গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যম (খণ্ড - ০১)

©Admin
0

সংবাদ মাধ্যমক গণতন্ত্ৰৰ  চতুৰ্থ স্তম্ভৰ স্থান দিয়া  হৈছে ৷ গতিকে এই চতুৰ্থ স্তম্ভই কেনেদৰে নিজৰ কৰ্তব্য পালন কৰিছে সেইটোহে চকু দিবলগীয়া ৷ মই জনা মতে দেশৰ চতুৰ্থ স্তম্ভই সম্পূৰ্ণ নিষ্ঠা আৰু নিৰপেক্ষভাৱে সমাজৰ হিতকাৰী আৰু সত্যতাৰে নিস্বাৰ্থভাৱে সমাজত সংবাদ প্ৰেৰণ কৰা উচিত ৷ কিন্তু বৰ্তমান সংবাদ মাধ্যমৰ যিমান বেছি প্ৰসাৰতা লাভ কৰিছে সিমানেই বেছি লক্ষ্য উদ্দেশ্য আৰু সংবিধানৰ নিয়ম-নীতিৰ সীমাবদ্ধতা চেৰাই গৈছে ৷ ইয়াৰ কেইবাটাও ডাঙৰ কাৰণ পৰিলক্ষিত হয় ৷ 

তাৰে প্ৰথমটো হ'ল প্ৰতিযোগিতাঃ- সংবাদ মাধ্যমৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে সংবাদ মাধ্যমৰ মাজত তুমূল প্ৰতিযোগিতা আৰম্ভ হৈছে ।এটা সংবাদ মাধ্যমে আন এটা সংবাদ মাধ্যমক কেনেকৈ পৰাজিত কৰিব পাৰি , কেনেকৈ অন্যবোৰ সংবাদ মাধ্যমতকৈ সৰ্বপ্ৰথমে সংবাদ প্ৰেৰণ কৰিব পাৰি ৷ এইখিনি দিশত চকু দি থাকোতে আজি সৰ্বাধিক সংবাদ মাধ্যম অনিয়মত যাবলৈ লৈছে । অৰ্থাৎ সংবাদ মাধ্যমৰ নীতিৰ সীমা চেৰাই গৈছে ৷ 

সংবাদ মাধ্যমে সমাজত বিশেষ ভূমিকা পালন কৰে ৷  ভাল আৰু  সত্য সংবাদে সমাজৰ উপকাৰ সাধন কৰে, আনহাতে অসত্য সংবাদে সমাজৰ অপকাৰ সাধে ৷ পোনপটীয়াকৈ কবলৈ গ’লে অসত্য আৰু অন্ধবিশ্বাসৰে পৰিপূৰ্ণ সংবাদে সমাজক বিপথগামী কৰে ৷ 

গতিকে চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ সমাজৰ হিতৰ হকে কাম কৰা উচিত আৰু বাঞ্ছনীয় ৷ সেয়েহ মই সংবাদ মাধ্যমক কওঁ যে এজন সাংবাদিকে নিস্বাৰ্থভাৱে আৰু সত্যতাৰ ওপৰত নিৰূপণ কৰি সংবাদ প্ৰেৰণ কৰি  সংবাদ মাধ্যমক আগবঢ়াই নিব পাৰে ৷ গতিকে সাংবাদিক সকলে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰা উচিত ৷ 

                     আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)