অনাকাংক্ষিত অধ্যায়-০৭

Rinku Rajowar
0
উজনি অসমৰ সমগ্ৰ পাটকাই পৰ্বতমালাত বিস্তৃত হৈ থকা বৰ্ষাৰণ্যসমূহৰ লাহে লাহে নিজা বৈশিষ্ট্য লোপ পাবলৈ ধৰিছে।ইয়াৰ মুখ্য কাৰণ অবাধ বন ধ্বংস।আনহাতে ক'ল ইণ্ডিয়াৰ নৰ্থ ইষ্ট ক'ল ফিল্ডে ব্ৰিটিছৰ দিনৰে পৰা এই বনাঞ্চলসমূহত কয়লা খনন কৰি আহিছে।বনাঞ্চলসমূহত বৈধ ভাৱে কয়লা খনন কৰিবলৈও কোনেও বাধা প্ৰদান কৰিব নোৱাৰে কিয়নো বাধা তেতিয়াহে আহিব যেতিয়া একোখন বনাঞ্চল আৰু তাৰ জীৱকুলৰ সংৰক্ষণৰ বাবে বনাঞ্চলখনে অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰিব।ক'ল ইণ্ডিয়াই যিমানবোৰ বনাঞ্চলত কয়লা খনন কৰি আছে,সেইবোৰ অভয়াৰণ্য নহয় বনাঞ্চলহে।তাৰোপৰি,বন বিভাগৰ হাতত এনে কোনো আইন নাই,য'ত এখন হস্তী বনাঞ্চলৰ হস্তীকুলক সংৰক্ষিত কৰিব পাৰে।কাৰণ বন বিভাগে ৰাজহ সংগ্ৰহৰ বাবে একোখন হস্তী বনাঞ্চলত শিল,বালি,কয়লা,খাৰুৱা তেল আদি সংগ্ৰহৰ বাবে বৈধভাৱে অনুমতি দিব পাৰে।যদি হস্তীকুলৰ সংৰক্ষণ পূৰ্ণপৰ্যায়ত হয় তেন্তে বনাঞ্চলখন অভয়াৰণ্যলৈ উন্নীত কৰিবই লাগিব।ইতিমধ্যে ,নেচাৰ্চ বেকন নামৰ সংস্থাটোৱে উজনিৰ জয়পুৰ বৰ্ষাৰণ্য বা সংৰক্ষিত বনাঞ্চল,আপাৰ দিহিং বৰ্ষাৰণ্য বা সংৰক্ষিত বনাঞ্চল আৰু ডিৰক বৰ্ষাৰণ্য বা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৫০০বৰ্গ কি:মি: সামৰি অভয়াৰণ্যৰ স্বীকৃতি দিবলৈ চৰকাৰক দাবী কৰি আহিছিল।কিন্তু পৰৱৰ্তী পৰ্যায়ত চৰকাৰে ইয়াৰে মাত্ৰ ১১১.১৯ বৰ্গ কি:মি: অঞ্চল সামৰি দিহিং পাটকাই অভয়াৰণ্য বুলি ঘোষণা কৰে।
    ডকুমেণ্টৰীখন আৰম্ভ কৰিবৰ দিনাৰেপৰা পখী আৰু প্ৰানজিতৰ মাজৰ সংযোগ বহুখিনি কমি আহিল।অফিচত থকাৰ সময়ত মাজে মাজে কম সময়ৰ বাবে লগ পাই যদিও বিৰতি আৰু বাকী সময়ছোৱাত প্ৰানজিতক লগ পোৱাটো অতি কঠিন হৈ পৰে।সি ডকুমেণ্টৰীখনক লৈ ভীষণ ব্যস্ত হৈ পৰিছে।আগতে পখীয়ে সি কিবা কামত সহায় বিচাৰিলে তাই নোৱাৰো বুলি ক'লেও সি আঁকোৰগোঁজ হৈ তাইক আমনি কৰি তাইৰ পৰা কাম আদায় কৰিহে এৰিছিল।এইবিলাক কথা মনত পৰিলে তাইৰ এতিয়াও হাঁহি উঠে।সিহঁতৰ বন্ধুত্ব দহ বছৰৰো পুৰণি।প্ৰানজিতে অতি সহজে অচিনাকীকো আপোন কৰি ল'ব পাৰে। সেয়েহে  এই স্বভাৱৰ বাবেই পখীয়ে হয়তো তাক বন্ধুত্বতকৈ বেলেগ ধৰণে ভাবিবলৈ বাধ্য হৈছিল।