মোৰ দেউতা -এক বাস্তৱিক জীৱন কাহিনী,মনুৰ কিশোৰকাল (খণ্ড - ০৪)

©Admin
0

মানুহজনৰ কষ্ট সহিব নোৱাৰি মনু তেওঁৰ ওৰত গৈ ক'লে 

" খুৰা বেয়া নাপায় যদি মই আপোনাক সহায় কৰিব বিচাৰো ? "

মানুহজনে ফোঁপাই জোঁপাই ক'লে 

" সোণ পাৰিবা জানো ঠেলাখন বহুত গধুৰ আছে "

মনুৱে ক'ল 

" নিশ্চয় পাৰিম খুৰা "

মানুহজনে ক'লে

" ঠিক আছে আহা দুয়ো মিলি ঠেলা মাৰোঁ "

মনুৱে ক'লে

" খুৰা তেনেকৈ নহব যিহেতু  গাড়ীখন বেছি গধুৰ আছে গতিকে প্ৰথমে গাড়ীৰ পৰা কিছু পৰিমাণে বস্তু নমাই গাড়ীখনৰ ওজন কমাই লব লাগিব "

মানুহজনে ক'লে 

" ঠিক আছে বাৰু ৰবা মই বস্তু কেইপদমান নমাই দিওঁ "

এইবুলি কৈ মানুহজনে গাড়ীখনৰপৰা বস্তু নমাবলৈ আৰম্ভ কৰিলে ৷ মনুৱেও বস্তু নমোৱাত সহায় কৰাত লাগিল ৷ গাড়ীখনৰ ওজন কমাই লোৱা পাছত দুয়োৱে সৰ্বশক্তি প্ৰয়োগ কৰি অন্তঃ গাড়ীখন বোকাৰপৰা উদ্ধাৰ কৰিলে ৷ মানুহজনে মনুক দুটকা এটা দি ক'লে

" সোণ এইটো লোৱা তোমাৰ সহায়ত মই গাড়ীখন বোকাৰপৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'লো "

মনুৱে টকাটো উভটাই দি ক'লে

" খুৰা বেয়া নাপাব মোক টকা নালাগে দিয়ে যদি কাম দিয়ক মই কৃতজ্ঞ হম "

মানুহজনে ক'লে 

" তোমাক আকৌ কিয় কাম কৰিবলৈ লাগে মা দেউতা নাই নেকি ? "

মনুৱে মূৰ তল কৰি ক'লে 

" খুৰা মই ঘৰৰ পৰা পলাই আহিছোঁ সেইকাৰণে কাম কৰিব বিচাৰো "

মানুহজনে মিচিকিয়া হাঁহি মাৰি ক'লে

" অ নিশ্চয় তুমি কিবা দুষ্কৰ্ম কৰি ঘৰৰপৰা পলাইছা "

মনুৱে সি ঘৰত কৰা কাণ্ডটো বিৱৰি ক'লে 

" গতিকে খুৰা আপুনি যদি মোক পেটৰ ভোক মচিবলৈ পাৰিলে  কিবা কাম দিয়ক "

মানুহজনে ক'লে

" ঠিক আছে তেন্তে বলা মোৰ লগত আমাৰ ঘৰলৈ " 

দুয়ো গাড়ীখন ঠেলি ঠেলি মানুহজনৰ ঘৰ পালেহি । মানুহজনে মনুক ক'লে 

" এইয়া আমাৰ ঘৰ সোংকালে গাড়ীৰ পৰা বস্তুখিনি নমোৱা " 

মনৱে গাড়ীৰপৰা বস্তু নমোৱাত লাগিল ৷

এনেতে মানুহজনৰ ঘৈণীয়েক ভিতৰৰপৰা ওলাই আহি মনুক চাই 

" হেৰী ল'ৰাটোক  চিনি পোৱা নাই 

যে কোন ? "

মানুহজনে গাড়ী বোকাৰপৰা উদ্ধাৰ কৰাপৰা মনুৰ জীৱন ব্যথা কৈ শুনালে 

" গতিকে ল'ৰাটোক ঘৰলৈ লৈ আহিলোঁ মোৰ কাম বনত কিছু সহায়ক হব আৰু ল'ৰাটোৱে দুমঠি দুবেলা পেটভৰাই খাবলৈ পাব "

মনুৰ বিষয়ে জানিব পাৰি দুখ প্ৰকাশ কৰি ক'লে

" ভালেই কৰিলে ল'ৰাটোক ঘৰলৈ আনি ইমান মৰম লগা ল’ৰা ৷ সোণ এইফালে আহাচোন "

মনু বস্তাখন লাহেকৈ থৈ আগবাঢ়ি গৈ ক’লে

" কওক খুৰীদেউ কিবা সকাম "

মানুহজনৰ ঘৈণীয়েকে ক’লে 

" বহা মই তোমাৰ খাবলৈ কিবা আনোগৈ "

কৈ ভিতৰলৈ সোমাই গ'ল ৷ মানুহজনে মনলৈ চাই ক'লে 

" আমাৰ ঘৰ কেনেকুৱা লাগিল ? "

মনুৱে ক'লে বহুত ভাল লাগিল তাতোকৈ ভাল লাগিল খুৰীদেউৰ ব্যৱহাৰ মোৰ মাকৰ দৰেই মমতাময়ী "

এনেতে মানুহজনৰ ঘৈণীয়েক পিঠাকেইটামান গাখীৰৰ সৈতে লৈ আহি মনুলৈ আগবঢ়াই দি ক'লে

" সোণ খোৱা লাজ নকৰিবা আজিৰপৰা এইখন ঘৰ নিজৰ বুলি ভাৱিবা "

মানুহজনে ক'লে

" ঠিক আছে তুমি চাহ খাই বাকী কামখিনি শেষ কৰি পাছফালে পানী আছে গাপা ধুই ল'বা মই গাটো  ধুই লওঁ তাৰপাছত বজাৰলৈ দুয়ো যাম " 

ঘৈণীয়েকলৈ চাই ক'লে

" নিৰ্মলা ভোগেশ্বৰ ভাগৰ ভাল চাই কাপোৰ এযোৰ দি দিবা "

ঘৈণীয়েকে হয় বুলি মূৰ লৰালে ৷ মানুহজন গা ধুবলৈ গ'ল ৷ 

মনুৱে চাহ খাই গাপা ধুই তৈয়াৰ হৈ নঙলা মূখত ঠিয় হৈ ৰাস্তা ফালে চাই আছে এনেতে তাৰ বয়সৰ ল'ৰা এটা আহি অচিনাকি ল’ৰা দেখি  নঙলা মূখত থমকি ৰৈ মনুলৈ চাই ক'লে 

" তুমি কোন ? আৰু মোৰ কাপোৰ পিন্ধিছা যে ? "

 মনুৱে সংকোচভাৱে  ক'লে 

" ম ম মই মনু তোমালোকৰ ঘৰত চাকৰ কৰিবলৈ আহিছো আৰু কাপোৰযোৰ তোমাৰ মায়ে দিছে "

ল'ৰাজনে মনুৰ কান্ধত হাত থৈ ক'লে 

" সংকোচ নকৰিবা বন্ধু বলা ভিতৰলৈ ৷

দুয়ো ভিতৰলৈ সোমাই গ'ল ৷

                    আগলৈ

📝দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)