ৰাভা সকলৰ অনন্য সংস্কৃতি জাৰীঘোঁৰা-০১

Rinku Rajowar
0
নৃতত্ববিদ সকলে এই তথ্য আগ বঢ়াইছে যে অসমত অতি পুৰণি কালৰে পৰা বসবাস কৰি অহা বিভিন্ন জনগোষ্ঠীয় লোকসকল মংগোলীয় ফৈদৰ লোক  | এই ফৈদৰ বড়ো গোষ্ঠীৰেই  এটি উপ-জনজাতী হৈছে ৰাভাসকল | সামাজিক , ধৰ্মীয়, আৰু শাৰিৰীক অবয়ব বা দৈহিক জীৱনত বিভিন্ন জনজাতিৰ মাজত সামঞ্জস্য আছে | ৰাভা জনজাতি সকল হেনো মূলতঃ এটা ফৈদেই আছিল | বৈদিক যুগত মানুহৰ কৰ্ম বিভাজনৰ বাবে সৃষ্টি হোৱা ব্রাহ্মণ , ক্ষত্রিয় , বৈশ্য ,আৰু শূদ্র আদি জাতি সৃষ্টি হোৱাৰ নিচিনাকৈ ৰাভা সকলেও তেওঁলোকৰ শ্রেষ্ঠ দেৱতা "থোকচি" বা বায়খো পূজাৰ সামুহিক কাম কাজবোৰ পৰিচালনা কৰাৰ সুবিধাৰ্থে কৰ্মবিভাজন কৰি লৈছিল | অৱশেষত সেই কৰ্ম অনুসৰি গঠিত হোৱা দল বা খেলবোৰেই ৰাভাসকলৰ কিছুমান উপজাতিত ভাগ হয় ৰাংদানিয়া,মায়টৰীয়া ,দাহৰী, চুঙা, পাতি ,বিটলীয়া , আৰু কেচ ৰাভা | বৰ্তমানে এই সকলৰ বহুকেইটা উপজাতি ইতিমধ্যে বিলুপিতি ঘটিছে | যি কেইটা উপজাতি বৰ্তমানে কামৰূপ, গোৱালপাৰা বা অন্য জিলা সমূহত আছে প্রায় আটাইবোৰৰ মাজতে ভালেমান সামাজিক আৰু ধৰ্মীয় দিশত সামঞ্জস্য আছে যদিও আদিম কালৰে পৰা প্রচলিত কিছুমান কৃষ্টি সংস্কৃতি আটাইবোৰ ধৰি ৰাখিব পৰা নাই | 
      ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থিতিৰ বাবেই বিভিন্ন অঞ্চলত মৌচুমী বায়ুৰ প্রভাব পৰাৰ ফলত উত্তৰ -পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ লগতে অসম ভূমিতো ইয়াৰ প্রভাব চিৰন্তন | ইয়াৰ প্রভাবতেই অসমভূমি সুজলা সুফলা শস্য শ্যামলা | কৃষি প্রধান এই ৰাজ্যত কৃষি আৰু কৃষ্টিক লৈ বিহু আৰু অন্যান্য কৃষ্টি উচব আদিৰ সৃষ্টি হৈছে | কৃষিৰ লগত সম্পৰ্কিত এই উচবসমূহ অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ভিন্ ভিন্ ভাবে সৌ অনাদি কালৰে পৰা পালন কৰি আহিছে | ৰাভা সকলো ইয়াৰ ব্যতিক্ৰম নহয় | এই লেক সকলৰ মাজতো কিছুমান ধৰ্মীয় আৰু কিছুমান জনবিশ্বাস অনুসৰি পূজা-পাতল , উচব-পাৰ্বন প্রভৃতি পৰম্পৰাগত ভাবে উদ্ যাপিত হৈ আহিছে |   আগলৈ......

    🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)