ্ৰ যাদৱক সম্পূৰ্ণ তেজস্বিনী কাণ্ডৰ গোচৰৰ দায়িত্ব দিছিল ৷  কিন্তু মোৰ এই পুলিচৰ ওপৰৰ পৰা সম্পূৰ্ণ বিশ্বাস যেন হেৰাই গৈছিল ৷ ইফালে পাতিল নাৰ্চিং হোমৰ কৰ্মকৰ্তাকে আদি কৰি ৰিতেশ পাতিল আৰু সুনিতা পাতিল দুয়ো ছচিয়েল মেডিয়াত বহুল প্ৰচাৰিত হোৱা এই ঘটনাৰ উমান পায় পলাতক অৱস্থাত আছিল ৷ নতুন আৰক্ষী দলটোৰ পূৰ্ণ অভিযান আৰম্ভ হৈ গৈছিল ৷ সৰুৰ পৰা ডাঙৰলৈ, ক্ষুদ্ৰাতিক্ষুদ্ৰ ঘটনা আৰু বিষয়ক গুৰুত্বসহকাৰে লোৱা হৈছিল ৷ কব নোৱাৰাকৈয়ে নতুন আৰক্ষীৰ দলটোৰ প্ৰতি বিশ্বাসবোৰ বাঢ়ি গৈছিল হয়তো তেওঁলোকৰ নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰ বাবেই এই বিশ্বাস ৷  বিশ্বাস বাঢ়ি উৰ্দ্ধত নৌপাওঁতেই দুটা দিনৰ ভিতৰতেই সকলোকে 
জানিবলৈ দিছিল যে এই তেজস্বিনী কাণ্ডৰ লগত ৰাজনীতিৰো জড়িত হৈ আছে ৷

     পাতিল নাৰ্চিংহোমৰ বিৰুদ্ধে মজবুত গোচৰ তৰিবৰ বাবে বহুতো লোকৰ ষ্টেটমেণ্টৰ প্ৰয়োজন হৈছিল ৷ কিন্তু সেই সময়ত তেনে কোনো প্ৰমাণ আৰক্ষীৰ হাতত নাছিল ৷ মোৰ কিন্তু সম্পূৰ্ণ আৰু দৃঢ় বিশ্বাস আছিল পাতিল নাৰ্চিংহোমৰ এনেবোৰ অমানৱীয় আৰু বেআইনী কামবোৰৰ লগত এক গৰিষ্ঠসংখ্যক লোক জড়িত হৈ আছে ৷  মই যিমান পাৰো আৰক্ষীৰ তদন্তৰত সহায় কৰিবলৈ মন মেলিছিলো ৷ ইফালে খুৰা,মা-দেউতা,নিশিকেষকে প্ৰমুখ্য কৰি সকলোৱে ভিন্ন ভিন্ন ধৰণে ন্যায় প্ৰাপ্তিৰ ধাৰাবাহীক প্ৰতিবাদ চলাই গৈছিল ৷

▪▪▪▪▪▪▪▪▪▪▪▪

     ৰাতিবোৰ,দিনবোৰ ভাগ কৰিবলৈটো তাই অংকুৰৰ লগত বিয়া হোৱা নাছিল ৷ তাই সেইখন ঘৰলৈ লখিমী হৈ গৈছিল ৷ ৰাতিবোৰ ভাগ হব বুলি জনা হ'লে তাই চাগে আজি আমাৰ সমুখত খিলখিলাই থাকিল হয় ৷

( মুখখনৰ পৰা কিবা অকটা গোন্ধ ওলায়, ৰাতি শান্তিৰে শুব নোৱাৰো, ঘৰখনলৈ মনত পৰে, সকলো কথা খুলি কব পৰাকৈওটো এখন পৃথিৱী লাগিব, নিজক বুজা এখন বিশ্বাসৰ পৃথিৱী ৷ দুৱাৰকৈ সেই নিজক বুজাৰ পৃথিৱীখন খেকাৰ গিলা মানুহজনীৰ সমুখত হাৰি গৈছিল ৷ কেতিয়াবা যে কৈ পেলাবলৈ মন যায়, এইবোৰত নাৰীৰ দোষ নাথাকে ৷ ইহঁতদুজনীয়ে বুকুত কামুৰি ধৰে কথাবোৰ কব নোৱাৰাকৈ ৰৈ যাওঁ  - তেজস্বিনী )

▪▪▪▪▪▪▪▪▪▪▪

     কিবা এটা সাৰ্থক হোৱাৰ দৰে লাগিল ৷  অৱশেষত আৰক্ষীয়ে পাতিল নাৰ্চিং হোমৰ অনুসন্ধানৰ চৰকাৰী  অনুমতি পত্ৰ লাভ কৰিলে ৷ অনুমতি পত্ৰ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে নাৰ্চিংহোমৰ তলা ভাঙি ভিতৰৰ সকলোবোৰ তন্ন তন্নকৈ নিৰীক্ষণ কৰিবলৈ ধৰিলে ৷ 

      এখন ৰেজিষ্টাৰ বহী পোৱা গাছিল য'ত এঘাৰশৰো অধিক মহিলাৰ গৰ্ভ নিষ্কাশনৰ প্ৰমাণ পোৱা গৈছিল,  প্ৰায় দুশৰো অধিক গৰ্ভনিৰোধক ঔষধ পোৱা গৈছিল যিবোৰ কোনো চৰকাৰী হস্পতালৰ যোগেদি যোগান ধৰা হৈছিল ৷ সমগ্ৰ নাৰ্চিংহোমখনত নাৰ্চিংহোম খোলাৰ কোনো চৰকাৰী অনুমতিৰ প্ৰমাণপত্ৰ পোৱা নাছিল ৷ এটা গুপ্ত অপাৰেশ্বন কোঠা পোৱা গৈছিল য'ত বিভিন্ন ডাক্টৰী অপাৰেশ্বনৰ সা-সজুঁলি পোৱা গৈছিল ৷

      চাৰিটা দিন পাৰ হৈ গৈছিল আৰু তেজস্বিনীৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলাইছে ৷ নাহিবি বতাহ, বিয়পাই নেপেলাবিচোন আপদীয়া গোন্ধ ৷ নাহিবি প্ৰাণৰে বৰষুণ, উটোৱাই নিনিবিচোন তেজৰ বোৱতী নৈখন ৷ গোন্ধ... ( আগলৈ)

🖋️দিব্যজ্যোতি ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)