এই তিনিটা কাৰণবশত আনে আপোনাক ঠাট্টা কৰে
১/ যেতিয়া আপুনি লোকৰ প্ৰতিটো কথাত হয়ভৰ দিয়ে . যাৰ কাৰণে আপুনি সদায়ে প্ৰস্তুত ,
২/ যেতিয়া আপুনি কাৰোবাক প্ৰয়োজনতকৈ বেছি সময় দিয়ে
৩ যেতিয়া আপোনাক কোনেও মূল্য নিদিয়ে তথাপিও আপুনি সেইজনৰ কাষত যায় ৷
যদি আপোনাৰ বয়স ১৫ ৰ পৰা ৩০ বছৰৰ ভিতৰত তেন্তে এইকেইটা কথা মনত ৰাখিব
১ নিজৰ গুপ্ত কথা কাকো নকব
২ চেষ্টা কৰিব যাতে আপোনাৰ পৰিকল্পনা আপোনাৰ মনৰ ভিতৰতে থাকে ৷ নিজৰ বিশ্বাসীক কব আৰু কৰি দেখোৱাব ৷
৩ ভুল কৰিব আৰু সেই ভুলৰ পৰা শিক্ষা লৈ দুনাই নকৰিব ৷
আপুনি জীৱনত যদি বিশ্বাসঘাকতাৰ মুখ দেখিছে তেনেহলে এইখিনি কথা মনত ৰাখিব
১ /আপুনি সহজে আনক বিশ্বাস কৰি লয়
২ /আপুনি আপোনাৰ সকলো মনৰ কথা আনক কয় পেলাই এনে নকৰিব ৷
৩ /আনক সন্মান দিয়াৰ লগতে নিজকেও সন্মান দিবলৈ শিকক ৷
কিমান বেদনাদায়ক হয় সেই ক্ষণ যেতিয়া আপুনি যি গৰাকীৰ অপেক্ষা কৰি থাকে কিন্তু সেইগৰাকীয়ে আপোনাক মূল্যই নিদিয়ে ৷
কেতিয়াবা আপোনাৰ জীৱন বেয়া সময় এই কাৰণে আহে যাতে আপুনি ভাল মানুহৰ সংগ পাই ৷ কাৰণ এতিয়ালৈকে যিসকল আপোনাৰ জীৱন আছিল সেইসকল স্বাৰ্থপৰ লোক আছিল যি আপোনাৰ বেয়া সময় অহাৰ লগেলগে আপোনাৰ পৰা আতঁৰি গ"ল ৷
গতিকে তেনেধৰণৰ মানুহলৈ ভ্ৰূক্ষেপ নকৰি জীৱনৰ যাত্ৰা পথত এক নৱ উদ্যমেৰে আগবাঢ়ি যাওঁক ৷
যদিহে কোনোবাই আপোনাৰ কথা মানি নলয় আৰু হাঁহি উৰুৱাই দিয়ে তেনেহলে মনত ৰাখিব
১ /কোৱাতকৈ কৰি দেখােৱাটো উত্তম ৷
কাৰণ এই জগত শুনাত কম আৰু দেখাত বেছি বিশ্বাস কৰে ৷
২ /আপোনাৰ যিটো কামক চাই লোকে ঠাট্টা মস্কৰা কৰে ৷ আপোনাক হাঁহিৰ পাত্ৰ সজাই সেই সকলক আওকাণ কৰি লক্ষ্য স্থিৰ কৰি বিশ্বাস আৰু আত্মাবলেৰে কামটোত দেহেকেহে লাগি যাওঁক ৷
৩ আপুনি ব্যতিক্ৰমী পদক্ষেপ লৈ ব্যতিক্ৰমী কাম কৰি দেখােৱাওক চাব যি এদিন আপোনাৰ ওপৰত হাঁহিছিল সিয়ে আপোনাক লৈ গৌৰাম্বিত হব ৷
যদি আপুনি মোৰ এই তিনিটা কথা মনত ৰাখি মানি চলে তেন্তে নিশ্চয় আপুনি জীৱনত সফলতা অৰ্জন কৰিব পাৰিব ৷
১ নিজে কৰা ভুলবোৰত শুধৰণি কৰক
২ এবাৰ বিফলতাৰ মুখ দেখি নিৰাশ নহব আকৌ ন উদ্যমেৰে কৰক বাৰম্বাৰ কৰক যেতিয়ালৈকে সফলতাৰ মুখ নেদেখিব ৷
৩ আনৰ ওপৰত বিশ্বাস কৰাতো ভাল গুণ কিন্ত তাৰ আগতে নিজৰ প্ৰতি বিশ্বাস কৰিবলৈ শিকক ৷
আৰু জীৱনত আন দুটা গুণৰ জন্ম দিয়ক
প্ৰথমটো হ'ল মৌনতা ধাৰণ কৰি আনৰ শুনা দ্বিতীয়টো হ'ল আনক ক্ষমাদান দিয়া ৷
কাৰণ মৌনতাই শুদ্ধ উত্তৰ দিয়ে আৰু ক্ষমাদানে আপোনাক মহানতা প্ৰদান কৰে ৷
আপোনাৰ জীৱনত এনে কিছু লোক আছে যাক আপুনি বিশ্বাস কৰে কিন্ত সেইজনে আপোনাক বিপদত পেলাবলৈ চেষ্টা কৰে ৷
যেতিয়া কিবা কাম কৰি আছে তেতিয়া ঘড়ীলৈ নাচাব কিন্তু যেতিয়া এনেই বহি আছে তেতিয়া ঘড়ীলৈ নিশ্চয় চাব ৷
কাৰণ সময়ৰ শৰ সময়ত মাৰোজনেহে প্ৰকৃত বিজয়ী গতিকে পৰিশ্ৰম খটখটীৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে যি কেতিয়াবা বন্ধ হব পাৰে কিন্তু খটখটী সদায় শিখৰলৈকে থাকে ৷
অহংকাৰ বেয়া গুণ কিন্ত নিজৰ কাম আৰু লক্ষ্যক লৈ অহংকাৰ কৰক ৷
আনৰ আগত শিৰ নট কৰাটো ভদ্ৰতা কিন্ত শত্ৰুৰ আগত শিৰ নট কৰাটো মুৰ্খতা ৷
শুনাৰ লগতে বিবেক আৰু চেতনাকো সক্ৰিয় ৰাখিব নহলে মানুহে অশুদ্ধ আৰু বেয়া কথাও কব পাৰে ৷
সদায় মনক প্ৰস্তুত ৰাখিব জীৱনৰ এক নতুন যুদ্ধলৈ কাৰণ সফলতা আৰ্জিবলৈ যুঁজিবই লাগিব ৷
শক্তিতকৈ বুদ্ধি উত্তম গতিকে পৰাপক্ষত বুদ্ধিৰে জীৱনৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিব ৷
নিজেই নিজৰ নেতৃত্ব কৰিবলৈ শিকক আনৰ নেতৃত্বত জীৱন ধ্বংসও হব পাৰে ৷
আপোনাক প্ৰকৃত ভালপোৱা গৰাকীয়ে আপোনাৰ ভুলটোত গালি পাৰিব আৰু আপোনাৰ শুদ্ধটোত গুণ গাব ৷
মানুহৰ জীৱনটোৱে ৰহস্যময় আৰু আমোদজনক গতিকে সুন্দৰকৈ নিজকে পৰিচালিত কৰি জীৱন অতিবাহিত কৰক ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