মোক এখন চোতাল দিয়া-০৩

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা
তাৰ পিছত ন-খোৱা পৰ্ব | কেনেকৈ ইঘৰে সিঘৰক ন-ধানৰ প্রথম সাজ ভাত গুৰু ভকতৰ সৈতে একেলগে চোতালত বহি খাবলৈ আমন্ত্রণ কৰিছিল | একেলগে গাতে গা লগাই চোতালত বহি ন খাইছিলো , সেইবোৰ এতিয়া ক'ত জানো এৰি থৈ আহিলো ভাবিলে চকুলো ওলায় , হায় সময় | আমাৰ কন্যা সন্তানে ন-খোৱা মানে কি দেউতা বুলি প্রশ্ন কৰিলে সিহঁতক বুজাব পৰাকৈ আমাৰ মুখত ভাষাৰ অভাৱ হয় | 
    চোতালৰো বোলে কেবাটাও ভাগ আছিল | (১) আগচোতাল,(২) মাজ চোতাল,আৰু (৩) পিছ চোতাল | 
 (১) আগ চোতালৰ ব্যৱহাৰঃ-- নীতি নিয়মৰ দাস আমি কিছু কিছু ক্ষেত্রত আমি পৰম্পৰা মানি চলো | আগ চোতালত বিভিন্ন পৰ্ব, বিবাহ, শ্রাদ্ধ, কৃষি চপোৱা , মৰণা মৰা , ধান বা দিয়া আদি কাৰ্য সম্পাদন কৰা হয় |
  (২) মাজ চোতালৰ ব্যৱহাৰঃ-- মাজ চোতালত ঘৰৰ বোৱাৰী জীয়াৰীয়ে বোৱা কটা , ভাগৰ জিৰোৱা , উচব পাৰ্বনৰ বাবে লাগতীয়াল বস্তু প্রস্তুত কৰা কাম এই মাজ চোতালত কৰা হয় | মাজ চোতাল সাধাৰণতে ভিতৰ চ'ৰাত দেখা যায় |
(৩) পিছ চোতালৰ ব্যৱহাৰঃ-- এই চোতালত খৰি ফলা , কাপোৰ শুকুওৱা, ধান শুকুওৱা আদি কাম কৰা হয় | কথিত আছে এই পিছ চোতাল হেনো কিছুমান বুঢ়া-বুঢ়ীয়ে আনৰ সমালেচনা কৰা, আনৰ কথা পতা আদিহে কৰিছিল |
     আমাৰ সমাজত কিছুমান পৰম্পৰা আছে | সেই পৰম্পৰা অনুসৰি পুৰুষে বাহি চোতাল গছকিব নাপায় | সেই কাৰণে ঘৰৰ মাইকী মানুহে পুৱাতে উঠি চোতাল সাৰে | চোতাল সৰাৰো কিছুমান নীতি নিয়ম আছে | পুৱা চোতাল সাৰিলে পূবৰ পৰা পশ্চিমলৈ আৰু আবেলি চোতাল সাৰিলে পশ্চিমৰ পৰা পূবলৈ সাৰিব লাগে | চোতালত গোবৰ জাবৰ থব নাপায় | এই নাপায় কিছুমানৰ বৈজ্ঞানিক ভিত্তিও নথকা নহয় |
    ঘৰ এখনত চোতাল এখনৰ খুবেই আৱশ্যক | চোতাল খনেই ঘৰ এখনৰ প্রথম পৰিচয় | তাৰ বাবেই আজিৰ সময়ৰ কিছুমান কথা কাণ্ড দেখি অন্তৰৰ ভিতৰত গুজৰি গুমৰি থকী ক্ষোভবোৰ ফাটি ওলাই আহে | আৰু সেয়েহে চিঞৰি চিঞৰি কবৰ মন যায় মোক খন চোতাল দিয়া | এখন আহল বহল চেতাল, এখন ডাঙৰ চোতাল | চোতাল, চোতাল চোতাল.......

       সমাপ্ত
 🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)