আঠখেলীয়া নামঘৰ

©Admin
0
গোলাঘাট নগৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত ধোন্দৰ আলি হৈ তিতাবৰৰ দিশে কাকডোঙা নৈ পাৰত আঠখেলীয়া নামঘৰ অবস্থিত। নামঘৰটোৰ নাম প্ৰথমতে আধাখেলিয়া আৰু তাৰ পাছত আঠখেলীয়া হ’ব বুলি কোনো কোনোৱে কয়। 
       এক জনশ্ৰুতি মতে, এই ঠাইত এজন অজ্ঞাত কুলশীল সাধুৰ আশ্ৰম আছিল। অটব্য অৰণ্য আৰু হিংস্ৰ জীৱ-জন্তুৰে পৰিপূর্ণ এই স্থনতে সাধুগৰাকীয়ে আশ্রম পাতি বাস কৰিছিল। আহোম ৰাজকোঁৱৰ গদাপাণিয়ে পলাই গৈ প্ৰথমতে এই আশ্রমতে থিতাপি লৈছিল। ১৬৮১ চনত গদাপাণিয়ে এই আশ্ৰম দৰ্শন কৰিবলৈ আহি সাধুগৰাকীৰ কোনো সম্ভেদ নাপায় আঠটা নিৰ্বাচিত পৰিয়ালক আশ্রমখনৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতিপালনৰ দায়িত্ব দিয়ে।কালক্রমত এই আঠটা পৰিয়ালৰ বংশ বৃদ্ধি হৈ একোটা কুৰিত(চুবুৰি) পৰিণত হয়।আঠখেলীয়াত জড়িত হৈ থকা কুৰিসমূহ 
হল— বচা কুৰি, বৈৰাগী কুৰি, ব্রাক্ষণ কুৰি, নাস্থল কুৰি, শালাল কুৰি, কছাৰী কুৰি, বৰাহী কুৰি আৰু কাকতী কুৰি। এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া আৰু পাছলৈ আঠখেলীয়া হয়গৈ। ১৯৫৬ চনত আঠখেলীয়া হৰিমন্দিৰ পৰিচালনা সমিতি গঠন হোৱাৰ লগে লগে হৰিমন্দিৰৰ স্থানী ঘৰ নিৰ্মান হয়। ঊনবিংশ শতিকাৰ সপ্তম দশকৰ পৰা এই মন্দিৰে আঠখেলীয়া নামঘৰৰূপে প্ৰসিদ্ধি লাভ কৰি উত্তৰ-পূৱ ভাৰতৰ এক পৱিত্র তীৰ্থস্থান ৰূপে পৰিগণিত হয়। 
      আঠখেলীয়া নামঘৰৰ গুৰু আসন নামঘৰৰ মাজত প্ৰতিষ্ঠিত। চৌহদত নামঘৰৰ  উপৰি এটা সভাগৃহ, কার্যালয়, পুথিভঁৰাল, অতিথিশালা আৰু এটা পুখুৰী আছে। নামঘৰৰ প্রৱেশপথ কছাৰীহাট, বালিজান, কমাৰবন্ধা আৰু বৰহোলাত চাৰিখন তোৰণ নিৰ্মাণ কৰা আছে। 
       অম্বুবাচীৰ চাৰি দিনৰ বাহিৰে নামঘৰটোত নিতৌ চাৰি প্ৰসংগ চলি থাকে। (প্রাতঃপ্রসংগ, মধ্যাহ্ন প্ৰসংগ, বিয়লি প্ৰসংগ, আৰু সন্ধ্যা প্ৰসংগ)। আঠখেলীয়া নামঘৰত প্ৰতিবছৰে  ভাদমাহত চৈধ্য প্ৰসংগ আৰ্হিৰে পালনাম মহোৎসৱ অনুষ্ঠিত হয়। তদুপৰি আঠখেলীয়া নামঘৰত বৰ সবাহ, পানী তোলা সবাহ, নামলোৱা সবাহ, ন-চাউলৰ সবাহ, ৰাজ মহোৎসৱ, বৰষা ভাওনা, অখণ্ড ভাগৱত পাঠ, বিষ্ণু যজ্ঞ, ধর্মালোচনা সভা আদি প্ৰতিবছৰে অনুষ্ঠিত হয়। 
      জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত প্রর্থনা জনাইছোঁ। 

  📝লোকেন্দ্র কুমাৰ দাস
অসমীয়া বিভাগ তথা 
শিৱসাগৰ জিলাৰ সাহিত্য সমাজৰ সাধাৰণ সম্পাদক, শিৱসাগৰ অসম। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)