দেৱীপূজা-০৫

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা..
কামাখ্যা থানৰ পৰা প্রায় ২০ ফুটমান আতৰত চাৰিটা প্রায় ৩ ১/২ফুট ওখ চাৰিকোণীয়া খুটা আছে | প্রত্যেক খুটাৰ ওচৰত একোখন প্লেটফৰ্ম আছে | খুটাৰ ওপৰত একোটি লোৰ বল্টু আছে | এই বিষয়ে সঠিক ভাৱে জনা নাযায় যদিও জন-শ্রুতিমতে সেইকেইটা তাতৰ খুটা বুলি কোৱা হয় | দুয়োখন থানতেই দেউৰীয়ে পূজা সম্পন্ন কৰে আৰু কামাখ্যা থানত বলিও কাটে | দেউৰীক ৰাইজে নিৰ্বাচন কৰে | পৰম্পৰাগতভাৱে দেউৰী হ'ব নোৱাৰে |
   তেনেধৰণৰ দেৱীপূজাৰ প্রাধান্য দক্ষিণ কামৰূপৰ অন্যান্য ঠাইতো দেখিবলৈ পেৱা যায় | ছয়গাঁও, ৰতনপুৰ অঞ্চলত বৰমান্নীৰ থান , কুলচীৰ ওচৰৰ তিয়ামাৰি থান, বৰমান্নীৰ থান , ৰাণী পাটগাঁৱৰ বুঢ়ীগোঁসানীৰ থান , জয়পুৰ প্রভৃতি ঠাইত মহাসমাৰোহেৰে আৰু জনবিশ্বাস আৰু ধৰ্মীয় নীতি নিয়মেৰে পালন কৰা আই গোঁসানীৰ পূজা প্রচলিত আছে | বহুতো ঠাইত অকল জনজাতীয় ৰাভা বা বড়ো সকলৰ মাজতে উক্ত আই বা দেৱী পূজাসমূহ সীমাবদ্ধ হৈ থকা নাই | জনজাতীয় অ-জনজাতীয় সকলো লোকেই শ্রদ্ধা আৰু ভক্তি ভাবে পূজা অৰ্চনাত অংশগ্রহণ কৰে |
     আই অৰ্থে দক্ষিণ কামৰূপৰ ভালেমানঠাইত বসন্ত ৰোগৰ অধিষ্ঠাত্রী দেৱীকো বুজুৱা হয় | বসন্তৰ পৰা হাত সাৰিবলৈ বা বসন্ত ৰোগৰ পৰা অব্যাহতি পাবলৈ আই ভগৱতীক তুতি মিনতি জনাই শীতলা পূজী কৰা হয় | এই পূজাত ৰেগী থকা ঘৰত আসন পাতি সাত বা ন দিন পৰ্যন্ত একেৰাহে আই শীতলাৰ পূজা কৰা হয় | ইয়াত বলি বিধান নহয় | দধি , দুগ্ধ,ঘী, মৌ , পায়স প্রভৃতিৰে কেঁচা বা পকা ভোগ দিয়ে | শুক্ল বস্ত্র পৰিধান কৰা আয়তী বা শীতলা পাঠ পূজা কৰিব পৰা তিৰোতাইহে কাতৰ প্রাৰ্থনাৰে গীত পদ গাই দেৱীক সন্তুষ্ট কৰে |
     লোহাৰঘাটৰ নিকতবৰ্ত্তী জয়পুৰত শ্রীমতী খেৰো ৰাভা নামৰ এগৰাকী ধৰ্মপৰায়ণা বুঢ়ী আছিল | আই পূজাৰ সময়ত দেৱীয়ে তেওঁক লম্ভিলে তেঁওৰ মুখেৰে অনৰ্গল আই প্রাৰ্থনাৰ গীত মাত নিৰ্গত হয় | কিন্তু বেলেগ সময়ত এই সম্পৰ্কত অধিক কব নোৱাৰে 
    মুঠতে আই ভগৱতীক দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত ৰাভা সমাজে ভিন্ ভিন্ ৰূপত বিভিন্ন সময়ত অনাদি কালৰে পৰা পূজা অৰ্চনা কৰি আহিছে  |
        (সমাপ্ত)
   🖋️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)