জুগুপ্সা

©Admin
0
তাই মোক কৈছিল গেঁথনি মাতৰে
জীৱন যৱনিকা পতনৰ বেলা।
"সোণাই মই এই সমাজক জুগুপ্সা কৰোঁ
যি সমাজত আজিও জাত-পাত ও ধৰ্মক লৈ অন্ত কন্দল হৈয়ে থাকে।
যি সমাজে বুজি নাপায় আমাৰ দৰে নৱ প্ৰজন্মৰ আধুনিক মনুভাৱক।
যি সমাজত জাতি-বিদ্বেষ
সঘনে পৰিলক্ষিত হয়।
মই নোৱাৰোঁ এনে সমাজত জীয়াই থাকিব 
যি সমাজত জাত্যভিমানী কিছু লোকে।
নিম্ন শ্ৰেণীৰ মনুহক আজিও
মানুহ বুলি বিবেচিত নকৰে।
দুটা ভিন্ন জাতীৰ  মাজত
স্বামী -স্ত্ৰীৰূপে জীৱন কতোৱাটো অপৰাধ বুলি গণ্য কৰে।
তোমাৰ মোৰ মিলন হ'ব নিদিয়ে অ '
এই সমাজৰ জটিল নীতি নিয়ম বোৰে।
সিহঁতি ক'ত বুজিব
আমাৰ দৰে প্ৰেমিকৰ কৰুণ গাথা?
নোৱাৰো সোণাই এনেকৈ
মৰি মৰি জীয়াই থাকিব।
সেয়েহে আজি মই বাধ্য
আমাৰ সপোন বোৰ হৈ ৰ'ল অৰ্ধ।
তোমাৰ পৰা আতৰি যোৱাৰ
মোৰ কিঞ্চিতো মন নাই অ'।"

📝কিৰণ জয় চাওদাং
      ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)