সংঘাত

©Admin
0
কিবা এটা হেৰুৱাৰ বেদনাত
বাটে পথে সংঘাত লাগে
সিহঁতৰ কেতিয়াবা কিনো হয়
মানসিক ভাৰসাম্য হেৰুৱা লোকৰ দৰেই
খুবেই হাই উৰুমি কৰে।

সিহঁতৰ মাজত যেন
সংঘাতৰ প্ৰতিযোগিতা চলিছে
যাৰ ফলত ক্ষোভৰ একুৰা জুই
উমি উমি জ্বলিছে
তাৰ প্ৰচণ্ড তাপে
যেন সিহঁতৰ তেজক শুহিছে
সেই বাবেইতো ভয়াতুৰ ভাবত
কোলাহল কৰি চিঞৰিছে।

মনৰ দুখতেই কিবা এটা নিচাত
নিজৰ নিজৰ মাজত কন্দল লাগে
নিজে নিজে হতাহত হৈ পৰে
আকৌ খন্তেক পিছতে
নিজৰ নিজৰ দুখ বুজি
দুখতেই হাঁহি মাৰে আৰু কান্দে
কিবা এটা হেৰুৱাৰ দুখ বেদনাত।

📝নবীন কুৰ্মি
সাপেখাতী, চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)