আত্মীয়তা

©Admin
0

দীনেশ প্ৰসাদ এজন সফল আৰু প্ৰখ্যাত ব্যৱসায়ী। দিনৰ দিনটো তেখেত নিজৰ ব্যৱসায়ৰ কৰ্মত ব্যস্ত থাকে। আৰু নিজৰ কাম সামৰি গধুলি ঘৰলৈ আহি ফেচবুক, ৱাটছএপত ব্যস্ত হৈ যায় নতুবা বন্ধুবৰ্গৰ লগত নৈশ পাৰ্টিত সময় অতিবাহিত কৰে। আনহাতে পত্নী বিমলা আৰু দুই সন্তান দেউতাকৰ সময়ৰ অপেক্ষাত, মৰমৰ তাগিদাত দিনৰ দিনটো ৰৈ থাকে অথচ সিহঁতৰ আগ্ৰহৰ প্ৰতি দীনেশৰ তিলমানো ভ্ৰুক্ষেপ নাই। নিজৰ কৰ্ম আৰু ভাৰ্চুৱেল জগতৰ ব্যস্ততাৰ মাজতেই এদিন হঠাতে দীনেশৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল। কিন্তু সেইসময়ত পত্নী আৰু সন্তান দুটিৰ বাদে তেওঁৰ কাষত কোনো নাছিল সাহস দিবলৈ। তেওঁলোকৰ মৰম আৰু শুশ্ৰুষাত দীনেশে নিজৰ ভুল অনুভৱ কৰিলে আৰু ভাৰ্চুৱেল পৃথিৱীৰ বন্ধুসকলৰ ব্যৱহাৰিক জীৱনৰ আত্মীয়তাৰ কথাও উপলব্ধি কৰিলে।


🖋️দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)