হিয়াৰ বিননি

©Admin
0
হিয়াৰ বিননি বুকুৰ জীয়া জুই
    সচাকৈয়ে এক অফুৰন্ত সমাহাৰ, 
কোনে বুজিব কাৰ মনৰ কথা ।
     স্মৃতিৰ এনাজৰীৰে বন্ধা হিয়া জাৰ
কোনে দেখিছে কাৰ হিয়াৰ জুই,
      কোনে শুনিছে কাৰ হিয়াৰ বিননি।
কিন্তু,
       কিন্তু,
              'ই 'কি আছৰিত....
আমি সন্তানসকলে বুজি পাওঁ
   প্ৰতিটো মাতৃৰ কথা ,
আৰু বুজিপাওঁ হিয়াৰ বননি ,
প্ৰতিটো মাতৃৰ এটাই কামনা মাথো 
     নিজসন্তানক জীৱন বাটত 
          খোজশিকোৱাৰ আছনি।
কিন্তু,
       কিন্তু,
               কি হ'ব.?
জীৱন বাটত খোজ কাঢ়িব পাৰি
  পাহৰে জীৱনৰ অভিনয়,
ক'তজনে ক'ত ৰূপে জীৱনৰ ভাওঁ দি
    ভাঙি ললে মাথো হৃদয় ।
শেষ হ'ল জীৱন নাট 
    পৰিলে যবনিকা,
পুৱতিৰ তৰাও লুকাল,
সসীমৰ ৰূপ তৃষ্ণা অসীমত বুৰ গলে
   সুখ-দুখ বেদনা সকলো হেৰাল ।

                                
 📝 ৰণ জ্যোতি নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)