অনাকাংক্ষিত অধ্যায়-০৪

Rinku Rajowar
0
কা-বিৰোধী আন্দোলন,মিহিৰপ্ৰাণ গগৈৰ নৃশংস হত্যাকাণ্ড,দিহিং পাটকাইত খনন-অনেক অলিখিত ঘটনাৰ সাক্ষী অসম।সংবাদ মাধ্যমত এইবোৰ ঘটনাৰ বাতৰিয়ে শিৰোনামা দখল কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে।কেতিয়াবা যদি অসম ৰক্ষাৰ্থে আন্দোলন হৈছে,কেতিয়াবা আকৌ খিলঞ্জীয়াৰ অধিকাৰৰ বাবে আন্দোলন,লগতে জৈৱ বৈচিত্ৰৰ  ৰক্ষাৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।সকলোবোৰ যেন অনাকাংক্ষিত সময়ৰ অনাকাংক্ষিত কিছুমান ঘটনা।
"গৌৰী,চকু মুদি কিবা ভাবনাত ব্যস্ত নেকি বাৰু?"
"নাই নাই প্ৰানজিত দা।নীহাৰিকাই দি যোৱা বাতৰি কেইটা মন দি পঢ়ি থাকোতে কেতিয়ানো চকু মুদ খালে গমেই নাপালো।"
"হা হা...পিছে ভবা চিন্তা পিছতেই কৰিবা দিয়া।এতিয়া তুমি মোক সহায় এটাহে কৰিব লাগিব।"
"কেনেধৰণৰ সহায় বাৰু প্ৰাণজিত দা?"
"প্ৰকৃতিৰ প্ৰেমত হাবু ডুবু খোৱা এজন সুন্দৰ সুঠাম যুবকে চিৰসেউজ প্ৰকৃতিৰ মনৰ বাৰ্তাৰ উমান ল'ব বিচৰা বাহিৰে বেলেগ জানো কিবা আশা কৰিব পাৰে,গৌৰী বাইদেউ!"
"তাৰমানে কথা সেইটোহে দাদা।সেইবাবে পখী বাইদেৱে এইবাৰ আপোনাক সহায় নকৰিল যেন পাইছো।"হাঁহি হাঁহি গৌৰীয়ে প্ৰাণজিত দাক জোকাব ধৰিলে।
"কি কৰিবা আৰু।দুজন ভাল বন্ধু যদিও দুটি বেলেগ মনৰ মানুহ যে।এজন মহানগৰীৰ পৰিৱেশত অভ্যস্ত মানুহ আৰু আনজনক আকৌ প্ৰকৃতিৰ বিশাল প্ৰেমে হাতবাউল দি মাতে।"
"উমম!! বুজিছো বাৰু,এতিয়া আপোনাক এজন সেউজ মনৰ মানুহৰ হে প্ৰয়োজন হ'ব সহায়ৰ বাবে,যিয়ে প্ৰেমত এই হাবু ডুবু খাই থকা মানুহজনক বুজিব পাৰিব।"
"হ'ব নেকি গৌৰী,জোকাবলৈ এৰা।আৰু কোৱা সহায় কৰিবানে মোক এই বিষয়ত?"
"নিশ্চয় কৰিম প্ৰাণজিত দা।পিছে আপোনাৰ প্ৰজেক্টৰ মেইন টপিকটো কি?"
