মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা

©Admin
0
   নগাঁও চহৰৰ পৰা ১৮ কিলোমিটাৰ পশ্চিমে অবস্থিত বৰদোৱা। বৰদোৱা অসমৰ এক প্রবিত্র তীৰ্থস্থান। বৰদোৱা অতীজত টেম্বুৱানী নামেৰে পৰিচিত আছিল। বৰদোৱাতে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ তথা বৈষ্ণৱধৰ্মৰ প্রৱর্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শৈশৱ আৰু কৈশোৰৰ দিনবোৰ অতিবাহিত কৰিছিল। 
            বৰদোৱাক লৈ এক পৌৰাণিক কাহিনীও জড়িত হৈ আছে। সেই অনুসৰি ভগৱান কৃষ্ণই কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীক হৰণ কৰিবলৈ দ্বাৰকাৰপৰা তীব্র গতিৰে ৰথ চলাই কুণ্ডিল অর্থাৎ বৰ্তমান শদিয়া অঞ্চললৈ আহিছিল। তেওঁ সংগী হিচাপে আছিল ৰুক্মিণীয়ে প্রেৰন কৰা দূত বেদনিধি। তেওঁলোক আহি বৰদোৱা পাওঁতে ৰথৰ তীব্র গতিত বেদনিধি মূৰ্ছা গৈছিল। বেদনিধিক সুস্থ কৰি তুলিবলৈ শ্ৰীকৃষ্ণই লগে লগে ৰথ ৰখয় আৰু বৰাহকুণ্ডৰপৰা পানী আনি গায়ে-মূৰে চতিয়াই দিয়ে। তেতিয়া বেদনিধিয়ে  জ্ঞান ঘূৰাই পায়। বৰদোৱা এৰা সময়ত ঠাইখণ্ডত এটি চিহ্ন ৰাখিবৰ বাবে শ্ৰীকৃষ্ণই ভৰ দি ৰথত উঠে। সেই ভৰত ঠাইখণ্ড বৰ দ হৈ যোৱাত তেতিয়াৰে পৰা ঠাইখণ্ড বৰদোৱা নামেৰে জনাজাত হৈ পৰে। 
       শংকৰদেৱ জন্ম হোৱাৰ পূৰ্বে তেওঁৰ পূৰ্বপুৰুষ চণ্ডীবৰ ভূঞাই বৰদোৱাত গাঁও পাতি থাকিবলৈ লৈছিল। পাছলৈ তেওঁ গাঁওখনত নিজাকৈ শাসন ব্যৱস্থাও প্রৱর্তন কৰিছিল। অসমীয়া কলা-সংস্কৃতিৰ অগ্ৰণী সাধক শংকৰদেৱে বৰদোৱাতে মহেন্দ্র কন্দলী টোলত পঢ়া-শুনা কৰিছিল আৰু বৈষ্ণৱ ধৰ্মৰ পাতনি মেলিছিল। বৰদোৱাতেই গুৰুজনাই প্রথম নামঘৰ স্থাপন কৰা ওপৰি তাল-খোল আদি তৈয়াৰ কৰি, গায়ন-বায়ন আৰু ভাৱৰীয়াসকলক লগত লৈ প্রথম বাৰৰ বাবে ভাওনা পাতিছিল “চিহ্নযাত্ৰা”। 
     ১৫১৬ খ্রীষ্টাব্দত শ্রীমন্ত শংকৰদেৱে ৬৭ বছৰ বয়সত, কছাৰীসকলৰ উপদ্ৰৱত বৰদোৱা ত্যাগ কৰে। সাত কুৰিৰো অধিক কাল বৰদোৱা অটব্য অৰণ্যৰ মাজত পৰি ৰোৱাৰ পাছত, আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত শংকৰদেৱৰ নাতি-বোৱাৰী কনকলতা আইৰ সহায়ত ঠাইখণ্ড পুনৰুদ্ধাৰ হয়। 
      শংকৰদেৱে প্ৰতিষ্ঠা কৰা দৌল মন্দিৰ, শান্তিজান, আকাশীগংগা, কীৰ্তনঘৰ, মণিকূট,চাৰিহাটী,শিলিখা বৃক্ষ আৰু পদশিলা আজিও বৰদোৱাত আছে। 
     ভক্তপ্রাণ ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাৰে১৯৬৪ চনত “শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি” গঠন কৰা হয়  বৰ্তমান বৰদোৱাৰ মুল নামঘৰ বা কীৰ্তনঘৰত সাত-বৈকুন্ঠৰ আৰ্হিৰে সাতখলপীয়া সিংহাসন আছে। ইয়াৰ চাৰিওফালে প্রতি খলপাত  চাৰিটাকৈ মুঠ ২৮ টা নামসিংহ আছে। কীর্তনঘৰত দৈনিক বৈধ্য প্রসংগ নাম কীৰ্তন চলে। কীর্তনঘৰৰ সিংহাসনৰ ওচৰৰ আমহিঘৰৰ ভিতৰত দশম,  কীৰ্তন বা গুণমালা পুথি আৰু ভাগৱতৰ সন্মুখত এগছি অজ্ঞয় বন্তি জ্বলাই ৰখা হয়। কীৰ্তনঘৰত থকা ন খন দুৱাৰে  ন বিধ ভক্তিৰ চিন দাঙি ধৰে। 
     বৰদোৱা কীৰ্তনঘৰৰ চাৰিওফালে ভকতসকলৰ বহাঘৰক চাৰিহাটী বোলা হয়। শংকৰদেৱে তাহানিতে শিলিখা বৃক্ষত আঁউজি  ভাগৱত লিখোঁতে পদচিহ্ন থকা পদশিলা এতিয়াও বৰদোৱাত সংৰক্ষিত হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিৰে অসমৰ ঐতিহাসিক তথা পৱিত্র ঠাইৰূপে বৰদোৱাত যুগ যুগ ধৰি শংকৰী সংস্কৃতিৰ চৰ্চা চলি আছে। বৰদোৱাত শংকৰদেৱৰ তিথি, দৌলোৎসৱ আদি উলহ-মালহেৰে পালন কৰা হয়। সদৌ শেষত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱলৈ ভক্তি পূৰ্ণ সেৱা জনাইছোঁ। 

      জয় জগত গুৰু ।

  📝শ্ৰী লোকেন্দ্র কুমাৰ দাস 
শিৱসাগৰ জিলাৰ সাহিত্য সমাজৰ সাধাৰণ সম্পাদক, তথা অসমীয়া বিভাগৰ সহকাৰী শিক্ষক 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)