জোনাকত জিলিকা নিয়ৰ (খণ্ড-০৭)

Rinku Rajowar
0
(পৃথিৱীৰ পৰা হেৰাই গ'লও মই তহঁতক চাই থাকিম সৌ তৰাৰ দেশৰ পৰা
শেষত বহুত মৰমেৰে তোৰ ভাস্কৰ(গৰু)।)

ভাস্কৰৰ লিখা খিনি পঢ়ি ইমান সময়ে ওলাই আহিব নোখোজা কান্দোনক বাধা দি  ৰাখিব নোৱাৰি হুকহুকাই কান্দি উঠিল জোনাক।
জোন দা তুমি ভাঙি পৰিলে কেনেকৈ হ'ব,মাক কোনে বুজাব?তুমি এনে কৰিলে মাক বুজাবলৈ কঠিন হ'ব।ইফালে নিয়ৰ বা আজিও একদৰে আছে।অনিন্দ্যই তাক বুজাবলৈ ধৰিছিল,সি কিছু শান্ত হৈছিল অনিৰ কথা শুনি।জোনাকৰ ওপৰত ভাস্কৰে বহুত দ্বায়িত্ব দি গৈছে।সেই দিনাৰে পৰা ভাস্কৰৰ প্ৰতিটো কথাই ৰাখিবলৈ যত্ন কৰিছে জোনাকে।কম কথা কোৱা ল'ৰাটোৱে খুৰীয়েকৰ লগত অনৰ্গল কথা পাতে।সৰু ল'ৰাৰ দৰে নানা ধৰণৰ প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তোলে।জোনাক ঘৰত থাকিবলৈ লোৱাৰে পৰা কিছু পৰিৱৰ্তন হৈছিল পৰিৱেশটো।তাৰ মাজতে জোনাকৰ ৰিজাল্ট দিছিল,খুব ভাল দৰে উত্তীৰ্ণ হৈছিল।আৰু ভাস্কৰে বিচৰাৰ দৰে তাৰ চাকৰিটো হ'ল গাঁৱৰ পৰা ৩/৪কিল'মিটাৰ দূৰত থকা কলেজখনত।চাকৰিৰ বাবে সি দূৰলৈ যাব লগা নহ'ল।এই পাঁচ মাহে এনেদৰে পাৰ কৰিছে দিনবোৰ।বহুত কষ্টৰে জোনাকে নিজক লুকুৱাই ৰাখিছে।ভাস্কৰৰ অবিহনে জোনাকে দিনবোৰ কেনেদৰে পাৰ কৰিছে একমাত্ৰ তাৰ বাহিৰে কোনেও বুজি পোৱা নাই।কাৰণ আনক ভাবিব বা বুজিবলৈ কোনোদিনেই সুযোগ দিয়া নাই।
কিন্তু পৰা নাছিল নিয়ৰক বাহিৰলৈ আনিবলৈ নাইবা তাইৰ মুখলৈ হাঁহিটো ঘূৰাই আনিবলৈ।
অনিন্দ্য আৰু শুভমে জোনাকহঁতে পঢ়া স্কুল খনতে পঢ়িছে।জোনাকে তাত চাকৰি  পোৱা খবৰটো শুনি দুয়োটাই তাক ছাৰ বুলি মাতি জোকাই।কথাবোৰ ভাবি কিমান সময় বাহিৰত বহি আছিল জোনাকে গমেই নাপালে।খুৰীয়েকে ভাত খাবলৈ মতাত হে জোনাক বাস্তৱলৈ ঘূৰি আহিল।আজি খুৰীয়েকে ৰাতিৰ সাঁজ তাতে খাবলৈ কৈছিল।সি বহাৰ পৰা উঠি ভাস্কৰ হঁতৰ ঘৰৰ ভিতৰলৈ গ'ল।

আগলৈ•••••••।

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)