"অসমৰ বিভিন্ন বনাঞ্চলসমূহ।এই বনাঞ্চলসমূহৰ সবিশেষ জনাই এখন ডকুমেণ্টৰী বনাম ভাবিছো।কিয়নো আমি আমাৰ  অসমৰ ঐতিহ্যবোৰৰ বিষয়ে এতিয়াও ভালদৰে নাজানো।হয়তো নজনাৰ দোষতেই বা সংৰক্ষণৰ অভাৱতেই হওঁক,আমি আমাৰ আপুৰুগীয়া সম্পদবোৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিছো।এই বিষয়বোৰ সকলোৰে সন্মুখলৈ আনিবলৈ আমি প্ৰয়াস কৰিব লাগিব।
"বৰ ভাল কথা দাদা।কেৱল দিহিংপাটকাইয়ে নহয় পবিতৰা,ডিব্ৰু ছৈখোৱা আদিবোৰো লোকচক্ষুৰ আঁৰত আমাৰ অজ্ঞাতেই বিভিন্ন ধৰণে ধ্বংসৰ দিশলৈ গৈ আছে।"
"কেৱল সেয়াই নহয় গৌৰী;চালেকীৰ দৰে বহু বনাঞ্চল সংৰক্ষণ আৰু সঠিক পৰ্যৱেক্ষণৰ অভাৱত আজিও এলাগী হৈ পৰি ৰৈছে।"
"প্ৰাণজিত দা,মই ভাবিছো এই বিষয়ত  মোৰ বাইদেউ পৰ্ণাই আপোনাক যথেষ্ট সহায় কৰিব পাৰিব।তাই এই বিষয়ৰ বাতৰি সমূহ সংগ্ৰহ কৰি বিশদভাৱে জানিবলৈ চেষ্টা কৰে।"
"হয় নেকি!তেতিয়াহ'লে বৰ ভাল কথা চোন।কোৱা,তোমাৰ পৰ্ণা বাক কেতিয়াকৈ লগ কৰাবা?"
"যেতিয়াই আপুনি আমাৰ ঘৰলৈ যাব বিচাৰে।তাই যদিও একেখন ঘৰৰ একেখন চালৰ তলত বাস কৰে,কিন্তু তাইৰ মনটো নিসংগতা প্ৰিয়হে।"
"মানে??"
"মানে হ'ল তাইও আপোনাৰ দৰেই জনসমুদ্ৰৰ পৰা শত যোজন দূৰত থাকি নিসংগভাৱে প্ৰকৃতিৰ মুক্ত পৰিৱেশত বিলীন হৈ থাকি বেছি ভাল পায়।"
"ৱাহহ!তেতিয়াহ'লে তোমাৰ পৰ্ণা বাক আজিয়েই গৈ লগ কৰিব লাগিব।তেওঁৰ নিসংগতাৰ এটি অংশ হ'বলৈ পালে মই অতিকৈ সুখী হ'ম মিছ গৌৰী।"
"হা হা..ঠিক আছে প্ৰাণজিত দা।আজিয়েই ওলাব।"
     সঁচাকৈয়ে,জীৱনাদিত্য পৰিয়ালৰ প্ৰত্যেকজনেই যেন ভিন্ন হৃদয়ৰ মানুহ।দুখত দুখী,সুখত সুখী হৈ সমুখ সমৰত প্ৰত্যাহ্বান জনোৱা মানুহ তেওঁলোক।ইয়াত যেন কোনো অকলশৰীয়া নহয়;প্ৰতিটো ক্ষেত্ৰত ইজনে সিজনৰ সাৰথিহে হয়।এয়েতো জীৱন--ৰং বিৰঙৰ অনন্য কাহিনীৰ অনন্ত নিদৰ্শন।
     দিনটোৰ সকলো কৰ্মসূচী সামৰি গৌৰী ঘৰলৈ যাব ওলাল।গৌৰীক যাবলৈ ওলোৱা দেখি পখীয়ে মাত লগালে
 "অ'ই গৌৰী,ঘৰলৈ যাবলৈ ওলাইছ' নে?"