কিন্তু প্ৰানজিতৰ ফালৰ পৰা তেনে কোনো বেলেগ ব্যৱহাৰ দেখা পোৱা নগৈছিল।সেইকাৰণে পখীয়ে বহু কথা কম বুলিও নোকোৱাকৈ ৰৈ গৈছিল। তাইৰ ভয় হয় কিজানিবা তাইৰ কথা শুনি সি যদি আঁতৰি যায়;তাই নাজানে প্ৰানজিতে কথাবোৰ কেনেকৈ বা ভাবে। সেয়েহে তাৰ চকুলৈ চালেই নীৰৱ হৈ পৰে তাই।
"অ'ই পখী,ৰিপৰ্টিঙৰ কামবোৰ ভালদৰে হৈ আছে নে?"অফিচত পখীৰ মুখামুখি হোৱাত প্ৰানজিতে সুধিলে।
"অ' ঠিকে ঠাকে চলি আছে।ৱাহ!! আজিহে তোৰ মানে খবৰ ল'বলৈ সময় ওলাল।"
"তেনেকৈ কিয় কৈছ'! মই চোন সদায় সকলোৰে খবৰ ৰাখোঁ।"
"সকলোৰে খবৰ ঠিকেই ৰাখ' পিছে মোৰ হে খবৰ ৰাখিবলৈ সময়ৰ অভাৱ হয় তোৰ।"
"তই চোন জান'ই মই এইকেইদিন কিহত ব্যস্ত।তাতে কামটো মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেইটোও চোন ভালকৈয়ে জান'।"
"কামত ইমানে বেছি ব্যস্ত হৈ গ'লি নে যে তই  তোৰ খবৰ পাবলৈ ৰৈ থকা তোৰ ভাল বান্ধৱীজনীৰো তোৰ ওচৰত গুৰুত্ব হেৰাই গ'ল।"
"সদায় চোন অফিচত লগ পাইয়ে থাকো,আকৌ বেলেগকৈ ভাল,বেয়াৰ খবৰ ল'লেহে গুৰুত্ব দিয়া হয় নেকি?"
"খং কিয় কৰিছ'?"
"আৰে খং নুঠিব কিয়?তোৰ যদি কিবা সমস্যা আছে তেতিয়াহ'লে তই মোৰ ওচৰত নিজে আহি নকবি নেকি এতিয়া?নে নতুনকৈ চিনাকী হোৱা মানুহৰ দৰে সদায় খা-খবৰ ল'লেহে তই ক'বলৈ ভাল পাবি!"
"মই তেনেকৈ ক'ব বিচৰা নাই"
"চা পখী,তই হ'লি মোৰ সবাতোকৈ ভাল আৰু পুৰণি বান্ধৱী।ব্যস্ততাৰ বাবে সদায় হয়তো তোৰ খবৰ ৰাখিব নোৱাৰিব পাৰো কিন্তু সেইবুলিয়ে তোৰ গুৰুত্ব মোৰ জীৱনত কমি নাযায়।তোৰ স্থান সদায় একেই থাকিব।না তোৰ স্থান বেলেগক ল'বলৈ দিম না কোনোবাই কাঢ়ি নিব পাৰিব।এতিয়াও তই মোক বেয়া পাই থাকিবিনে পখী?"
"নাপাওঁ প্ৰানজিত।মই বুজিছো,ভূলতে এনেই ইমান overreactকৰি দিলো। এতিয়া তইহে বেয়া নাপাবি মোক।"
"হ'ব দে,এতিয়া আৰু ছেণ্টি নাফালিবি।আৰু শুন,কেইদিনমানৰ পৰা মানুহৰ মুখত আমাৰ চেনেলৰ বিষয়ে ভাল গুণ-গান শুনি আহিছো।গতিকে দায়িত্ব আমাৰ বেছিকৈ বাঢ়িছে বুজিছ'নে?তইও ভালদৰে কামবোৰ কৰি আছ' পিছে,কৰি যা এনেদৰে।মোৰ শুভেচ্ছা যে সদায় তোৰ লগত আছে সেইটো চাগে তই নকলেও জান'!"
