প্ৰেমৰ পখিলাজনী

©Admin
0
তুমি যুগ-যুগান্তৰ 
প্ৰেমৰে পখিলা|;
উৰি উৰি আহি মোৰ
কাষতে বহিলা ।

সমীৰণৰ তালে তালে
নাচি বাগি ফুৰা;
দূৰণিৰ বাতৰি আনি
কাণে কাণে কোৱা ।

তুমি যুগ-যুগান্তৰ 
প্ৰেমৰ পখিলা;
মোলৈ যদি মনত পৰে
গধূলি আহিবা ।

শেৱালীৰ সুৱাস বিলাই
যোৱা গৈ আঁতৰি;
সুগন্ধি বোৰ বুকুৰ মাজত
লওঁ মই সাৱটি।

তুমি যুগ-যুগান্তৰ 
প্ৰেমৰে পখিলা;
নাহৰণি পাতৰ আঁৰত
লুকা-ভাকু খেলা ।

ফুটুকিয়া সাঁজ তোমাৰ
হেঙুলীয়া ৰেখা;
কেতেকী ৰেণুৰে ঘহা
নাচনী পখিলা ।

তুমি যুগ-যুগান্তৰ
প্ৰেমৰে পখিলা;
উৰি উৰি আহি মোৰ
কাষতে বহিলা ।।

  📝বিনিতা বৰা
    হোজাই জিলা
    লংকা কাকী-৩
    
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)