শাওণে হাত বাঊলি দি মাতে,
পিতাই অ'
তোলৈ বৰকৈ মনত পৰে,
কাহিলি পুৱাতে আইয়ে দিয়া
এবাতি ফিকা চাহৰ জুতি লৈ
নাঙলটো কান্ধত লৈ, জাপিটো হাতত লৈ
তই যে যাৱ পথাৰলৈ ৷
বৰকৈ মনত পৰে অ
তোৰ মূখৰ পথৰুৱা ভাষা
ওঁহ ,ওঁহ, বাঢ়ি যা ,বাহিৰে যা, ভিতৰে যা
চাপি ল বাহিৰ
বেলি হল খৰকৈ যা
আৰু যে কিমান কথা কিমান ভাষা৷
আইয়ে যতনাই দিয়া
জলপানৰ বাতিটো হাতত লৈ
দৌৰ মাৰো তোৰ হালবোৱা চাবলৈ…
কি দৰে ধৰ নাঙলৰ মুঠিত,
কিদৰে চাহ কৰ কি দৰে মৈ দিয় মাটি
চাই থাকো থৰ লাগি
তই যে কৱ
আলিত নুঠিবি নেভাঙিবি পানী
দ' মাটিত শালি ধানৰ খেতি।
নাঙলৰ সিৰলুত পুঠি মাছ বিচাৰি
বোকা-পানী গচকি ভাগৰুৱা ল'ৰালি
ঘৰমুৱা হওঁতে তই যে কৱ
বোপাই অ' ! পঢ়াশালিলৈ যাবি,
মনপুতি পঢ়িবি, ভাল মানুহ হবি
ধৰিব নেলাগে দে নাঙলৰ মুঠিত।
পশ্চিম আকাশত আজি
কলীয়া মেঘ উঠিছে ভাঁহি
দেখি মনে মেলিছে ঢাপলি
মনত পৰিছে চিনাকি পথাৰত
এৰি অহা শাওণৰ ডুখুৰিয়া ছবি।
প্ৰবীণ দত্ত
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