"অ' পখী বা।এইয়া ওলালো আৰু,আজি সন্ধিয়াৰ বাতৰি পঢ়াৰ দায়িত্ব নীহাৰিকাৰ ওপৰতহে আছে।"
"ঠিক আছে,আজি তেন্তে মোৰ লগতে ঘৰলৈ যাব পাৰিবি।মইও আজি সোনকালেই ঘৰলৈ যাওঁ।"
"হ'ব বাৰু ব'লক তেন্তে।"
 এনেতে হঠাত ক'ৰবাৰ পৰা ষ্টাফ ৰিপ'ৰ্টাৰ প্ৰানজিত আহি তাহাঁতৰ সন্মুখত ৰ'ল হি।প্ৰানজিতক দেখিহে গৌৰীৰ মনত পৰিল যে আজি তাই তাক তাঁহাতৰ ঘৰলৈ নিয়াৰ কথা আছিল।ধেইত!ইমান কেনেকৈ পাহৰিব পাৰে তাই!এতিয়া তাইৰ ফাট মেলা বসুমতী পাতালে লুকুৱাৰ নিচিনা অৱস্থা হ'ল।
"কি হ'ল গৌৰী,অতিথি নিমন্ত্ৰণ কৰি এতিয়া এনেকৈ পলালে নহ'ব দেই।"
"প্ৰাণজিত দা!!I am sooo sorry.একেবাৰে পাহৰি গৈছিলো।আপোনাৰ কাম শেষ হ'ল নেকি?বল'ক আমি এতিয়া যাওঁ তেন্তে।পখী বা,আপোনাৰ লগত মই আজিও যাব নোৱাৰিলো।বেয়া নাপাব দেই।"
"গৌৰীৰ ঘৰলৈ!!কিয়? কিবা আছে নেকি?"পখীয়ে উৎসুকতাৰে প্ৰাণজিত আৰু গৌৰীৰ ফালে চাই সুধিলে।
"নাই পখী বা।প্ৰাণজিত দাৰ ডকুমেণ্টৰী খনত সহায় লগা বাবে পৰ্ণা বাক লগ কৰোৱা কথা আছিল।তাইয়ো একেই বিষয়ত আগ্ৰহী যে সেইবাবে।"
"অ'হ সেইটোহে কথা।হ'ব বাৰু দে তহঁতি গৈ থাক।"
"পখী,তই ঘৰলৈ ভালকৈ যাবি দেই।যাওঁতে ৰাষ্টাৰ ফুচকাৱালা কেইটাৰ ফালে বেছিকৈ নাচাবি।ঘৰ ওলাবগৈ সেই কেইটা গম পাবি।"
"ঐ প্ৰাণজিত,মাৰ খাবি দেই।ছোৱালীবোৰে ফুচকা খাই কিমান ভালপাই তই ক'ত বুজিবি।"
"এহহ..নাখালেহে পাইছে সেইসোপা।তই গৈ থাক,আমিও আমাৰ যাত্ৰা আৰম্ভ কৰো আৰু মিছ গৌৰীৰ গৃহলৈ বুলি।ব'লা গৌৰী।"
  এইবুলি কৈ প্ৰাণজিতে বাইক ষ্টেণ্ডৰ পৰা তাৰ বাইক খন আনিবলৈ গ'ল।পখীক বাই দি গৌৰীও তাৰ পিছে পিছে গুছি আহিল।পখীও তাক একো নোকোৱাকৈ নিজৰ গাড়ীত আহি বহিলহি।তাই জানে প্ৰাণজিত কেনেকুৱা প্ৰকৃতিৰ ল'ৰা।কাৰো হাক বচন নুশুনা এটা উৎসাহী,নিৰহংকাৰী ল'ৰা।তাই প্ৰায়ে বিচাৰে তাৰ তাইৰ প্ৰতি থকা অনুভৱক বুজিবলৈ।কিন্তু প্ৰত্যেকবাৰে সি যেন তাইক দুখ দিহে আঁতৰি যায়।বহুদিনীয়া বন্ধুত্বৰ নামতে যেন ৰাখি থব খুজে সিহঁতৰ এই সম্পৰ্কটোক।কিন্তু তাই?তাই জানো প্ৰাণজিতক কেৱল বন্ধু সীমনাতে ৰাখি থব খুজে!নাই নোৱাৰে তাই।তাইৰ বাবে প্ৰাণজিত বহুত বেলেগ।কাকো বুজাব নোৱাৰা অন্য এক অনুভূতিৰে সামৰি ৰাখে তাক তাইৰ হৃদয়ত।সিটো নুবুজেই,তাৰ লগতে আন কোনেও পখীৰ হৃদয়ৰ কথা আজিলৈকে বুজিব পৰা নাই।প্ৰাণজিতৰ হৃদয়ত তাইৰ কি স্থান সেয়া তাই নাজানে;তাৰ হৃদয়ত আন কোনোবা ছোৱালীয়ে আগতেই স্থান অধিকাৰ কৰি আছে নেকি সেয়াও তাই নাজানে। কিন্তু তথাপিও পখীয়ে তাক ভাল পায়।স্বাধীনমনা মনটোৰে জীয়াব খোজা তাৰ জীৱনক তাই প্ৰাণভৰি ভাল পায়।এই ভালপোৱাৰ অধ্যায়ৰ আৰম্ভনি কʼত হৈছিল সেয়া পখীয়ে নাজানে। কিন্তু সকলোৰে অলক্ষিতে তাই প্ৰাণজিতক ভাল পায়; এয়াই সত্য।
(আগলৈ....)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)