অগ্নি

Rinku Rajowar
1
ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ কৰিব পৰা
হে দুৰ্জ্জেয় শক্তি
তুমি নহ'লেয়ো নিসিজে ভকতি,
যাগ যজ্ঞ, বিবাহ আদি বেদৰ কৰ্ম্মত
তোমাতেই অৰ্পণ কৰি পূৰ্ণাহুতি
নৰ মনিছে কৰি আহিছে পূজা অৰ্চনা
ভগৱান আৰু বিভিন্ন দেৱ দেৱীক।

তোমাক আৱিষ্কাৰ কৰাৰ আগতেই
আদিম মানৱে ল'ব পৰা নাছিল
খাদ্যৰ প্ৰকৃত জুতি,
কেঁচা মাছ-মাংস, ফল-মূলেৰেই
নিবাৰণ কৰিছিল ক্ষুধা,
যেতিয়াই তোমাক আৱিষ্কাৰ কৰিলে
শিলে শিলে ঘঁহনি খুৱাই
পৰিৱৰ্তন হ'ল মানুহৰ খাদ্যাভাস
পাবলৈ সক্ষম হ'ল মাছ মঙহৰ প্ৰকৃত সোৱাদ।

তুমি যেতিয়া ধৰা ৰুদ্ৰমূৰ্তি
ক্ষণিকতে কৰিব পৰা সংহাৰ
গছ-গছনি, ঘৰ-দুৱাৰ নিমিষতে কৰি ছাঁই
মানুহক কৰিব পাৰা গৃহহীন
দয়া মমতাই অন্তৰত তোমাৰ নাপায় ঠাই।

অনল, অগ্নি, বহ্নি, জুই, হুতাশন
বিভিন্ন তোমাৰ নাম
সাৱধান নহ'লে তোমাৰ ব্যৱহাৰত
নিঃশেষ কৰিবা আমাৰ প্ৰাণ।

🖋️ব্ৰহ্মদেৱ গোস্বামী 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment