"মনু অ মনু এইফালে আহাচোন "
বাপেকৰ মাত শুনি মনু একেজাঁপে বিচনাৰ পৰা নামি বাপেকৰ ওচৰত পালেগৈ
" দেউতা কওঁকচোন কিয় মাতিছিলে ? "
দেউতাকে খঙৰ ভমকত চুৰীয়াখন তাক দেখোৱাই ক'লে
" মুৰ্খ এইয়া কি আৰু কাম নাপালি নেকি ? পঢ়া শুনাত গুৰুত্ব নিদি এই বেকাৰ কামখিনি কৰি সময় নষ্ট কৰি থাক এনেকৈ হৈ থাকিলে জীৱনত একো কৰিব নোৱাৰি দিন হাজিৰা কৰি দিন কটাব লাগিব তেতিয়াহে গম পাবি ৷ যা অন্য এখন চুৰীয়া লৈ আহ মোৰ ডিউটিলৈ যাবলৈ
লেট হৈছে "
মনৱে লৰালৰিকৈ গৈ অন্য চুৰীয়া এখন আনি বাপেকৰ হাতত দিলে ৷ বাপেকে চুৰীয়াখন লৈ পিন্ধি গুচি গ'ল ৷ মনুৱে দীঘলীয়া উশাহ টানি নিজকে ক'লে
" বুৰ্বক পিতাই তই কি বুজিবি আৰ্ট কি তোৰ বৃটিছৰ গোলামি কৰোতেই জীৱনটো গ'ল কিন্তু মই স্বাধীন আৰ্টিচ কাৰো অধীনত নাথাকো ৷ ( হাত দুখন মেলি ) মই মুক্ত আকাশৰ পখী , মুক্তমনে নীলা আকাশত উৰি ফুৰিম বুলি কৈ সি কল্পনাৰ পৃথিৱীত উভতি গ'ল ৷
আগলৈ•••
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