ৰুণজুন (খণ্ড-১৯)

©Admin
0
কেতিয়াবা কেতিয়াবা ৰুণ ব্যস্ত হৈ পৰে নিজৰ সম্বন্ধীয়ৰ  উৎসৱ পাৰ্ব্বণ , লগুণ দিয়নি, বিয়া -সবাহ আদিত ।
সকলােতে প্ৰায় অকলেই যায় -ঘৰৰ ড্ৰাইভাৰতাে লগত যায় , গাড়ীখন চলাবৰ বাবে  সিমানেই । লাহে লাহে তাইৰ সেই বিলাকতাে বেছি যাবলৈ মন নােযােৱা হ'ল ।
বিয়া আদি খাবলৈ গ'লে লগত নিজৰ মানুহজন গ'লে লগ এটা হয়, প্ৰায়েই মানুহবােৰে শােধে,"  ৰিহণ অহা নাই নাকি" (?) । তাই কিমান সজাই সজাই উত্তৰ দিব, আমনি লাগি গৈছে ।
   তাই লাহে লাহে ৰিহণক বুজিব নােৱাৰাহৈ আহিল- কিয়,  ঘৰলৈ আহিলেও অকল কমপিউটাৰতে ব্যস্ত হৈ থাকে, অকণমানাে মোৰ কাৰণে সময় উলিয়াব নোৱাৰেনে (?) । যিমান কাম হলেও অলপমান সময় কথাওতাে পাতিব পাৰে (?) ।
   তাই এইদৰে এবছৰ লক্ষ্য কৰিছে - এমাহত ২৫ দিন বাহিৰত থাকে আৰু  ৫ বা ৬ দিন  ঘৰত থাকে, কিন্তু ঘৰত থকা সময়কণাে নিজে ব্যস্ত হৈ থাকে অনবৰতে ।
  ##তায়ােতো মানুহ ।  মানুহ অকলশৰীয়াকৈ কিমান দিন থাকিব পাৰে ? ল'ৰা কেইতাইয়াে নিজক লৈয়ে ব্যস্ত মাজে মাজেহে ফােন কৰে ।
##বহুত দিন ধৈৰ্য্য ধৰাৰ পিছত এবাৰ তাই মুকলিকৈ সুধিয়েই পেলালে ৰিহণক," তুমিতাে আজিকালি মােৰ লগত কথাও নাপাতা, নে কি কােনোৱা গাৰ্লফ্ৰেন্ড ওলাইছে নেকি" ?
তাই শুধিবলৈহে পালে ," ৰিহণে যিহে ৰৌদ্ৰমূৰ্ত্তি ধৰি উত্তৰ দিলে ", তুমি কিয় এনেকুৱা অদৰকাৰী কথা  অৱতাৰণা কৰিছা ?
ৰুণ চুপ হৈ গ'ল 🤔।
তাইৰ দ্বিত্বীয়বাৰৰ বাবে  তেনে প্ৰশ্ন শুধাৰ  বাটেই বন্ধ হৈ  গ'ল । এই ঘটনাৰ পিছত তাইৰ অন্তৰ দহি গ'ল। যাৰ   ওচৰত  সীমাহীন প্ৰেম আছিল -সেইজন কেনেকৈ ইমান পৰিবৰ্তন হ'ব পাৰে ? তাই আচৰিত পালে ! ভাবিলে ৰিহণৰ হৈছে কি !
ৰিহণ কেনেকৈ সাথৰ হৈ ৰ'ল ! তাই ভাবি একাে পাৰ নাপালে !
##ল'ৰা  কেইতাৰ সম্পৰ্কেও  একােৱেই কথা নাপাতা হ'ল । তাইৰ মন বহি গ'ল । কি নাই এইখন ঘৰত চাকৰে-নাকৰে , সা - সম্পত্তিয়ে , গাড়ীৰ সীমা সংখ্যা নাই, অভাৱ বােলা একোৱেই নাই - " অভাৱ অকল পত্নীক  অলপ সংগ দিয়াৰ" । "এই সংগ খুজি লােৱা বস্তু নহয়- মৰম বা মনৰ -তান  জােৰ কৰি আদায় কৰা  কথা নহয় "।
  যেতিয়া পুৰুষে  পত্নীক সংগ বা কথাৰে আদান-প্ৰদান কৰিব লাগে বুলি বুজি নাপায়- তেতিয়া সেই তিৰোতা গৰাকীৰ মনৰ অৱস্থা কি হ'ব পাৰে - ভূক্তভােগীয়েহে বুজিব ।
      ৰুণৰ সেই কথাবােৰ ভাবি ভাবি কিবা লাগি গৈছে - কি কথা থাকিব পাৰে (?) মােৰ লগত কথা নপতাৰ । যিমান কাম হলেও অলপতাে কথা পাতিব পাৰে । মনতাে গধুৰ হৈ আহিবলৈ ধৰিলে । কোনাে বস্তুৰ প্ৰতি মায়া- মােহ নোহোৱা আৰম্ভ হ'ল ।
   তাইৰ এনেকুৱা লাগিছে, ৰিহণৰ  ইমান নীৰৱতা কিয় ৰিহণৰ ।
  যদি  মুখ খুলি ক'লেহেতেন," মােৰ নতুন প্ৰেমিকা আছে " তেতিয়াও মই ভাল পালো হয় ।
নীৰৱতাৰ একাে কাৰণ বিছাৰি নাপাই ....তাইৰ... জীৱনতাে ....দুৰ্ব্বিসহ .....
হৈ গৈছে । আৰু কিমান সহিব.........????
----- আগলৈ-------

🖋️মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)