ক'ভিড -১৯ আৰু ডিজিটেল অভ্যুত্থান

Rinku Rajowar
0
২০২০ বৰ্ষটোৱে বিশ্ববাসীক এনে বিভীষিকাময় সময়ৰ যে উপহাৰ দিব কোনে জানিছিল। হঠাৎ আৱিৰ্ভাৱ হোৱা অচিন ব্যাধি কৰ'ণা ভাইৰাছে লক্ষ লক্ষ মানুহৰ প্ৰাণ কাঢ়িলে আৰু ই কিমান দিনলৈ অব্যাহত থাকিব সেইয়া সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। আমি কেতিয়াও কল্পনা নকৰা মহামাৰীৰ আৱিৰ্ভাৱে মানৱ সমাজৰ প্ৰতিটো শ্ৰেণীক দি গ'ল এক নৱ অভিজ্ঞতা। মানুহে মানুহৰ পৰা আঁতৰত থাকি, নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আয়ত্ব কৰিবলৈ ধৰিলে জীয়াই থকাৰ নতুন নতুন কৌশল। বিশ্ব স্বাস্থ্য সংস্থাই ক'ৰণাক মহামাৰীৰূপে গণ্য কৰাৰ লগতে বিশ্ববাসীক কিছুমান বিধি মানি দিছে যাৰ পৰা মানুহে ক'ৰণা ভাইৰাছ বা ক'ভিড -১৯ ৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। তাৰে ভিতৰত অন্তত: বিশ ছেকেণ্ড ধৰি হাত ধোৱা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা,  মাক্স পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা ইত্যাদি ইত্যাদি। মানুহৰ মাজত প্ৰচলিত হ'বলৈ ধৰিলে কেতিয়াও নুশুনা কিছুমান শব্দ যেনে ছ'ছিয়েল দিষ্টেনছিং, ল'ক ডাউন, কুৱাৰেনটাইন আদি। কালৰূপী ক'ৰণাৰ দৰে ভয়াৱহ মহামাৰীৰ পৰা আক্ৰান্ত হোৱাৰ পৰা বাচিবলৈ  মানুহৰ মাজত একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব মানি চলা। বিশ্ববাসীও নিজৰ জীৱন ৰক্ষাৰ বাবে শাৰীৰিক দূৰত্ব  বজাই থাকিবলৈ ল'লে। মানুহে মানুহৰ পৰা শাৰীৰিক দূৰত্ব  বৰ্তাই ৰাখিলেও ইজনে আনজনৰ প্ৰতি থকা আবেগ- অনুভূতি বা মানসিক সম্পৰ্কৰ   কিন্তু সলনি নহ'ল। কাৰণ মানুহে ইজনে আনজনৰ পৰা ব্যৱধান মানি চলিল যদিও ডিজিটেল টেকন'লজিৰ জৰিয়তে  অব্যাহত ৰাখিল যোগাযোগ। ঘৰৰ ভিতৰতে আৱদ্ধ হৈও দৈনন্দিন কৰি গ'ল নিজৰ নিজৰ কৰ্ম। প্ৰযুক্তিবিদ্যাৰ সহায়তে ঘৰত থাকিয়েই অফিচৰ কাম, দৈনন্দিন কচৰৎ,মানুহৰ মাজত যোগাযোগ সকলোবোৰ কাম নিয়াৰিকৈ কৰি গৈ থাকিল। 

