ৰক্ত গংগাৰ পাৰত মোৰ শৈশৱ (খণ্ড-০৪)

Rinku Rajowar
0
(প্ৰতি সোমবাৰে প্ৰকাশিত ধাৰাবাহিক মননশীল লেখনি)
----------------------------------------------------------------
আমাৰ গাঁৱৰ দক্ষিণ সীমাৰে খনাজান নামৰ এটা জান পশ্চিমৰ পৰা পূবলৈ বৈ গৈ ৰঙানৈত পৰিছে । এই জানটোৰ সিপাৰে খনাজান নেপালী গাঁও । মাজে সময়ে বিশেষকৈ খৰালি কালত এই গাঁৱৰ পৰাও গভীৰ নিশা ঢোলকিৰ মাতৰ লগত নেপালী গানৰ সুৰ ভাঁহি আহি আমাৰ কাণত পৰিছিল । কিন্তু এই সুৰে আমাৰ হৃদয়ত সিমান গভীৰ ভাৱে ৰেখাপাত কৰিব পৰা নাছিল যদিও সিমান বেয়াও লগা নাছিল ।  
  এটা কথা মনত পৰিছে - প্ৰথমেই ক'ব লাগিছিল যদিও ৰক্তগংগা বা ৰঙানৈৰ বিষয়ে আৰু দুটামান কথা নক'লে লেখনিটো অপূৰ্ণ হৈ ৰ'ব । চীন সীমান্তৰ ওচৰৰ পৰা ওখ চাপৰ পাহাৰৰ উপলা বুকুৰ মাজে মাজে বৈ অহা বহুধা স্ৰোতস্বীনি জলধাৰাৰ মিলনেৰে গর্বিত ভৈয়ামত নাম লৈছে ৰঙানৈ । শীতকালি কুঁৱলীৰ কম্বল মেৰিয়াই নৈখন ধিয়ানত মগন কোনোবা তপস্বীনিৰ দৰে লাগিছিল । বাৰিষাৰ দিনতো প্ৰচুৰ পানীৰে উত্তাল হৈ পৰিছিল যদিও সংযম হেৰোৱা নাছিল বুলিয়েই ক'ব পাৰি । এতিয়া অৱশ্যে মানৱ সৃষ্ট কাৰণত নদীখন বাৰিষা গঞাৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে । চিৰপ্ৰবাহিনী এই নদীক জনজাতি সকলে পুৰণি কালত চাব্ৰু বা চাবৰু নদী বুলিছিল । ডিব্ৰু বা ডিবৰু নদীৰ নামৰ লগত এই নামটোৰ অৰ্থৰ নিশ্চয় কিবা মিল থাকিব পাৰে । সংস্কৃত পণ্ডিত শ্ৰীযুত উমেশ চন্দ্ৰ শাস্ত্ৰী দেৱে কোনো এটা লেখনিত পুৰাণৰ এটি কাহিনী উল্লেখ কৰিছে । সেই কাহিনীটো এনেধৰণৰ- পাৰ্বতীয়ে এদিন শিৱক ৰক্তনদীৰ সৃষ্টি কেনেকৈ হ'ল সুধিলে । শিৱই উত্তৰ দিলে- "এসময়ত মোৰ (শিৱ) আৰু ব্ৰহ্মাৰ মাজত এখন যুদ্ধ হৈছিল । যুদ্ধত হাৰি ব্ৰহ্মাই লাজ অপমানে কপালৰ ঘাম চুচি মাটিত পেলোৱাৰ লগে লগে ঘামৰ পৰা এজন দিব্য পুৰুষ সৃষ্টি হ'ল । দিব্য পুৰুষে ব্ৰহ্মাক তেওঁক সৃষ্টিৰ কাৰণ সুধিলে । ব্ৰহ্মাই ক্ৰোধত অন্ধ হৈ দিব্য পুৰুষক মোক বধ কৰিবলৈ নিৰ্দেশ দিলে । আজ্ঞা শিৰোধার্য কৰি দিব্য পুৰুষে মোলৈ ধনুষবান টোঁৱালে । মই ভয় খাই বিষ্ণুৰ কাষ পালোগৈ । বিষ্ণুৱে একো তত ধৰিব নোৱাৰি মোৰ ভিক্ষাৰ জোলোঙাত নিজৰ হাতখন ভৰাই দিলে । মই ভাবিলো বিষ্ণুয়ে নিজৰ হাতখনকে মোক ভিক্ষা দিছে । গতিকে মই ত্ৰিশূলৰে বিষ্ণুৰ হাতখন কাটি পেলালো । বিষ্ণুৰ কটা হাতখনৰ পৰা নিৰবিছিন্ন ভাৱে ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰিলে আৰু এই ৰক্তপ্ৰবাহে ৰক্তনদীৰ জন্ম দিলে । মোৰ কাৰ্যত বিষ্ণু আচৰিত নহৈ মোৰ ভিক্ষাৰ পাত্ৰ পূৰ্ণ হ'লনে নাই বুলিহে সুধিলে । নিজৰ অবিবেচক কাৰ্যত বৰ লজ্জিত হৈ বিষ্ণুক বৰ দিলো যে বিষ্ণুৰ ৰক্ত প্ৰবাহিত হৈ এখন ৰক্তনদী বিখ্যাত হ'ব আৰু ৰক্তগংগা নামেৰেও জনাজাত হ'ব । ইয়াৰ জল পান কৰি মানুহে পৰম পদ লাভ কৰিব ।" (আগলৈ)

🖋️সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)