আপোনাৰ আজিৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                           ১৫ শাওণ,শুক্ৰবাৰ,ইং  ৩১জুলাই ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৫/১৬সূৰ্য্যাস্ত ঘ:৬/৩/১৬

ৰাশি - বৃশ্চিক ৰাশি।ঘ: ৭/৩৮/৪১ যোৱাত ধনু ৰাশি।
তিথি - শুক্লা দ্বাদশী ৰা:ঘ:- ১০/৪৬/১৮লৈ।
নক্ষত্ৰ  - জ্যেষ্ঠা ,ঘ: ৭/৩৮/৩১ লৈ ।
আদ্যঋতু হলে -  প্ৰতিহীনা যোগ।
যাত্ৰা - নৈঋত কোনত নাই। ৰা:ঘ: ১০/৪৬/১৮ যোৱাত দক্ষিণ দিশত  নাই ।
যোগিনী :- নৈঋত কোনত । ৰা:ঘ: ১০/৪৬/১৮ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - এপদ।ৰা:ঘ:১০/৪৬/১৮ যোৱাত নাই ।
ভক্ষাভক্ষ্য -  পূৰৈশাক খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  আজিৰ দিনটোত ভ্ৰমনত শুভ, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সামান্য বিৰোধ হোৱাৰ যোগ দেখা যায়।   
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, সন্মান লাভ হব যদিও সামান্য গৃহ অশান্তি হোৱাৰ   যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশ হব, যদিও কৰ্মত সামান্য বিৰোধ হব পাৰে লগতে সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে শুভ সংবাদ পোৱাৰ যোগ  দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ধন আগমন হব যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ।। আজিৰ দিনটোত প্ৰেমত শুভ,যদিও  কৰ্মত সামান্য জতিলতা বাঢ়িব, লগতে সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, বিদ্যাত শুভ, যদিও ভ্ৰমনত সামান্য বাধাৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও সজাগ নহলে দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে,যদিও সমস্যাৰ সমাধান হব, লগতে ন্যায় প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, যদিও শৰীৰত সামান্য এলাহ বাঢ়িব  লগতে কৰ্মত সজাগ নহলে ক্ষতি  হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সফল হব, মনত আনন্দ বাঢ়িব, লগতে মনত উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, বন্ধুৰ আগমন হব যদিও মনত সামান্য আত্মীয় পৰিযালৰ বাবে চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                          জালুকবাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)