দিহিং পাটকাই কেৱল এখন বন্যপ্ৰাণী অভয়াৰণ্যহে;তদুপৰি দিহিং পাটকাইক বৰ্ষাৰণ্য বুলি চৰকাৰী নথিভুক্ত এতিয়াও কৰা হোৱা নাই।প্ৰকৃততে,পাটকাই পৰ্বতমালাৰ অধীনত যিমানবোৰ বনাঞ্চল আছে;সেইবোৰত বৰ্ষাৰণ্য হ'ব পৰাকৈ প্ৰায় সকলোখিনি বৈশিষ্ট্য দেখা পোৱা যায়।বৰ্ষাৰণ্য বুলি ক'লে সাধাৰণ অৰ্থত বনাঞ্চলসমূহ সেমেকা বা জেকা হয়।বছৰটোৰ বেছিভাগ সময়ে এই বনাঞ্চলৰ ভিতৰত সূৰ্যৰ পোহৰ খুব কমকৈ পৰে।ইয়াৰ কাৰণ হ'ল এই বনাঞ্চলসমূহত চাৰি তৰপীয়া উদ্ভিদ দেখিবলৈ পোৱা যায়।উচ্চতা অনুসৰি এই গছ-গছনিৰ স্তৰসমূহক ভিন নামেৰে নামাকৰণ কৰা হৈছে।আটাইতকৈ ওখ আৰু তাৰ তলৰ গছ-গছনিয়ে সমগ্ৰ বনাঞ্চলখন এটা ছাতিৰ দৰে ধৰি ৰাখে বাবে সূৰ্যৰ পোহৰ ভিতৰৰ ভূমিভাগত খুব কমকৈ পৰে।ইয়াত গড়ে বৃষ্টিপাত বেছি।এনে বৈশিষ্ট্যৰ বনাঞ্চল পাটকাইৰ পৰ্বতমালাত দেখিবলৈ পোৱা যায়।যাৰবাবে এই অঞ্চলৰ বনাঞ্চলসমূহক বৰ্ষাৰণ্য বুলি কোৱা হয়।এই পৰ্বতমালাত থকা বৰ্ষাৰণ্যসমূহক বুজাবলৈ পাটকাইৰ লগতে দিহিং নদীৰ নামটো সংযোগ কৰি একেলগে দিহিং পাটকাই অভয়াৰণ্য বুলি কোৱা হয়।
প্ৰানজিতে ইমানদিনে একো একোখন অৰণ্যৰ সৌন্দৰ্যহে উপভোগ কৰিছিল,কবিতা ৰচিছিল,কেতিয়াবা মুগ্ধ হৈ শুনিছিল পখীৰ কলতান।কিন্তু পৰ্ণাক লগ পোৱাৰে পৰা সি প্ৰতিখন অভয়াৰণ্যৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰিছে।তাইৰ দ্বাৰা সংগ্ৰিহীত তথ্য, বনাঞ্চলবোৰৰ ওপৰত থকা তাইৰ জ্ঞানে তাৰ ডকুমেণ্টৰীখনৰ বাবে কাম কৰাত যথেষ্ট সহায় কৰিছে।জীৱ-জন্তু ,গছ-গছনিবোৰৰ বিশদ বিৱৰণ আৰু বিভিন্ন তথ্য পৰ্ণায়ে নিজেই গোটাই দিছে।খুব কম বন্ধু থকা আৰু কমকৈ কথা কোৱা পৰ্ণাই আজিকালি তাৰ লগত বহুত কথা আলোচনা কৰে।তাৰ লগত বটানিকেল গাৰ্ডেনলৈ যোৱা,পুথিভঁৰালৰ পৰা তথ্য সংগ্ৰহ কৰা,ফটো সংগ্ৰহ কৰা,কেণ্টিনত গৈ একেলগে চাহৰ সোৱাদ লোৱা,তাৰ বন্ধুবৰ্গৰ লগত চিনাকী হোৱা কামবোৰ লাহে লাহে যেন পৰ্ণাৰ প্ৰিয় হৈ আহিছে।আনকি ৰঙীয়াল মনৰ প্ৰানজিতৰ ৰসাল কথাবোৰত নজনাকৈয়ে তাই হাঁহিবলৈও আৰম্ভ কৰিছে।কিহৰ বাবে এই পৰিৱৰ্তন তাইয়ো নাজানে ।কিন্তু এই নতুন পৰিৱৰ্তনবোৰ তাই ভালপাবলৈ লৈছে।
ক্ৰিং ক্ৰিং......
