আমাৰ গাওঁ আমাৰ চহৰঃ কুৰুৱাবাহী

Rinku Rajowar
0
বোকাখাত মহকুমাৰ নামদৈয়াং মৌজাত অৱস্থিত সত্ৰ । এই সত্ৰ বংশীগোপালদেৱে লইতৰ চাপৰিত কুৰুৱাবাহী নামে ঠাইত স্থাপন কৰিছিল । এই সত্ৰৰ ঠাইত এজোপা শিমলু গছ কুৰুৱা চৰাইৰ বাহেতে ভৰা আছিল বাবেই হেনো সত্ৰ খনৰ নাম কুৰুৱাবাহী হয় । ১৫৬৬ চনত স্বগদেউ প্ৰতাপ সিংহৰ আদেশত এই সত্ৰ ভাঙি পেলোৱা হয় । পাছত স্বৰ্গদেউ চুৰামফা বা ভগা ৰজাই এই সত্ৰ পুনৰ প্ৰতিষ্ঠা কৰোৱাই । বৰ্তমান মূল সত্ৰ লুইতৰ পাৰৰ পৰা ভালেখিনি আঁতৰত বহিছে ।
     মৰিগাঁৱৰ জাগিৰোডতো এই সত্ৰ এখন শাখা সত্ৰ আছে ।
       বৰ্তমান কুৰুৱাবাহীৰ কাষেৰে বৈ গৈছে ধনশ্ৰী নৈ, শিক্ষা অনুস্থান কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কেবাটাও সামাজিক অনুস্থান খেল পথাৰ কুৰুৱাবাহী পঞ্চায়ত ইত্যাদি ।

                     
               🖋️ শ্ৰী উৎপল দাস
            কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)