জীৱনৰ গতি-০৩

©Admin
0
আবেলি তিনিটা বজাত আমি গুৱাহাটী পালোহি ৷ আমি গাড়ীৰ পৰা নামি আমাৰ বাবে বুকিং কৰি থোৱা হোটেললৈ গৈ কাপোৰ কানি সলাই ৰেষ্ট ল'লো ৷ সন্ধিয়া ছয় বজাত চিনাকি পৰিচয় অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰাতিৰ সাজবো খাই ভাগৰুৱা দেহাক আৰাম দিবলৈ বিচনাত পৰিলোঁ ৷
দ্বিতীয় দিনা ৰাতিপুৱা আঠ বজাৰ লগেলগে গুৱাহাটীৰ আকৰ্ষণীয় ঠাইসমূহ দৰ্শন কৰিলোঁ যেনে চিৰিয়াখানা, তাৰকাগৃহ, সাজো , কলাক্ষেত্ৰ আদি ৷ আবেলি কলাক্ষেত্ৰত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰাতি দহবজাত হোটেললৈ গৈ শুই পৰিলোঁ ৷ তাৰপাছৰ দিনা ষ্টুডিঅলৈ গৈ অনুষ্ঠান পৰিৱেশন কৰিলোঁ এয়া আছিল মোৰ জীৱনৰ প্ৰথম টিভি অনুষ্ঠান মই বহুত উৎসাহী আৰু গুৱাহাটীৰ বিভিন্ন ধৰণৰ জ্ঞানসহ ঘৰলৈ উভতিলো ৷
সচাকৈয়ে এই ভ্ৰমণ মোৰ জীৱনৰ গতিয়ে সলনি কৰি দিলে মই তেতিয়াৰ পৰাই সাহিত্যৰ প্ৰতি বেছি অনুৰাগী হৈ পৰিলো ৷ আগতে মাত্ৰ লিখিছিলো কিন্তু সাহিত্য চৰ্চা কৰিম বুলি কাহানিও ভৱা নাছিলো ৷
আৰম্ভ কৰিলো ভাল ভাল কিতাপ আৰু আলোচনী , ব্যাকৰণ আদি পঢ়িবলৈ কাৰণ সুন্দৰ শব্দ সমষ্টিৰে উত্তম সাহিত্য সৃষ্টি কৰিবলৈ ভাষা জ্ঞান থকাটো অতি মহত্ত্বপুৰ্ণ গতিকে মই এই সাহিত্য সৃষ্টিৰ পথাৰৰ নামি পৰিলোঁ ৷ ফলত আজি এই পৰ্যায়ত উপনীত হৈছোহি ৷ এটা ভ্ৰমণে মোৰ চিন্তাধাৰা লগতে মনোভাৱৰো পৰিৱৰ্তন ঘটালে ৷ হয়তো এইয়াই হৈছে জীৱনৰ গতি অৰ্থাৎ মোৰ জীৱনৰ গতি ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)