 অৱশ্যে উন্নত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে ক'ভিড - ১৯ ৰ সময়খিনি অতিবাহিত কৰাটো  পশ্চিমীয়া দেশবোৰৰ বাবে কোনো আশ্চৰ্যজনক কথা নহয়। কাৰণ তেওঁলোক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ক্ষেত্রত পূৰ্বৰে পৰাই অভ্যস্ত। কিন্তু ৭৪ শতাংশ শিক্ষিতৰ হাৰ থকা ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশখনত য'ত ২৬ শতাংশ লোক এতিয়াও শিক্ষাৰ পোহৰৰ পৰা দূৰৈত। তেন্তে অৱস্থাতো ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে ডিজিটেল প্ৰযুক্তিবিদ্যাৰ অভ্যুত্থান ঘটাইছে বুলি নিশ্চয়কৈ ক'ব পাৰি। ICUBETM  ৰ তথ্য মতে  এই বৰ্ষত ভাৰতত সক্ৰিয়ভাৱে ৬৩৯ মিলিয়ন হ'বগৈ ইণ্টাৰনেটৰ ব্যৱহাৰ। গতিকে কৰ'ণাৰ সৈতে যুঁজিবলৈ  ল'ক ডাউনৰ সময়ছোৱাত মানুহে আয়ত্ব কৰিলে স্মাৰ্ট ফোন বা স্মাৰ্ট টেকন'লজিৰ ব্যৱহাৰৰ কৌশল। পূৰ্বতে কেৱল প্ৰয়োজনতহে ব্যৱহাৰ কৰা ম:বাইল ফোনটোৱে হৈ পৰিল অধিক সংখ্যক লোকৰ একমাত্ৰ সাৰথি। বিভিন্ন এপ'ৰ ব্যৱহাৰ কৰি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অব্যাহত থাকিল প্ৰফেচনেল কাম- কাজ,  ব্যৱসায় সম্পৰ্কীয় আলোচনা,  চৰকাৰী সিদ্ধান্ত ইত্যাদি ইত্যাদি। Zoom, Slack, Prognosis,  Workplace application app ইত্যাদিবোৰ দৈনন্দিন কামকাজৰ আহিলা হৈ পৰিল। Peloton, Pure Gym, Fly Ldn ৰ সহায়ত মানুহে নিজৰ স্বাস্থ্যক সুস্থ সবল কৰি ৰাখিবলৈ নিয়মীয়াকৈ কচৰতো কৰি গৈ থাকিল। পৰিয়ালৰ সদস্য, বন্ধু - বান্ধৱীৰ মাজতো  পাৰস্পৰিক যোগাযোগ অব্যাহত ৰাখিবৰ বাবে ব্যৱহাৰ কৰিলে Virtual  Pub Quizzes, Club Nights ইত্যাদি এপ'ৰ ব্যৱহাৰ। ছাত্ৰ- ছাত্ৰীসকলেও অনলাইন সেৱাসমূহৰ জৰিয়তে নিজৰ ক্লাছবোৰ কৰি গৈ থাকিল। প্ৰাক - প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈকে, ছাত্ৰ- ছাত্ৰীৰ লগতে শিক্ষাগুৰুলৈকে সকলোৰে বাবে স্মাৰ্ট ফোন প্ৰয়োজনীয় হৈ পৰিল। সামাজিক মাধ্যমসমূহৰ জৰিয়তে ভিন্ন ভিন্ন সোৱাদৰ উপভোগেৰে অৱসৰ বিনোদনৰ সমান্তৰালকৈ নিজৰ প্ৰতিভাসমূহৰ বিকাশৰ বাবেও  অৱকাশ পালে। অনলাইনৰ জৰিয়তেই বহু গৱেষক, অধ্যাপকে কৰি আছে গৱেষণামূলক কাম কাজ। বিভিন্ন এপ ৰ জৰিয়তে ৱেবিনাৰ  (webinar) আলোচনা ইত্যাদি অনুষ্ঠিত কৰি চিন্তাৰো আদান -প্ৰদান হ'বলৈ ধৰিলে। 

মুঠতে শাৰীৰিক ব্যৱধানৰ সীমাবদ্ধতাত ভাৰ্চুৱেল পৃথিৱীৰখনেহে মানুহক ব্যস্ততাৰ মাজেৰে ইতিবাচক চিন্তা - ধাৰণাৰ আদান প্ৰদানেৰে নতুন আশাৰ সঞ্চাৰ কৰিবলৈ উদগনি যোগাইছে বুলি ক'ব পাৰি। প্ৰযুক্তিবিদ্যাই এনে এক পৰিৱেশৰ গঢ় দিছে যাৰ ফলত দেশসমূহে সম্প্ৰতি ক'ভিড- ১৯ য়ে সৃষ্টি কৰা সংকটৰ মোকাবিলা কৰাৰ ক্ষেত্রত  কিছু  হ'লেও সহায়ক হৈছে। ক'ৰণাৰ বিভীষিকাই মানৱ সমাজক এক নতুন ভৱিষ্যতৰ পূৰ্বাভাস দিছে। প্ৰতিষেধক নোলোৱালৈকে আমি পৰিস্হিতিৰ স'তে খাপ খুৱাকৈ নিজকে প্ৰস্তুত কৰিবই লাগিব। কঠোৰ সময় আৰু কষ্টকৰ অৱস্থাৰ মাজতো আমি অনুসন্ধান কৰিব লাগিব অনুকুলতাৰ।আধুনিকীকৰণৰ জৰিয়তে বাস্তৱ সমাজৰ বিভেদবোৰ নিৰসন কৰি সমাজৰ উন্নয়ণৰ হকে উন্নত প্ৰযুক্তিবিদ্যাক ব্যৱহাৰ কৰিব লাগিব। 

 শেষত, ক'ভিড- ১৯ ৰ সময়ছোৱাত অভ্যুত্থান ঘটা ডিজিটেল প্ৰযুক্তিবিদ্যা বিশ্ববাসীৰ বাবে মহামাৰী যুঁজৰ অস্ত্ৰ হওক।মৃত্যুৰ  বিভীষিকাই আতংকময় কৰি ৰখা মানৱ সমাজখনক নতুন গতি প্ৰদানেৰে উন্নয়নৰ শিখৰ স্পৰ্শ কৰাৰ এক আহিলা হওক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)