ফ্লোৰেন্স নাইটিংগেল

Rinku Rajowar
0
''মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ 
       আমিও কৰিব পাৰো জীৱন গঠিত।
অভিনয় শেষ হ'লে আয়ু বেলি মাৰ গ'লে
        থৈ যাব পাৰো খোজ সময় বালিত‌।''
    
 বিশ্বত বিভিন্ন সময়ত বিভিন্নজনে নিজ কৰ্ম তথা ,মহানতাৰ বাবে নিজৰ নাম সোণালী আখৰেৰে জিলিকাই থৈ গৈছে আৰু ফ্লোৰেন্স নাইটিংগেলো এই মহান মনিষী সকলৰ ভিতৰৰে  এগৰাকী । ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ১৮২০ চনৰ ১২ মে তাৰিখে  ইংলেণ্ড ত । সৰুৰে পৰা তেখেত আন শিশুত কৈ বহু বেছি পৰিমাণে ব্যতিক্ৰম আছিল । সৰুৰে পৰা তেওঁৰ মন দুখত পতিত সকলৰ বাবে উত্সৰ্গিত আছিল ।সৰুকালতে এবাৰ এজন দুষ্ট ল'ৰাই কুকুৰ এটাক আঘাট কৰিলত তেওঁ কুকুৰটোৰ ঘাডোখৰত বৰ আলফুলকৈ বেণ্ডেজ বান্ধি তদাৰক কৰি সোনকালেই ভাল কৰি তুলিছিল ।এইটো তেওঁৰ জীৱনৰ এটা সৰু ঘটনা আছিল কিন্তু এনেবোৰ ঘটনাই তেওঁৰ জীৱনৰ দিশ সলনি কৰি তুলিলে ।
         ফ্লোৰেন্স নাইটিংগেল  এগৰাকী আভিজাত্য পৰিয়ালৰ কন্যা আছিল । তেওঁৰ মাক দেউতাকে ফ্লোৰেন্সৰ এই সমাজ সেৱা মনোভাৱটো পচন্দ কৰা নাছিল সেয়ে ফ্লোৰেন্সক লৈ তেওঁলোক চিন্তাত পৰিছিল। ফ্লোৰেন্সে মনটো ডাঠ কৰি ল'লে আৰু সমাজৰ কথালৈ কাণ নিদি নিজকে মানৱ সেৱাৰ নামত উত্সৰ্গা কৰি চিৰ জীৱনৰ বাবে বিয়াত নবহাৰ সিদ্ধান্ত ল'লে । মানৱ সেৱাৰ উদ্দেশ্যে তেওঁ  ক্ৰিমিয়াৰ যুদ্ধত আহত  সকলৰ শুশ্ৰূষাৰ বাবে তেওঁ উলাই আহিল কিন্তু সেইখিনিতেই অন্য এটি সমস্যাৰ সন্মূখীন হ'ল । যুদ্ধৰ সৈন্য থকা বেৰেকত নাৰীৰ প্ৰবেশ নিষেধ আছিল । তেওঁৰ মানৱ সেৱাৰ ইচ্ছাশক্তি প্ৰবল আছিল বাবেই তেওঁৰ সন্মুখত আন এটি পথ উলাল । তেওঁ মনস্হ কৰিলে যে আহত সৈনিকেৰে ভৰি পৰা সলসবেৰী নামৰ চিকিৎসালয় খনলৈকে তেওঁ যাব এগৰাকী শুশ্ৰূষা কাৰিণী ৰূপে ।   তেওঁ আহত সকলৰ আগত এগৰাকী মাতৃ,এগৰাকী ভগ্নী হিচাপে ঠিয় দিব ।ফ্লোৰেন্সে নিজাববীয়াকৈ পৰিকল্পনা কৰি এখন ৰোগী নিকেতন খোলাৰ সিদ্ধান্ত ল'লে ,তাইৰ এই সিদ্ধান্তত মাক দেউতাকেও একো আপত্তি কৰিব নোৱাৰিলে কাৰণ তেওঁলোকে বুজি পাইছিল ফ্লোৰেন্সৰ সিদ্ধান্ত সলনি কৰাটো সম্ভৱ নহয় ।ফ্লোৰেন্সে মাক দেউতাকৰ সন্মানৰ বাবে পৰিয়ালৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল'লে ,দেউতাকৰ পৰা কিছু ধন লৈ তেওঁ ঘৰৰ পৰা  আঁতৰি গৈ ১৮৬০ চনত প্ৰতিষ্ঠা কৰিলে ''নাইটিংগেল স্কুল ফৰ  নাৰ্ছেছ '' ‌।সকলো বাধা নেউচী তেওঁ নিজকে এগৰাকী শুশ্ৰূষা কাৰিণী  ৰূপে প্ৰতিষ্ঠা কৰাত সফল হ'ল আৰু সকলোৰে বাবে হৈ ৰ'ল নাৰীৰ স্বাধীন মন আৰু বিবেক ব্যক্তিত্বৰ প্ৰতীক ।
‌          এটি ঢিমিক -ধামাক লেম্প লৈ তেওঁ ৰাতি ৰাতি ঘূৰি ফুৰে ৰোগীসকলৰ মাজত ।অস্পৃশ্যতা ,লোকনিন্দা সকলোবোৰ নস্যাত কৰি তেওঁ কাম কৰে ৰোগীসকলৰ জীৱনদায়িনী হিচাপে । তেওঁৰ শুশ্ৰূষা,মৰম ,অনুকম্পা আৰু সমবেদনাত ৰোগীৰ মনলৈ সাহস আহিল ।ফ্লোৰেন্সৰ এই মহান কাৰ্যই সমাজৰ চকু মুকলি কৰি দিলে ।১৯০৭ চনত ইংলেণ্ড ৰ ৰজাই নাইটিংগেলক ৰাজকীয় সন্মানেৰে বিভূষিত কৰিলে ।
‌       ফ্লোৰেন্স নাইটিংগেল বিশ্বৰ প্ৰথম গৰাকী নাৰ্ছ বা শুশ্ৰূষা কাৰিণী আছিল ।ৰেগীসকলে তেওঁক ''দীপশিখাৰ মহিলা''(Lady of the lamp)বুলি অভিহিত কৰিছিল ।মানৱ সেৱাকেই নিজৰ জীৱনৰ কতব্য হিচাপে লোৱা ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু হয় ১৯১০ চনৰ ১৩ আগষ্টত ।তেঁওৰ মানৱ সেৱা ,ৰোগীসকলৰ প্ৰতি যি শ্ৰদ্ধা,তেওঁৰ যি ব্যক্তিত্ব সদায়েই সকলোৰে বাবে অনুকৰণীয় হৈ ৰব ।

         ✒️ সন্ধ্যাৰাণী বুঢ়াগোহাঁই ।
                টীয়ক ,যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)