"হ'ব এতিয়া ফুচুলাব নালাগে মোক।জানো দে তোৰ কথা।তই মোৰ সাহস,প্ৰেৰণা।সদায় এনেদৰে থাকিবি।"
"ঠিক আছে,বাৰু মই যাওঁ দেই।কাম এটা আছে,অনুৰাগে মাতি পঠাইছিল।"
  প্ৰানজিত যোৱাৰ পিছত পখীও নিজ কৰ্মত ব্যস্ত হৈ পৰিল।তাৰ লগত পখী কেতিয়াও জিকিব নোৱাৰে ।সেয়া লাগিলে কামতেই হওঁক বা কথাতে।তাৰ ওচৰত সদায় হাৰি যায় তাই।চহৰখনৰ প্ৰখ্যাত সাংবাদিক অমৰ হাজৰিকাৰ একমাত্ৰ ছোৱালী পখী হাজৰিকা।সাংবাদিকতাৰ ভৰপূৰ জ্ঞানেৰে সমৃদ্ধ,সকলো কথা বা কৰ্মতে আগৰণুৱা,প্ৰবল আত্মবিশ্বাসী ছোৱালী তাই।পখী হাজৰিকা 'জীৱনাদিত্য'ৰো মূল কেন্দ্ৰবিন্দু।তাই কেন্দ্ৰবিন্দু হৈ পৰাৰ কাৰণো বহুত।সেইয়া হ'ল তাইৰ স্পষ্টবাদিতা,নিৰ্ভীক,পৰিশ্ৰমী আৰু আনকো প্ৰেৰণা যোগাব পৰা গুণ। কিন্তু তায়ো কেতিয়াবা দুৰ্বল হৈ পৰে আৰু সেয়া প্ৰানজিতৰ সন্মুখত।এই দুৰ্বলতাই তাইক বৰ কষ্ট দিয়ে।এই কষ্টৰ পৰা পৰিত্ৰাণৰো উপায় বিচাৰি পোৱা নাই তাই।
      পখীৰ লগত থাকি থাকি গৌৰীও বহুত কামত আগবাঢ়ি  গৈছে।পৰিশ্ৰমী গৌৰীয়ে হাৰ মানিব নুখুজে আৰু জীৱনত। অবিশ্বাস্য জীৱনত ৰামধেনুৰ সাতোৰঙ বুলাব খোজে তাই।এই জীৱনে তাইক নভবাকৈয়ে বহুত কিবা কিবি  দি গৈছে।
 "গৌৰী"
"হা....."
"কি হ'ল মুখমেলি ৰ'লা যে!"
"নহয় মানে অনুৰাগ দা,কিবা কথা এটাহে ভাবি আছিলো।"
"গৌৰী,তুমি এই অকণমানি মগজুটোৰে ইমানকৈ কি কি ভবা-চিন্তাবোৰ কৰি থাকা ন'?"
"অনুৰাগ দা,চিন্তাবোৰ নিজে কৰো বুলি কৰি নাথাকো নহয়,নিজে নিজে হে মনলৈ আহে।"
"হয় নেকি!তেতিয়াহ'লে চিন্তাবোৰ বাদ দিয়া এতিয়া, আৰু শুনা আজি সন্ধিয়াৰ বাতৰি তুমি অকলেই পঢ়িব লাগিব।"
"কিয়!!আপুনি নাথাকে নেকি?"
"আজি মই "খোজ"অনুষ্ঠানলৈ যাব লাগিব।সিদ্ধাৰ্থ যোৱাৰ কথা আছিল যদিও কিবা কাৰণত সি যাব নোৱাৰিব।গতিকে নাথ ছাৰে মোকেই যাবলৈ আৰু তোমাক বাকীখিনি কাম চম্ভালিবলৈ ক'লে।"
"মই অকলেই!!পাৰিম জানো অনুৰাগ দা?"
"পাৰিবা কিয় নোৱাৰিবা।পখী,প্ৰানজিতহঁত আছেই।সহায় কৰি দিব তোমাক।"
"হ'ব বাৰু ।আপুনি ভালদৰে যাব তেন্তে।"
"অ'কে গৌৰী,তুমিও কামত ১০০% দিবা বুলি মোৰ বিশ্বাস আছে।"
"হুমম,চেষ্টা কৰিম অনুৰাগ দা।"
  মিচিকিয়া হাঁহি মাৰি অনুৰাগ অফিচৰ পৰা ওলাই গ'ল।
(আগলৈ....)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)