সিদিনাৰ এবুকু যন্ত্ৰণা

©Admin
0
জীৱন ভোগৰ প্ৰয়াসে মোক চুই গৈছিল বুঁকুৱেদি
নিশা তেজ আৰু শিৰাৰ বঁকিয়াইদি বৈ গৈছিল
এটোপাল হেঁপাহৰ তপত চকুলো।
উঁৱলি যোৱা পঁজাটি আৰু আই পিতাই ভাই ভনী
মোৰ হিয়াৰ আমঠু
মই তেওঁলোকৰ বাবেই সপোন দেখো।
সিদিনা পিতায়ে ফোন কৰিছিল
বতাহে জৰ্জৰিত মূধচটোৰ দৰে
কেতিয়াবা মাৰাৰ বুকুৰ বিষটো উকায়
উহ পিতাই আৰু নকবি 
ক'ব নোৱাৰো কেনেদৰে পাৰ কৰিলো
বিষাদৰ সেই সন্ধিয়াটো
কিন্তু সাক্ষী হৈ ৰল সেই কোঙা আবেলিটো,
শেষ নিশাৰ শেঁতা জোনটোৰ দৰে
মাথোঁ নিথৰ হৈ ৰলো।
নিৰুদ্ধেগ হ'ব খোজা সপোনবোৰৰ বাবে যদিও হাঁহিব খোজো
যন্ত্ৰণাৰে স্নায়ু ফালি ফালি চেতনা জোকাৰি গৈছিল
সিদিনা পিতায়ে লিখিছিল ৰঙা বিষাদেৰে 
আই তই কুশলে আছনে
প্ৰত্যুত্তৰত মইনো কি লিখিম 
মইয়োতো সপোনে চেঁপি ৰখা জীৱনে গৰকা 
বেঁকা মৌনতাৰ এটা নৰ কংকালহে।

📝পংখী মৰাণ
     কাকজান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)