নীলা খামৰ চিঠিঃ মোৰ মৰমৰ আলসুৱা পোণাকন

Rinku Rajowar
0
প্ৰতি,
     মোৰ মৰমৰ আলসুৱা পোণাকন

গোপনে ডাকোৱালৰ হাতত দি পঠোৱা চিঠিখনতে মৰম আৰু আশীৰ্বাদৰ টোপোলা এটা বান্ধি পঠালো তোলৈ বুলি । ভালে আছনে তই ?বহুত দিন হ'ল অ' পোনা তোক নেদেখা ,পাৰিলে এবাৰ আহি যাবি চোন । তোৰ এই বুঢ়ীআইতাৰ জনীৰ তোক লৈ বৰ আশা অ'। ভাৱিছো তই মোৰ আশাবোৰ পুৰাবি ।তই চহৰৰ ডাঙৰ কলেজত পঢ়িব যোৱাৰ দিনৰে পৰা মোক চিন্তাই লগ নেৰা হ'ল ,কোলাত লৈ ডাঙৰ কৰা পোনাকণটোৱে কি খাইছে ,কেনেকৈ খাইছে ,চহৰৰ ডাঙৰ ডাঙৰ মানুহ বোৰৰ লগত মিলিব পাৰিছেনে নাই আৰু তাৰ কাপোৰবোৰ কোনে ধুইছে এইবোৰ ভাৱোতেই দিনবোৰ যাই ।তই বাৰু কাপোৰ বোৰ আগৰ দৰে বৰকৈ লেতেৰা কৰি আন' নেকি কলেজৰ পৰা আহোতে ,তোক লগৰ বোৰে সহায় কৰি দিয়ে নাই কামবোৰত ?ছাৰ বাইদেউহঁত মৰমীয়াল নে ? অহ্ পাহৰিছিলোৱেই ,শুনচোন পোনা এইমাহৰ তোৰ হাতখৰচ কেইটাৰ লগত চাগৈ চিঠিখন  দেখি তইয়ো আচৰিত হৈছ' ন ,আচলতে তোলৈ এইবাৰ মই আগৰ দৰে সম্পূৰ্ণ হাতখৰচ পঠাব নোৱাৰিলোঁ । জান' পোনা তোলৈ বুলি পেন্সনৰ টকা কেইটা সেইদিনা চন্দ্ৰৰ লগতে গৈ উলিয়াই আনিছিলোঁ ,তাক মই বাটতে দিছিলো বোলো '' এইকেইদিনতে তই চহৰলৈ যাবি যেতিয়া পোনাকণক এই টকা কেইটা প্ৰতিবাৰৰ দৰেই এইবাৰো তইয়েই দি আহিবি ,তোৰ বাহিৰেনো মোৰ বিশ্বাসী আছে কোন? '',সি আকৌ বোলে ''আপাদেউ টকাকেইটা আপুনিয়েই থৈ দিয়ক মই যোৱা দিনা লৈ যাম আপোনাৰ পৰা ,মোৰ ওচৰত থাকিলে খৰচহে হ'ব '' কথামতে মই ঘৰলৈ আহি মোৰ শোৱাঢাৰিখনৰ তলতে টকা কেইটা থৈ দিলোহি ,কিন্তু আজি চাই দেখো টকাকেইটা ঠাইতে ঢুকাল ।বহু দিনৰে সাঁচতিয়া টকা কেইটামানৰ লগত চন্দ্ৰৰ পৰা কেই কুৰি মান লৈ যোগ দি তোলৈ বুলি এইয়াকে পঠালো ,তোৰ অভাগী বুঢ়ী আইতাৰজনীয়ে তোৰ দায়িত্বও ভালকৈ লব পৰা নাই অ' পোনা ,মাফ কৰি দিবি । তোৰ মাৰ দেউতাৰে তোক মোলৈ গতাই যোৱা দিন ধৰি মই বৰ অকলশৰীয়া হৈ পৰিলো ,সিহঁত দুটা মোৰ চকুৰ মণি আছিল অ' ভগৱানে মোৰ বুকুখন খালি কৰি সিহঁতক লৈ গ'ল । তই মোৰ কাষত থাকোতে সকলো দুখ পাহৰি আছিলো ,তোৰ দায়িত্বতেই নিজৰ কৰ্তব্য শেষ বুলি ভৱা মানুহজনীৰ কথা চিন্তা কৰি তই চহৰলৈ যোৱা আগদিনা যে মোক দদায়েৰৰ ঘৰত থৈ গৈছিলি কথাতো মই বৰ ভালপোৱা নাছিলো ।তোৰ মনৰ চিন্তা এটা কমাবলৈকে মই ইয়ালৈ গুছি আহিছিলো আৰু আজি ইয়াত থকাৰ বাবেই তোলৈ টকা  কেইটাও সম্পূৰ্ণকৈ পঠাব নোৱাৰিলো ।
