মৰমৰ দেউতা

©Admin
0
দেউতা
তোমাৰ হৃদয়ত 
সযতনে বান্ধি ৰখা
সপোন বোৰ
পাৰিম জানোঁ মই
বাস্তৱত ৰূপান্তৰিত কৰিব ।

তুমি নীৰৱে সমাধিত বহি
ভাবি আছা ।
সযতনে তোমাৰ হৃদয়ত
বান্ধি ৰখা সপোন বোৰ
বাস্তৱ হোৱাৰ পৰিকল্পনাৰে ।

দেউতা
তোমাৰ কথা ভাবি
মুক্ত মনেৰে 
সোৱণশিৰি পাৰত বহি মুক্তকণ্ঠে
আজি মই প্ৰতিশ্ৰুতি বদ্ধ ।

দেউতা
তোমাৰ হৃদয়ৰ সঁঞ্চিত সপোন বোৰ
এই পৃথিৱীতে
বাস্তৱ কৰাৰ পৰিকল্পনাৰে
আজি মই সংকল্প ললোঁ ।।
     
📝 বিনিতা বৰা
     হোজাই জিলা
     লংকা কাকী:৩

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)