ৰোজা

©Admin
0



"ঐ ৰচিদ,তই বোলে আকৌ ঘৰলৈ যোৱাৰ কথা আছে অহাটো সপ্তাহত; তই দেখোন ঘৰলৈ যাবলৈ বিশেষ একো যা-যোগাৰ কৰাই নাই।" -হাচিমৰ ৰচিদৰ প্ৰতি কৌতূহলী প্ৰশ্ন। "নাই অ', যামতো কিয় নাযাম; কিবা যেন আম্মিৰ চকুৰ মণিকেইটাৰ তলত পানী মোহাৰি-মোহাৰি স্থায়ীভাৱে থিতাপি লোৱা আঁচবোৰে মোক শিথিল কৰি পেলায়।"
   গৌহাটীত কাগজ কল এটাত উজনিৰ ডিবৰুৰ দুটা ল'ৰাই কাম কৰে, ৰচিদ আৰু হাচিম; ছয় বছৰৰ কুৰিটা দিনত কাইলৈ ভৰি দিব। ৰচিদৰ আব্বাৰ গা বেয়া, সেয়ে তাৰ ডাক আহিছে; যাব লাগে। মাহেকৰ মূৰত ছকুৰি টকা পায়; তাৰেই চাৰি কুৰি ঘৰলৈ পঠিয়াব লাগে। ৰচিদৰ আব্বাৰ কাৰণে এই গৌহাটী পালেহি, অসুস্থতা যোৱা দহ বছৰ ধৰি।ৰচিদ,হাচিম দুয়োটা বংশৰ তেজৰ ল'ৰা। চাৰিটা শ্ৰেণী ছবছৰতো শেষ কৰিব নোৱাৰি দুইটাই গাঁৱৰ চাচা এজনৰ পৰা পম খেদি গৌহাটী ওলালহি। চাচাজনেও কথা পেলাব নোৱাৰি দুইটাকে কাগজ কল এটাতে ভৰাই দিলে। সৌ তেতিয়াৰ পৰাই দুয়োটাৰ শোৱনিকুঠা এটাই হ'ল।
      অৱশেষত কামনা কৰাৰ চাহিদাত সেই সপ্তাহটো আহিল। ডিবৰুমুৱা ঘেৰ-ঘেৰ ৰেলখনিত ৰচিদে ঘৰ অভিমুখে ৰাওনা হ'ল। যাত্ৰাৰ কোবনিত ৰেল খনৰ ঘেৰ-ঘেৰণি, মানুহবোৰৰ বিৰাটকায় শব্দৰ বিশৃংখল, ৰেলখনৰ উত্তৰা-দক্ষিণাৰ প্ৰতি আকৰ্ষণে চঞ্চলতাপূৰ্ণ দেহৰ ইফাল-সিফাল কম্পনে ইতিমধ্যে ৰচিদৰ পেটত অ'তদিনৰ পৰা থিতাপি লোৱা নিগনিটোৰ লৌৰা-ঢপৰাই গাটোক কাবৌ কৰিছে! ৰুটি এটোকোৰাৰ চাহিদা। ওখহা পৰা কামিজটোৰ দ' জেপৰ তলিলৈ মাত্ৰ একুৰি পইচাৰ ওজন। সেয়ে কিবা এটা কিনিবলৈ হাত ভৰালেই ইফালে আব্বাজানৰ হাস্পতালৰ সান্তনা যতি পৰিব।তাৰ মগজুৰ ভৰে পেটতকৈ তেজৰ চাহিদা বেছি বুলি কৈছে। পাৰিলে; ডিবৰু ষ্টেচনত ৰেলৰ ভেকুৱাম ব্ৰেকে চাপ পালে।
    পাৰ্থিৱ বোজাটো কান্ধতে আঁৰি ষ্টেচনৰ ইটো মূৰে ঘৰলৈ বুলি খোজৰ দিশ টোৱাইছে হে মাত্ৰ হঠাতে পাছফালৰ পৰা কাৰোবাৰ শব্দৰ তৰংগ! আব্দুলৰ চিঞৰ। আব্দুল শৈশৱৰ বন্ধু। সি এই ষ্টেচনৰ পৰা সিহঁতৰ গাঁওখনলৈ যাবলগীয়া যাত্ৰীক তাৰ ঘোঁৰা গাড়ীখনেৰে লৈ যায়, কিছু পইচাৰ সংগ্ৰহ হয় তাৰ। মোৰ বোজাটো নি তাৰ ঘোঁৰাশালক ভৰ দিলেগৈ। তাক ক'লো,"তই গাঁৱৰ আমাৰ চামৰ উমৈহতীয়া বিশেষণ "বেকাৰ" শব্দটোক প্ৰত্যাহ্বান জনাই আহিছ'; তই ভালেই কৰিছ' দে।" কথাৰ বৈচিত্ৰ্যতাক উদঙাই দি দুয়োটাই গমনৰ পথত ডেকা যৌৱনৰ কাৰোবাৰ চাহিদাৰ কথাও ঠাই পূৰাই লৈ সময়কণৰ আমেজ ল'লো।
      পদূলিৰ মূৰতে চাবোকৰ কোবত ঘোঁৰাশালে এটি মৃদু শব্দ কৰি মোক অভিবাদন জনাই সান্ত হৈ ৰৈ গ'ল। অতিৰিক্ত ষোল্ল অনাটো আগবঢ়াই দিছিলোঁ যদিও সি নল'লে; ক'ত নো ল'ব, তেজৰ মিহলি নহ'লেও আত্মাৰ মিলন কোনোবা এখিনিত আছে তাৰ স'তে।
      আম্মিজান আহি বোজাটো কঢ়িয়াই লৈ ভিতৰলৈ গ'ল। ছাদৰ আকাশত মই সাজি থৈ যোৱা হেন্দালিখনত ঘোণৰ দাত দেখিছোঁ; সলাবলৈ হ'ল। আম্মিক পেটৰ কথা দহাই ক'লো; শুনিলেও, কিন্তু কিবা যেন অসন্মত ইংগিত! কথাটিত বৰ বেছি মজি নৰ'লো। পোনছাটেই গৈ হাত-ভৰিৰ ধূসৰ আঁচবোৰ পখালি ঘৰ সোমাইছো; আম্মিৰ চকুৰ ছেলাউৰিৰ তল ভাগত তেতিয়াও চেলেকা-চুবিয়া অনুৰূপ অনেক আঁচৰ সমাহাৰ! মচি-কাচি ‌লুঙিখন নাৰিকলৰ বাকলিৰে আঁতি-আঁতি তৈয়াৰী ৰছীডালত ওলোমাবলৈ পাৰ্যমানে চেষ্টা কৰোঁতেই চাউলৰ বাকেটটোৰ তলিফালে কেইটিমান বগাপোহৰৰ ৰেঙণি দেখিলোঁ। বুজি পালোঁ আম্মিৰ চকুৰ ছেলাউৰিৰ তল ভাগত মোক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা আঁচ কেইডালৰ বিড়ম্বনা!
     এতিয়া কি কৰোঁ! পকেট শুৱনি কৰি ৰখা একুৰি পইচাই মোৰ পেটৰ চাহিদাক আব্বাজানৰ তেজে কেনেকৈ পূৰ কৰে? আগফালৰ বাৰাণ্ডাৰ পৰা ছালেমাই আম্মিক অহা বুধবাৰৰ বাবে ৰমজান আৰম্ভ হোৱাৰ কথা কাণ চোৱাই গ'ল ৷

📝হোমেন গগৈ (নচিকেতা)
সোণাৰি মহাবিদ্যালয়
         চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)