দুঃসংবাদ

©Admin
0

       জোৱানজনৰ নশ্বৰদেহ আহি ঘৰ পালেহি । বিয়াপতা মাত্ৰ তিনিমাহ হৈছে । পত্নীয়ে নিজৰ স্বামীৰ ঢাকি থোৱা দেহটোলৈ একেথৰে চাই আছে । দুফালে দুধাৰি চকুলো । পিতৃ-মাতৃয়ে হিয়া ভুকুৱাই কান্দিছে । চাৰিওফালে মানুহ ,
 কেৱল মানুহ । মানুহৰ মাজৰ পৰা এজন সাংবাদিক আগবাঢ়ি গৈ পত্নীক সুধিলে - আপোনাৰ স্বামীয়ে দেশ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে , এই মুহুৰ্ত্তত আপোনাৰ অনুভৱ ? 
নিৰৱ নিস্তব্ধ হৈ থকা পত্নীয়ে চালাম জনাই একেষাৰেই উত্তৰ দিলে - "
জয় আই অসম" ?

 🖌 বিশ্বজিৎ সূত
      বালিজান, চতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)