পৰ্ণাৰ ম'বাইলৰ স্ক্ৰীনত প্ৰানজিতৰ নাম ভাঁহি উঠিল।
"হেল্ল'"
"হেল্ল' পৰ্ণা"
"অ' প্ৰানজিত দা, কওঁক।"
"আজি কেইটামান ভিডিঅ' তোমাক দেখুৱাম ভাবিছিলো,ওলাই আহিবা নে আজি?"
"মই আহিম প্ৰানজিত দা।"
"ঠিক আছে পৰ্ণা,মই অপেক্ষা কৰিম তোমাৰলৈ।"
"okay,bye"
"bye"
প্ৰানজিতে তিনিদিনৰ ছুটি লৈ দিহিং পাটকাইলৈ তথ্য সংগ্ৰহৰ উদ্দেশ্যে গৈছিল আৰু সেই বনাঞ্চলৰে কিছু ভিডিঅ' কেমেৰাত সংগ্ৰহ কৰি আনিছিল।আৰু বহুতো কাম কম সময়ৰ ভিতৰত সম্ভৱ নোহোৱাৰ বাবে তাৰে এটা স্থানীয় ল'ৰাক সেইবোৰ কামৰ দায়িত্ব দি থৈ আহিছিল।সি কৰি অনা ভিডিঅ'বোৰ পৰ্ণাক দেখুৱাবলৈ বুলি সাজু কৰি ল'লে।পৰ্ণাৰ লগত কাম কৰোঁতে কেতিয়ানো দুমাহ পাৰ হ'ল সি ধৰিবই নোৱাৰিলে।প্ৰথমবাৰৰ বাবে একেৰাহে সি তাইক তিনিদিনৰ বাবে লগ নোপোৱাকৈ আছে আৰু এই দিনকেইটাত সবাতোকৈ মিছ কৰা ছোৱালীজনীয়ে হ'ল পৰ্ণা।কেৱল কামৰ সময়ত বুলি নহয় বাকী সময়খিনিতো পৰ্ণাৰ মৰমলগা মুখখনি আৰু তাইৰ কথাবোৰেও তাক আমনি নকৰাকৈ থকা নাই।তিনিদিন নহয় তিনিমাহৰ মূৰতহে যেন সি পৰ্ণাক লগ পাব তেনে অনুভৱ হ'ল তাৰ।অফিছৰ কামবোৰ খৰখেদাকৈ শেষ কৰি সি পৰ্ণাক লগ পাবলৈ যাবৰ বাবে সাজু হ'ল।ঠিক তেনেকুৱাতে পখী আহি তাৰ সন্মুখত ৰ'লহি।
"ক'ৰবালৈ যোৱা নেকি প্ৰানজিত?"
"অ' পৰ্ণাক লগ কৰিবলৈ যাওঁ।ডকুমেণ্টৰী খনৰ লগত জড়িত কেইটিমান ভিডিঅ' তাইক দেখুৱাৰ কথা আছিল আজি।"
"অ' হয় নেকি!কোনোবা আজিকালি ভীষণ ব্যস্ত থকা বাবেই নিজেই খবৰ খাতি ল'বলৈ আহিলো।"
"তুমিতো জানাইচোন মোৰ ডকুমেণ্টৰীখনক লৈ কিমান হেঁপাহ।সেইখনৰ কামতেই এতিয়া দিন ৰাতি একাকাৰ কৰি ব্যস্ত আছো।"
"okay,পিছে কাম কিমান আগবাঢ়িছে?কিবা সহায় লাগিলে আমাকো জনাবা।"
"অলপ অচৰপ আগবাঢ়িছে যদিও এতিয়াও আৰু বহুত কাম বাকী আছে।কাম থাকিলে জনাম দিয়া।এতিয়া মই যাওঁ,পৰ্ণা চাগে ৰৈ আছে।"
"অলপ সময়....."পখীয়ে কিবা ক'ব লৈছিল যদিও সি খৰখেদাকৈ যোৱা দেখি তাৰ ফালে চাই তাই ৰৈ থাকিল।
প্ৰানজিতৰ বাইকখন আহি NESCAFE কফি চ'পৰ সন্মুখত ৰ'লহি।তাতেই চকী এখনত বহি পৰ্ণাই তাৰ বাবে ৰৈ আছিল।এযোৰ নীলা চুৰিদাৰৰ লগত লোৱা বগা চূৰ্ণীখনে তাইক একেবাৰে শুৱাই পেলাইছিল।এই কফি চ'প খনত সিহঁতি আগতেও লগ হয়,সেয়েহে এই পৰিৱেশটো সিহঁতৰ বাবে অচিনাকী নহয়।প্ৰানজিতে পৰ্ণাৰ সৰল মুখখনিলৈ চালে। তাৰ এনে লাগিল যেন বহুদিনৰ পিছত তাইক দেখি সি এতিয়াহে শান্তি পাইছে।হাঁহো নাহাঁহোকৈ থকা তাইৰ মুখখনি দেখি তাৰো মনে মনে হাঁহি উঠিল।
"বহুদেৰি ৰখালো নেকি তোমাক বাৰু?"প্ৰানজিতে সুধিলে।
"নাই,ময়ো অলপ আগত আহি পাইছিলোহে।"
"আচ্ছা,কফিৰ লগত আৰু কি খাবা কোৱা?"