‌      জান' বোপাই মই যে নিজৰ ঘৰত নাই সেয়ে ইয়াত খোৱা খৰচ দিব লাগে ।বোৱাৰীয়ে খোৱা বাচনকেইটা মইয়ে  পখালিব লাগে ,মোৰ কঁকালটোত বিষ এটাই লগ লৈছে তথাপিও ৰাতিপুৱা শুই উঠি চোতালখন মইয়ে সাৰো ,ইহঁতি মোক এনেইটো নাৰাখে ন সিহঁতৰ ঘৰত ।পু্ত্ৰহীনা মাতৃ এজনীক আশ্ৰয় দিছে ইয়াত বহুত পূণ্যৰ কাম কৰিছে অ' ইহঁতি ।তই পঢ়ি শুনি ডাঙৰ মানুহ হোৱালৈকে মই ইয়াতে থাকিম দে তই চিন্তা নকৰিবি ,তই ভালকৈ পঢ়িবি দেই পোনা ,তোৰ দেউতাৰ ,মাৰৰ বহুত হেঁপাহ আছিল তোক লৈ তই আমাৰ সপোন বোৰ পূৰ কৰিবি মই জানো ।এহ্ মইনো কি কথাবোৰ কৈ আছো তইতো আমাৰ সপোন পূৰাবলৈকে মোৰ পৰা দূৰত আছ ,তেনেস্হলত মই বেলেগকৈ তোক তোৰ দায়িত্ব সোঁৱৰাই নিদিলেও হ'ব ।বাৰু পোনা মই বহুত বেছি কথাই ক'লো নেকি অ' ,চিঠিখন পঢ়ি  চাগে মুখতে ভোৰভোৰাবি এই বুঢ়ীজনীয়েনো কি খন বকি থাকে ,এহ্ তই তেনেকৈ ক'লেও ক'বি মই নাজানো নেকি কিবা তই এইবোৰ মৰমতে কৈ থাক বুলি । অ' দেখিছনে বাৰু ভালকৈ খবৰ ল'বলৈ নহলেই তোৰ ,তই বাৰু ভালকৈ পঢ়া শুনা কৰিছনে ,আৰু লগৰ বোৰ কেনেকুৱা তোৰ দৰেই নে ,বেয়া সংগ নলবি আকৌ গাঁওত কোৱা শুনিছো চহৰলৈ যোৱা ল'ৰাবোৰে বোলে বেয়া সংগ লয় ,বেয়া বস্তু খায় ।মই জানো তই তেনে নকৰ' ,সময়মতে খোৱা বোৱা কৰিবি ,চন্দ্ৰৰ হাততে পাৰিলে চিঠি এখন দি পঠাবিচোন ,মুকুতাৰ দৰে গোটা গোটা তোৰ আখৰকেইটাত এবাৰ হাত বুলাই চাম ,চকু ফুৰাই তোৰ উত্তৰ বোৰ পঢ়িম ।আজিলৈ সামৰোঁ অহা মাহত পাৰিলে টকা অলপ যোগাৰ কৰি দি পঠিয়াম ,এইবাৰ তই এইকেইটাৰে চলিবি দেই বোপাই ।বুঢ়ী আইতাৰৰ আশীৰ্বাদ সদায় তোৰ লগত আছে ।
              
                          ইতি 
                 তোৰ বুঢ়ী আইতা 



 🖋 সন্ধ্যাৰাণী বুঢ়াগোহাঁই ।
     যোৰহাট,টীয়ক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)