প্ৰেমৰ বোৱতী নৈৰ বান্ধ দিব পাৰিনে

©Admin
0
মই তোমাক ইমান ভাল পাওঁ জুখিব নােৱাৰো ।
ভাল পোৱাৰ যিমান ভাল শব্দ আছে তোমাক দিলো , তুমি দাৰি-কমাবােৰ বহুৱাই ল'বা ।
মই ভাল পোৱাৰ আৱেশত ব্যস্ত এতিয়া ।
তুমি নুবুজিবা নে বুজিবা মই নাজানো ।
মই কিন্তু আৱেশ ভৰা মন লৈ হৃদয়ত তোমাক ভৰাই লৈছাে । তুমি দিয়া প্ৰেম -ভালপোৱাবােৰ পুনৰ নুখুজিবা ঘূৰাই দিয়া বুলি ।  
ঘূৰাব নোৱাৰিম - হৃদয়ে জুমি জুমি তোমাক বিছাৰে । কেতিয়া মাতিবা তুমি লগ ধৰিবলৈ - মাথো তাৰ অপেক্ষাত আছাে । সান্ধ্য আইন জাৰি নকৰিবা । নহলে মই উৰা মাৰিব নোৱাৰিম তোমাৰ ওচৰলৈ । প্ৰেমৰ বোৱতী মনতো - বোৱতী নদীৰ দৰেই দেখোন - বাধা দি ৰাখিব নোৱাৰি । নিশাৰ অন্ধকাৰত তোমাক মনত পেলাই টোপনি যাওঁ আৰু সপোনত লগ পালে দিঠক দিঠক লাগে ৷

🖍মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)