বিবুদ্ধি

©Admin
0
অনিতা আৰু তাইৰ ছোৱালী দুজনীয়ে  এইবোৰ নহঁওক বুলিৱে আজি পাছমাহে পদুলিৰ বাহিৰ ওলোৱা নাই। গিৰিয়েকো নোলোৱা হ'ল।
ঘৰতে নাম কীৰ্তন কৰি সময় বোৰ পাৰ কৰিছিল।
কিন্তু চুবুৰীয়ানী মিতালী হাজৰিকানীৰ কালি সাধাৰণ জ্বৰ হৈছিল। ৫০বছৰীয়া সৰবৰহী মহিলা মিতালী কালি
পুতেকৰ লগত গ'ল চিকিৎসকৰ ওচৰলৈ।১০০ডিগ্ৰী জ্বৰ। সাধাৰণ পৰীক্ষা কৰি বিদায় দিলে। হঠাৎ কল আহিল হচপিতালৰ পৰা।এবাৰ আহকচোন বুলি।
আৰু ক'ভিত  পজিতিভ বুলি admit কৰি দিলে।
 কথা বুলিলে বতাহ। চাৰিওফালে হুৱা দুৱা লাগিল। আশাকৰ্মীৰ লগত আহিল স্থানীয় নাৰ্চ এগৰাকী।
দীঘলীয়া লিষ্ট বনাই নিলেহি।দহঘৰ  চুবুৰীয়া পৰিয়ালকে ধৰি  অনিতাহতো। আজি টেষ্ট কৰি গলহি সকলোকে। সাতদিনৰ পিছত ৰিজাল্ট আহিব। তেতিয়ালৈকে ভয় আৰু উৎকন্ঠাৰ মাজত  জীৱাই থাকিবলৈ সাহস বান্ধিছে  বুকুত।

📝ৰিজুমণি দেৱী 
    নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)