ইণ্টাৰনেটৰ আৱিষ্কাৰ বৰদান নে অভিশাপ ?

©Admin
0
ইণ্টাৰনেটৰ আৱিষ্কাৰে পৃথিৱীখনক এখন গাঁৱলৈ পৰিৱৰ্তন কৰি পেলাইছে ৷ ইণ্টাৰনেটৰ আগমনে সকলো কাম কাজ সহজ আৰু সৰল হৈ পৰিল ৷
ইণ্টাৰনেট মানৱ জীৱনত প্ৰৱেশ কৰা মাত্ৰে মানুহৰ জীৱনশৈলীয়ে সলনি কৰি দিলে ৷
আৰু ইণ্টাৰনেটৰ অহাৰ লগেলগে নৱপ্ৰজন্ম অত্যাধিক মাত্ৰাত ব্যস্ত থাকিবলৈ ল'লে ৷ 
এতিয়া কোৱা হয় যদি বৰ্তমান ইণ্টাৰনেট নহলে বিশ্ব খন অচল হৈ পৰিব  আৰু মানুহ নিষ্ক্ৰিয় হৈ যাব ৷৷

কণমানি এটাৰ পৰা লৈ নৱপ্ৰজন্ম আৰু মধ্যম বৰ্গৰ লোকৰ মাজত ইণ্টাৰনেটৰ সৰ্বাধিক প্ৰয়োগ কৰা দেখা যায় ৷
কিন্তু যিকোনো বস্তুৰ অত্যাধিক প্ৰয়োগৰ ফলত ইয়াৰ দুঃ প্ৰভাৱো দেখা যায় আৰু এয়া হৈছে ইণ্টাৰনেটৰ অধিক মাত্ৰা প্ৰয়োগৰ ফলত মানুহ পংগু যেন হৈ পৰিছে বিশেষকৈ নৱপ্ৰজন্মৰ কথা কব পাৰি দিনটোৰ দিন ধৰি এওঁসকল লোক ইণ্টাৰনেট জগত সোমাই থাকে ৷ বৰ্তমান জগৰ পৰা লাহে লাহে আঁতৰি গৈ আছে আৰু সেই দিন দুৰ নাই যেতিয়া নৱপ্ৰজন্ম হাত ভৰি নিষ্ক্ৰিয় হৈ পৰিব ৷ খোজ কাঢ়িবলৈ পাহৰি গৈ ভৰিত জথৰ লাগিব ফলত নৱপ্ৰজন্ম দেশৰ ভৱিষ্যতৰ এক  বিৰাট সমস্যা স্বৰূপ হৈ পৰিব ৷
এটা দিশত ইণ্টাৰনেট বৰদান স্বৰূপ আৰু আনটো দিশত অভিশাপ স্বৰূপ ৷
 গতিকে এতিয়া আকু বেছি পলম নকৰি নিজৰ মাজত আৰু নৱপ্ৰজন্মৰ মাজত ইণ্টাৰনেটৰ প্ৰয়োগ কৰাৰ মাত্ৰা কমোৱা উচিত ৷ প্ৰয়োজন অনুযায়ী ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিবলৈ শিকিব আৰু শিকাব লাগে একপ্ৰকাৰে ইণ্টাৰনেট ব্যৱহাৰত এটা সীমা নিৰ্ধাৰণ কৰাটো বাঞ্ছনীয় ৷
সেইয়াই নহয় ইণ্টাৰনেটৰ এনেদৰে অনিয়মিত ব্যৱহাৰে মানুহে মানৱতা কি মৰম চেনেহ কি এই সকলোবোৰ পাহৰি যাব ৷ যিহেতু যিমান পৰিমাণে ইণ্টাৰনেটৰ প্ৰয়োগ হৈছে সিমান পৰিমাণে চাইবাৰ অপৰাধীৰ মাত্ৰাও বৃদ্ধি পাবলৈ লৈছে গতিকে নিয়ন্ত্ৰণ অতি আবশ্যক ৷ 
শেষত ইমানেই কওঁ নিজে সতৰ্ক থাকক আৰু সন্তানসকলকো সুৰক্ষিত ৰাখক ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)