"বেছি একো নালাগে,চেণ্ডুইছ এটা হ'লে হ'ব।"
"okay ৰ'বা,মই অৰ্ডাৰটো দি আহো।"
দুকাপ কফি আৰু দুটা চেণ্ডুইছ অৰ্ডাৰ দি আহি প্ৰানজিত পৰ্ণাৰ সন্মুখৰ চকী খনত বহি ল'লে।বতৰটো গোমা হৈ আহিছিল।এটোপ দুটোপকৈ বৰষুণৰ টোপালবোৰ সৰি পৰিবলৈ আৰম্ভ কৰিছিল।প্ৰানজিতে বেগৰ পৰা পেনড্ৰাইভটো উলিয়াই লেপটপটোত লগাই ল'লে।তাৰপিছত কফি খাই খাই দুয়ো এটাৰ পিছত এটা ভিডিঅ'বোৰ চোৱাত লাগিল।কেতিয়ানো আন্ধাৰ নামি আহিল দুয়ো গমকে নাপালে।গধূলি হৈ অহা দেখি পৰ্ণায়ো ঘৰ যাবলৈ সাজু হ'ল।
"প্ৰানজিত দা,আন্ধাৰেই হ'লহি।বাকীখিনি বেলেগ এদিন চাম নহ'লে।
"ঠিক আছে,ব'লা তোমাক মই ঘৰত থৈ আঁহো।"
পৰ্ণাই চকীখনৰ পৰা উঠি বাহিৰলৈ আহিবলৈ লওঁতেই প্ৰানজিতে পিছফালৰ পৰা মাত লগালে
"পৰ্ণা....আৰু অলপ সময় ৰ'বা নেকি বাৰু?"কওঁ নকওঁকৈ প্ৰানজিতে ক'লে।
"কিয়!!"
"মানে....বাহিৰত বৰষুণ দিয়া বাবে এতিয়া বাইকত গ'লে তিতিবা বুলিহে...."
"মোৰ লগত ছাতি আছিল পিছে,তেতিয়াহ'লে অট'তে যাওঁগৈ নেকি!!"পৰ্ণাই লাজত ৰঙা ছিঙা পৰি তলমূৰ কৰি ক'লে।
"মই থাকোতে তোমাক অকলে যাব দিম বুলি নাভাবিবা।"প্ৰানজিতে বহুত সাহস গোটাই তাইৰ মুখলৈ চাই ক'লে।
"নহয় মানে...."
"পৰ্ণা,তুমি মোৰ ওপৰত বিশ্বাস ৰাখিব পাৰা।"
পৰ্ণাই চাওঁ নাচাওঁকৈ প্ৰানজিতৰ মুখখনিলৈ চাই ৰ'ল।কি যাদু আছে তাৰ কথাত তাই নাজানে।তথাপি তাৰ কথাবোৰ যেন শুনি থাকিবলৈ তাইৰ মন যায়।লাহে লাহে বৰষুণজাক কমি আহিছিল;ৰৈ থকা মানুহবোৰ এজন দুজনকৈ যাবলৈ আৰম্ভ কৰিছিল।পৰ্ণা আৰু প্ৰানজিতো সেই যাবলৈ ওলোৱা মানুহজাকৰ লগত মিলি গৈছিল। মাথোঁ বৰষুণজাক সাক্ষী হৈ ৰৈছিল এনেবোৰ সৰু সৰু কিছুমান অনাকাংক্ষিত মুহূৰ্তৰ সৈতে।
(আগলৈ.....)
🖋️গৌৰাংগিনী নেওগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