জৰাসন্ধ নগৰৰ উৎপত্তিৰ ৰহস্য, খণ্ড - ০২

©Admin
0

জৰাসন্ধৰ প্ৰতিত্তৰত ভীমে গদা দেখোৱাই 

ক'লে " আমাক শাস্তি পাছত দিবি তাৰ আগতে তোৰ হাড়মূৰ ভাঙি বৰলুইতত উটুৱাই দিম "

ভীমৰ কথা  জৰাসন্ধৰ অকণো হজম নহ'ল জৰাসন্ধই তৰোৱালখন তুলি 

ক'লে " বেছ তেন্তে মোৰ প্ৰহাৰৰ পৰা নিজকে বচা " 

এনেকৈ আৰম্ভ হ'ল ভীম আৰু জৰাসন্ধৰ ৰণ ভীমে জৰাসন্ধৰ শৰীৰত প্ৰহাৰ কৰি দুফাল কৰি দিলে জৰাসন্ধৰ শৰীৰ আকৌ আগৰদৰেই যোৰা লাগিল ৷ জৰাসন্ধই বিকৰাল হাঁহি মাৰি 

ক'লে " মোক স্বয়ং ত্ৰিদেৱে মাৰিব নোৱাৰে তই কোন মুৰ্খ তই নাজান যে মই চিৰ মৃত্যুঞ্জয় গতিকে সাবধান "

জৰাসন্ধই প্ৰহাৰ কৰিলে ভীমেও প্ৰহাৰৰ উত্তৰ দিলে আকৌ ভীমে প্ৰহাৰ কৰি জৰাসন্ধৰ শৰীৰ দুফাল কৰিলে এইবাৰো আগৰদৰেই জৰাসন্ধৰ শৰীৰ যোৰা 

লাগিল ৷ ভীমে শ্ৰীকৃষ্ণক ধ্যান কৰিলে 

" হে প্ৰভু দুষ্ট অহংকাৰী জৰাসন্ধৰ মৃত্যুৰ প্ৰকৰণটো অনুগ্ৰহ কৰি জনাওক "

কৃষ্ণই ক'লে 

" জৰাসন্ধৰ  শৰীৰৰ খণ্ড কৰি  দুই দিশে বিস্তাৰিত কৰি দিলে পুনঃ জৰাসন্ধৰ শৰীৰ যোৰা নালাগে "

ভীমে গদাৰ কোবত জৰাসন্ধৰ শৰীৰ দুই খণ কৰি দুই দিশত ওলটপালট কৰি বিস্তাৰিত কৰি দিলে এইবাৰ জৰাসন্ধৰ শৰীৰ যোৰা লাগিব নোৱাৰি মৃত্যুক আকোৱা্লি ল'লে  এনেদৰে জৰাসন্ধৰ অন্ত হ'ল ৷ এনেদৰে ঠাইডোখৰৰ নাম জৰাসন্ধ নগৰ হ'ল ৷ বৰ্তমান নুমলীগড় জৰাসন্ধ নগৰৰ ভগ্নাংশ শেষ দেখিবলৈ পোৱা যায় এই জৰাসন্ধ নগৰত শিল্প ভাস্কৰ্যৰ উত্তম আৰু মনোৰম সৌন্দৰ্য বিৰাজমান ৷ অসম চৰকাৰে প্ৰৰ্যটকৰ সুবিধাৰ্থে সকলো ধৰণৰ সাসুবিধা উপলব্ধ কৰাইছে ৷ প্ৰতিবছৰে হোৱা শিৱৰাত্ৰি উৎসৱত অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰৰ্যটকৰ আগমণ ঘটে ৷ জৰাসন্ধ নগৰৰ পাহাৰত উঠিবলৈ দুই ধৰণৰ খটখটীৰ ব্যৱস্থা আছে এটা সমান খটখটী আৰু আনটো খাপ থকা খটখটী ৷

সমান খটখটীত উঠোতে সাবধানতা অবলম্বন নকৰিলে দুৰ্ঘটনা ঘটিবলৈ সময় নালাগে ৷ এতিয়ালৈকে এনেদৰে খটখটীৰ পৰা পিছলি পৰি আঘাতপ্ৰাপ্ত হোৱা বহুতো ঘটনা ঘটি গৈছে ৷ যিকি নহওক জৰাসন্ধ পাহাৰ অতিতৰ ইতিহাস বহণ কৰা এটা প্ৰয়োজনীয় ঠাই গতিকে ইায়াৰ সংৰক্ষণৰ দায়িত্ব আমাৰ হাততে কাৰণ জৰাসন্ধ পাহাৰৰ গাতে লাগি থকা অসমৰ চতুৰ্থতম তেলশোধানাগাৰৰে মম কাৰখানাৰ বাবে জৰাসন্ধ পাহাৰৰ যথেষ্ট অঞ্চল ইতিমধ্যে দখল কৰি পকী বেৰ গাঁথি পেলাইছে ৷

এই ক্ষেত্ৰত আমি চোকা দৃষ্টি ৰখাৰ প্ৰয়োজনীয়তা আছে ৷ তেতিয়াহে ভগ্নাংশ শেষ ইতিহাসপ্ৰসিদ্ধ আৰু মহাভাৰত আখ্যানৰ প্ৰমাণ কৰা জৰাসন্ধ পাহাৰৰ সুৰক্ষা দিয়াটো সুবিধাজনক হব ৷

                 সমাপ্ত

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)