শিক্ষা

©Admin
0

শিক্ষাই আলোক
শিক্ষাই প্ৰতিভা
শিক্ষাই প্ৰগতিৰ মূল,
শিক্ষাই জ্ঞান
শিক্ষাই সন্মান
শিক্ষাই মানৱতাৰ মূল ।

ৰবিৰ কিৰণে তিমিৰ আঁতৰায়
ধৰ্ষণ লুণ্ঠন থাকে,
শিক্ষাৰ কিৰণে সমাজ পতালে
নাচাপে ভ্ৰষ্টাচাৰ কাষে।

মানৱী চকুৰে দেখিব পাৰিম
মানুহৰ বাহ্যিক বৰন,
শিক্ষাৰ চকুৰে দেখিব পাৰিব 
মানুহৰ আচল ধৰন।

শিক্ষাই শংকৰ
শিক্ষাই আজান
শিক্ষাই মিলনৰ মূল,
শিক্ষাই পুৰাণ
শিক্ষাই ক্বোৰান
শিক্ষাই ধৰ্মৰ মূল ।

📝শ্বৰিফ উদ্দিন
ডবকা,হোজাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)